……ডাঃ আজিমুদ্দিন আহমেদ…..
অ মইনা অ’ মইনা জোলোঙাত তোমাৰ কি?
মামাই দিছে পকা জাম আনিছোঁ গণি গণি ।
আম আপেল আঙুৰ আৰু নাগফল,
বতৰত খালে পাবা সিংহৰ সম বল ।
কমলা কলা-জামু আৰু কল,
ঈশ্বৰ সৃষ্ট সকলো যেনে: জাম কঠাল,
মৌচুম্বী ডালিম পানীফল ইত্যাদি পনিয়ল,
খাই উঠি নাখাবা লগে লগে জল ।
সময় পালে মামাৰ ঘৰলৈ যাবা বাট বুলি ,
জেঠ বহাগ মাহত আনিবলৈ ফলৰ পুলি ।
ঘৰৰ চৌপাশে ৰুই দি সময়তে দিবা পানী,
বছৰে বছৰে ফল দিব, খাবা আনি চিঙি