….লিখক: প্ৰাণেশ্বৰ শৰ্মা…..
সপোন দেখি কোনেনো ভাল নাপায় !ময়ো দেখিছিলো সপোন। প্ৰথম বিভাগত যেতিয়া মেট্ৰিক পাছ কৰিলো, সপোনবোৰে তেতিয়া ডেউকা মেলিলে। মা দেউতায়ো সপোন দেখি আছিল, মোক হাকিম সজাৰ।এতিয়া আৰু মা দেউতাক কোনে পায়!! ল’ৰাই প্ৰথম বিভাগ পালে।গতিকে হাকিম হোৱাৰ পথত এখোজ আগবাঢ়িলেই। গাৱত থাকি পঢ়া শুনা কৰিলে আল্টু ফাল্টু মখাৰ লগত পৰি পঢ়া শুনা বৰবাদ হব।আমাৰ লৰাই এইমখাৰ লগত থাকি গাৱলীয়া ভূত হৈ থাকিবনে। গতিকে নাম লগাই দিলে চহৰৰ কলেজ এখনত।টালি টোপোলা বান্ধি চহৰ পালোগৈ। ঘৰ ভাড়া কৰি থাকি এবছৰ পঢ়িলো।কিন্তু প্ৰথম বিভাগ পোৱা আন বহুতৰ দৰেই হল মোৰো গতি। বিজ্ঞান শাখাত ঢোক লব নোৱাৰি আহিলো কলা শাখালৈ। ইফালে চহৰৰ মায়াই বাৰুকৈয়ে আচ্ছন্ন কৰিলে মোক।মই বাৰু গাৱত জন্মিছিলো কিয়। চহৰৰ আদৱ কায়দাত ভালকৈয়ে অভ্যস্ত হৈ পৰিলো। চহৰীয়া বন্ধু বোৰৰ তুলনাত গাৱৰ বোৰ কি যে আউটডেটেদ!! মা দেউতাকো এই নিচাই ভালকৈয়ে লম্ভিছিল। মা ই আজিকালি যা তা তিৰোতাৰ লগত ভালদৰে কথাই নাপাতে। কিয় পাতিব।দুদিন পিছত লৰা হাকিম হব। কথা পাতিলেও চহৰীয়া ষ্টাইলত পাতে। মা হতে সাধাৰণতে আমাৰ থলুৱা কথিত ভাষাত কথা পাতে। কিন্তু আজিকালি লিখিত ভাষাত কথা পাতিবলৈ ললে।দুই এটা ইঙ্ৰৰাজী কবলৈও চেষ্টা কৰে।কোনোবা ই মুখটিপি হাহিলে ঈৰ্ষা কৰা বুলি ভাবি গৰ্বত ওফন্দি উঠে। বন্ধৰ সময়ত মই ঘৰলৈ আহো। কিন্তু দুদিন থাকিয়েই যাবলগীয়া হয়। মা ৰ দূৰ্ঘোৰ আপত্তি।গাৱত বেছিদিন থাকিলে বেয়া হম। লৰাবোৰে আহি লগ হৈ নষ্ট কৰিব।
এবাৰ গৰমৰ বন্ধত আহোতে দেউতাই পাচিলে পথাৰলৈ চাহ লৈ যাবলৈ। মা ই জেকজেকাই উঠিল। “”ইচ, লিকিৰাটো ইমাদিনৰ মূৰত ঘৰক আইছি, তাক ইতা পথৰক খেদবাহে ওলছানে? বোকা পানী খচিলি চৰ্দি লাগবু, জোকে ধৰবু। মোৰ লিকিৰাই পথৰৰ কাম কৰি ভাত খুৱবা নালগেইদে””” এনেকৈ টাউনত থাকি এম্ এ পাছ কৰিলো।পাছ কৰাৰ পাছতো টাউনতে থাকি ইন্টাৰভিউ দিবলৈ আৰম্ভ কৰিলো।কিন্তু ক’তো দেখো একো নহয়।সপোনবোৰ ক্ৰমান্বয়ে কৰ্পূৰৰ দৰে উৰি যাবলৈ ধৰিলে।ডাঙৰৰ পৰা ক্ৰমে সৰু ইন্টাৰভিউ দিবলৈ ধৰিলো। কিন্তু চবতে ফেইল। ঘৰৰ পৰাও চাপ্লাই কমি আহিবলৈ ধৰিলে। এটা সময়ত টালি টোপোলা বান্ধি পালোহি ঘৰ। ঘৰত দুদিনমান শুই বহি কটালো।কিন্তু সঙ্স্থাপনৰ।চিন্তাই খুলি খাব ধৰিলে।সুখ দুখৰ ভাগ বটোৱাৰা কৰিবলৈ গাৱত লগ বন্ধুও কোনো নাই। চবৰে কাৰণে মই আচহুৱা। মই ধোৱা কোৱা দেখিবলৈ ধৰিলো।গাৱৰ লৰাবোৰৰ লগত নিজকে তুলনা কৰি চালো।বৰ্তমান সিহত কি আৰু মই কি।সিহত কৰ্মঠ।প্ৰতি মূৰ্হূত্ততে সাজু থাকে যিকোনো কামৰ বাবে। আৰু মই?সিহতে কষ্ট কৰি নিজৰ প্ৰয়োজন পূৰাইছে, পৰিয়ালক সকাহ দিছে, আৰু মই??সিহতৰ কেবাজনেও বাইক লৈছে, চাৰিচকীয়া লৈছে, আৰু মই??? মোৰটো এখন চাইকেলো নাই!! সিদিনা মা ৰ মুখত কোৱা শুনিলো, হৰো কলিতাৰ পুতেক দিগন্তই বোলে আনৰ ঘৰত হাজিৰা কৰি পঢ়িছিল।সি বোলে এতিয়া ডাঙৰ অফিচাৰ। আৰু মই??? মই এতিয়া কি? এইটো প্ৰশ্নৰ উত্তৰ বিছাৰি মই হাহাকাৰ কৰি উঠিলো । এদিন দেউতাই কলে এবাৰ পথাৰৰ পৰা আহিবলৈ। মই বোলো আমাৰ পথাৰ কোনফালে? দেউতাই দেখো এটা দীঘল হুমুনিয়াহ এৰিলে। ইফালে দেউতাৰ দেহা পৰি আহিছে।আগৰ দৰে কাম কৰিব নোৱাৰে। মা দেউতাই দেখো আজিকালি মোৰফালে বেলেগ ধৰণে চায়। মা ই তো এদিন কৈয়ে পেলালে—–“বাপা, কিবা এটা কৰ”” কিবা এটা কৰ। মোৰ কানে ভমভমাবলৈ ধৰিলে। কিবা এটা কৰ। কি কৰিব পাৰিম মই? কিহৰ লায়েক মই? কিবা এটা কৰাৰ ৰাস্তা এটা ওলাল।ইতিমধ্যে গাৱত মোৰ দুই এজন বন্ধু গোট খাই লৈছে।সিহতৰ লগ লাগি আৰম্ভ কৰিলো মন্ত্ৰী এমেলেৰ নেগুৰ মুচৰিবলৈ।ইলেকচন আহিল।এজন প্ৰাথীৰ হকে দেহে কেহে খাটিলো।আৰ তাৰ লগত মাৰপিটো কৰিলো।আমাৰ প্ৰাথী জিকিল।ওলাই গ’ল আমাৰ চলাৰ ৰাস্তা।দুই এটা ঠিকাৰ কাম পাবলৈ ধৰিলো। ঠিকাৰ কাম বুলি কলে ভুল হব, ঠিকাৰ ধন। সামান্য কিবা অলপ কৰি ভগাই লোৱাহে কথা।আকো ঘৰ দিম, পেঞ্চন দিম বুলিও দুই চাৰি পইচা পাব ধৰিলো।
ভাগ্যৰ চকৰি ঘূৰিল।মা দেউতায়ো স্বস্তিৰ নিশ্বাস পেলালে।স্বাভাৱিকতে ই মোৰ বিয়াৰ যো জা চলিল। ঠিকাদাৰ, তাতে আকৌ এমেলেৰ খাচ মানুহ। পাত্ৰীও পাই গলো, হৈ গল বিয়া। কিছুবছৰ বৰ সুন্দৰকৈ চলিল।কিন্তু হঠাতে ৰাজনৈতিক হাৱা বদলি গল।এইবাৰ মই চল চাই কঠিয়া পাৰিব নাজানিলো।একেজনকে খামোচ মাৰি থাকিলো। এমেলে সলনি হল, মোৰ ঠিকাৰ কামো বন্ধ হৈ গল। কাম চলি থকা দিনকেইটাত ভবা নাছিলো যে চকৰি আনফালে ঘূৰিব পাৰে।সঞ্চয়ৰ চিন্তা নকৰিলো, গতিকে পূনৰ্মূষিকো ভব হৈ পৰিলো। পূনৰ আৰম্ভ হৈ গল হাহাকাৰ।ঠিকাদাৰণীৰ আশা ভঙ্গ হল। এম এ পাছ ঠিকাদাৰ ৰ ঘৈনীয়েক হোৱাৰ গৌৰৱ কেনিবা উৰি গল। অচিৰেই আৰম্ভ হৈ গল শ্ৰীমতীৰ লগত দাম্পত্য কলহ। “”কি কৰবা আনছিলি মোক?এনেই বুলি জানলি মই বিয়া নহলো হয়। মোৰ জীৱনটো ধ্বংস কৰলি”” জাতীয় বাক্যবান নিতৌ হজম কৰি মোৰ বদহজম আৰম্ভ হৈ গল।
ইতিমধ্যে আমাৰ পৰিয়ালৰ পৰা মা দেউতাই বিদায় লৈছে আৰু খালী ঠাই পূৰাইছে পুত্ৰ কন্যা ই।বিলাসী পত্নীৰ আবদাৰ আৰু পুত্ৰ কন্যা ৰ প্ৰয়োজন ৰ তাগিদা ই ধোৱাকোৱা দেখাবলৈ ধৰিলে।মোৰ সন্মুখত বৰ্তমান নাই কোনো পথ।উপায়হীন হৈ কেৱল কাতৰ চিত্তে ভাবিবলৈ ধৰিলো——“”হে আই লক্ষ্মী দেৱী, মোক উদ্ধাৰ কৰা, উপায় দিয়া মোক””” এদিন আকাশ পাতাল ভাবি বিচনাত পৰি আছো। মনত লক্ষ্মীদেৱীৰ প্ৰতি আকুল প্ৰাথনা।তেনে সময়তে বাহিৰত শুনিলো ধুমুহাৰ দৰে প্ৰচণ্ড গৰ্জন।ভীষন শব্দ কৰি দৰ্জাখন দেখো খোল খাই গল।ভয়াৰ্ত চাৱনি ৰে চাই দেখিলো, মোৰ সন্মুখত সো শৰীৰে ঠিয় দি আছে স্বয়ং লক্ষ্মী দেৱী!!শুই থকাৰ পৰাই দুহাত যুৰি প্ৰণিপাত কৰি কলো—-“হে দেৱী, এই অভাজনৰ প্ৰাথনা তেনেহলে আপুনি শুনিছে।ভকতক কৃপা কৰা হে মাতৃ! গুৰু গম্ভীৰ স্বৰেৰে দেৱীয়ে মাত লগালে —-বৎস, তুমি মোক একান্ত ভকতি কৰিছা।মই সন্তুষ্ট হৈছো। তোমাৰ অৱস্থা ও মই বুজিছো।কিন্তু আমি দেৱ দেৱী সকলেও কিছুমান rule regulation. ৰ মাজত চলিব লাগে।আগতে আমি ইচ্ছামতে বৰ দিব পাৰিছিলো। কিন্তু আজিকালি আমাৰ সন্থাই সেইটো controlling কৰিছে। কিবা বৰ দিব লাগিলে সন্থাৰ সভাত pass হব লাগিব, আকৌ বিষ্ণুৰ approval লাগিব।সকলোৱে বৰ দি নৰমনিচক নিজৰ ফলীয়া কৰি লোৱাৰ বাবেই এই limitation আহি গল।সেয়ে বৎস, মই তোমাক বিশেষ সহায় কৰিব নোৱাৰিম।”
“”হে দেৱী, সন্থাৰ দোহাই দি মোক বঞ্চিত নকৰিবা।মোক বহুত নালাগে, কিবা কৰি চলিব পৰা কৰি দিয়া। লাগিলে মই একেলগে পাচ থোক কল আগবঢ়াম””—মই সবিনয়ে কলো। “”সেইটোৱেই টো তোমালোকৰ দোষ বৎস। তোমালোকে কেৱল বিনিময়ৰ কথা ভাৱা। কিন্তু প্ৰতিশ্ৰুতি মতে বিনিময় প্ৰদানো নকৰা।তোমালোকে প্ৰতিশ্ৰুতি দিয়ামতে যদি কলৰ থোক দিলাহেতেন, তেতিয়া হলে দেৱপুৰীত কলৰ খেতি কৰিবই নালাগিল হেতেন। সিদিনা এজন ভক্ত ই দান পাত্ৰত দহ টকা দি কলে বোলে বৰ্তমান এই দহ টকা দিলো, কাম হলে হাজাৰ কৰি দিম ।এনেকৈ দেৱ দেৱীৰ লগতো চুক্তি কৰা তোমালোকে।আমি যেতিয়া তোমালোকৰ দাবী পূৰণ কৰো, সময়ত তোমালোকে চব পাহৰি যোৱা””—দেৱী য়ে ক্ষোভেৰে কলে। “”হে দেৱী, মই তেনেকুৱা নিমখহাৰাম নহয়।মোক যদি তুমি দয়া কৰা, তেন্তে মই প্ৰতিজ্ঞা কৰিছো———- “”নকবা বৎস, আৰু নকবা। শুনা–মোৰ কৃপা পাবলৈ হলে কাম কৰিব লাগিব। কাম। কৰ্মৰ জৰিয়তেহে মোক আৰাধনা কৰিব লাগিব।তেনে আৰাধনাইহে বিভূতি প্ৰাপ্ত কৰিব। ইজি মানিৰ প্ৰতি লালায়িত নহবা বৎস, কষ্ট কৰিবলৈ শিকা।উঠা বৎস, মন দৃঢ় কৰা।আগবাঢ়া। উত্তীষ্ঠত জাগ্ৰত।”” দেৱীয়ে মোৰ গাত শান্তি পানী চটিয়াই কেৱল কৈ যাব ধৰিলে——উত্তীষ্ঠত জাগ্ৰত। উঠা জাগ্ৰত হোৱা—– দেৱীৰ কন্ঠস্বৰ ক্ৰমে টান হৈ আহিবলৈ ধৰিলে, শান্তি পানীও বেছি জোৰে চটিয়াব ধৰিলে।এটা সময়ত দেৱীয়ে মোৰ গাত ধৰি দিলে এক প্ৰচণ্ড জোকাৰ সেই জোকাৰত চিলমিলিয়া টোপনিৰ পৰা সাৰ পাই গলো। চকু মেলি চাই দেখো শান্তি পানী চটিয়াই থকা দেৱী গৰাকী দেখো মোৰেই চন্দ্ৰবদনী শ্ৰীমতী।মুখেৰে অনৰ্গল মন্ত্ৰ মাতি আছে—– “””অ’ নুঠাহ কিয়া। নওটা বাজবু আহি, আমাৰ মহাৰাজৰ উঠবাৰ সময় হৱাই নাই। অ’ই আইলাপচু, কি মুনহিয়েই এগিলা।এঙ্কে ঘুমেই থাকিলি খাবা মিলবু নিকি? তিৰী পুইভা নৰা যেতি ঘটছিলি কিয়া?মোৰে পোৰা কপল, এনেইকুৱা মুনহিৰ হাতত পৰলু। এনেয়ে কিছুমান তিৰীয়ে স্কুলত চলি থৈ বাহিৰে বাহিৰে বেলেগ মুনহিৰ লগত গুচি যায়নে! এনেইকুৱা মুনহিৰ মূৰত হেৰি কৰি থৈ গুচি যাবা লাগা। অন্যৰ মুনহিয়ে কি কৰবা লাগছি দেখা নাই? অ’ শুনছানে নাই? উঠ, নুঠা কিয়া। নে ঠাৰা ওলৱা ডাল(পুৰণা বাঢ়নী) আনবা লাগবু?? “”” মোৰ মূৰটো আচন্দাই কৰিবলৈ ধৰিলে।কৰ্ণপটহত কেৱল ভাহি থাকিল——–উত্তীষ্ঠত জাগ্ৰত