“” বিস্তিৰ্ণ পাৰৰে””ৰ সুৰত সাম্প্ৰতিক পৰিবেশৰ সন্দৰ্ভত এটি গীত—–

…..🙏🙏 ✍️ প্ৰাণেশ্বৰ শৰ্মা…..

……(ভূপেনদালৈ ক্ষমা প্ৰাৰ্থনাৰে)……

কৰণা ভাইৰাচ সংক্ৰমণৰ বাবে প্ৰয়োগ কৰা Lock down অমান্য কৰা সকলক উদ্দেশী

সমগ্ৰ বিশ্বৰে  অসংখ্যজনৰে

হাহাকাৰ শুনিও

দিনে প্ৰতিদিনে

নিয়ম ভংগ কৰি,

পথলৈ ওলোৱা কিয়?

কৰণা ভাইৰাছৰ নাচোন দেখিও

হেজাৰজনৰ মৰণ দেখিও

নিয়ম কানুনবোৰ নামানা কিয়?

জ্ঞানবিহিন উদণ্ডসবৰ

শংকাবিহিন  মূৰ্খসবৰ

সামান্য চেতনা নাহেনো কিয়?

কোভিদ কৰণাৰ   বিভিষিকাৰ

জ্বলন্ত ছৱিৰে

পুত্ৰ পৰিবাৰক

সবল সংযমী

আৰু সাবধানী

কৰি নোতোলা কিয়?

কৰণা আহি  দুৱাদলিত

তথাপি কিয় চিন্তাৰহিত

গৃহবন্দীত্বক নামানা কিয়?

দূৰতে এৰি   পত্নী পুত্ৰ

চিকিৎসা সেৱা   অহোৰাত্ৰ

আমিনো প্ৰেৰণা নিদিও কিয়?

বিধস্ত ধৰাৰে

মৃত্যু কাতৰ

আৰ্ত চিৎকাৰে

দানৱৰূপী

মানৱসকলক

জগাই তোলা নাই কিয়?

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *