বুধবাৰৰ পৰা আৰম্ভ হ’ব পবিত্ৰ ভাদ মাহ। এই মাহতে দুয়োজনা গুৰুৰে তিথি আৰু শ্ৰীকৃষ্ণৰ জন্মাষ্টমী লগতে বিশ্বকৰ্মা পূজা।

ভাদ মাহ আৰম্ভৰ লগে চহা কৃষকৰ পথাৰৰ ব্যস্ততা নাইকিয়া হয়। অসমীয়া সমাজত ভাদ মাহ এটি ডাঙৰ মাহ আৰু বহুজনে এই মাহ এক অতি পবিত্র মাহ হিচাপে মান্যতা দিছে । কিয়নো এই মাহতে দুজনা গুৰু শ্ৰীশ্ৰী মাধৱদেৱ আৰু শ্ৰীশ্ৰী শঙ্কৰদেৱৰ তিৰুভৱ তিথি । লগতে এই মাহতে জগত গুৰু ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল অৰ্থাৎ জন্মাষ্টমী। আকৌ এই মাহৰ শেহত অৰ্থাৎ সংক্ৰান্তীৰ দিনটোত ভগৱান বিশ্বকৰ্মাৰ পূজা কৰা হয়। কবলৈ গলে এই মাহৰ পৰাই পূজা পৰ্বন আৰম্ভ হয়। সেয়ে এই মাহ অহাৰ লগে লগে হিন্দু ধৰ্মাৱলম্বী লোকৰ মন মগজু আধ্যাত্মিকতাৰে ভৰি পৰে।

এই মাহৰ আৰম্ভণি দিনটোৰ পৰা প্ৰতিটো সন্ধিয়া নামঘৰে নামঘৰে নাম কীৰ্ত্তন গাই ভগবানক সন্তুষ্ট কৰা হয়। ভক্তসকলে প্ৰতি সন্ধিয়া চাকি বন্তি প্ৰজ্জ্বলন কৰি শংখ, নাগাৰা, তাল আদি বজাই গোটেই নামঘৰ আনন্দমুখৰ কৰি তুলি মনত অনাবিল সুখ শান্তি অনুভৱ কৰে।

সেয়েহে এই মাহৰ গুৰুত্ব আন মাহৰ তুলনাত কিছু হলেও বেছি।

এই ভাদ মাহত ঘি, মাখন আৰু গৰু গাখীৰ বেছিকৈ খোৱা উত্তম আৰু এয়া কৰিলে মন মগজু তীক্ষ্ণ হ’ব।

এই ভাদ মাহত গোমাতাক সেৱা শুশ্ৰুষা কৰিলে গোটেই বছৰ ভাগ্যশালী হব পাৰি কিয়নো গোমাতাত প্ৰায় ৩৩ কোটি দেৱ দেৱতাই বাস কৰে। এনে কৰিলে ঘৰখনলৈও সুখ সমৃদ্ধি আহিব।

এই ভাদ মাহত ৰাতিপুৱা শুই উঠি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তুলসীৰ তলত পানী ঢালি ভগবান শ্ৰী বিষ্ণুক স্মৰণ কৰি এই মন্ত্ৰ তিনিবাৰ পাঠ কৰিব। মন্ত্ৰটি হ’ল ” ঔম নমঃ ভগৱতে‍ঃ বাসুদেবাই।” এনে কৰিলে উন্নতি বৃদ্ধি হ’ব আৰু সকলো সমস্যা দূৰ হব।

আনহাতে জ্যোতিষ শাস্ত্ৰ অনুসৰি এই ভাদ মাহত মেষ, বৃষ, মিথুন, সিংহ, কন্যা, তুলা, মকৰ আৰু কুম্ভ ৰাশিৰ লোকৰ ভাগ্য উদয় হব। এই ৰাশিৰ লোকৰ ওপৰত ভগবান শিৱৰ আশীৰ্বাদ থাকিব। ধন টকা পইচাৰ অভাৱ দূৰ হব, প্ৰেমত শুভ ফল পাব, আপোনলোকৰ পৰা সমৰ্থন লাভ কৰিব, কৰ্মক্ষেত্ৰত উন্নতি হ’ব, বেপাৰ বাণিজ্যত উন্নতি হ’ব, দাম্পত্য জীৱন সুখৰ হ’ব, মানসিক উদ্দীগ্নতা আৰু চিন্তা দূৰ হ’ব। এই ৰাশিৰ লোকৰ নতুন কামৰ যোগ থাকিব আৰু সফলতাও পাব।

Share it with: