লক ডাউনৰ সময়ত আৰ্থিক সংকটৰ বাবে দৰং জিলাৰ বুঢ়া আৰক্ষী চকীৰ অন্তৰ্গত কেন্দুগুৰী গাওঁৰ কৰ্কট ৰোগী ক্ষীতিকান্ত শৰ্মা ৰ পৰিয়ালৰ ৪ জন সদস্য দিনটো অনাহাৰে আছিল। উল্লেখযোগ্য যে ক্ষীতিকান্তৰ কনিষ্ঠ পুত্ৰ বিশেষ ভাবে সক্ষম।
খবৰ টো দৰং আৰক্ষী য়ে পোৱা মাত্ৰই দৰং অতিৰিক্ত আৰক্ষী উজ্জ্বল প্ৰতীম বৰুৱা আৰু পাথৰুঘাট আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাই ঘৰখনত উপস্থিত হৈ খাদ্য সম্ভাৰ যোগান ধৰাৰ উপৰিও কিছু আৰ্থিক সাহাৰ্য ও প্ৰদান কৰে।