ধৰ্মৰ বিভাগ বনাম মানৱ ধৰ্ম

…..প্ৰাণেশ্বৰ শৰ্মা…..

পৃথিৱীত মানৱৰ সৃষ্টিৰ পিছৰ পৰাই খাদ্য সংগ্ৰহ ,আত্মৰক্ষা আদিৰ প্ৰয়োজনত মানুহে সংঘবদ্ধ হৈ বাস কৰিবলৈ ললে।এই সংঘবদ্ধতাই কালক্ৰমত কিছুমান গোটৰ সৃষ্টি কৰিলে।আকৌ ভৌগলিক কাৰণতো সৃষ্টি হৈছিল বিভিন্ন গোটৰ।পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন জলবায়ু তথা অন্যান্য কাৰকৰ প্ৰভাৱত সৃষ্টি হল বিভিন্ন নৃগোষ্ঠীৰ।
লাহে লাহে মানুহে কথা কব পৰা হল।কিন্তু পৃথিৱীৰ সকলো মানুহটো একেলগে বাস কৰা নাছিল।ভৌগোলিক অৱস্থান ভেদে বা গোটভেদে সুকীয়া সুকীয়া কৈ বাস কৰিছিল।সেয়ে ভাৱৰ আদান প্ৰদান কৰোতে গোটভেদে,নৃগোষ্ঠীভেদে বা ভৌগোলিক অৱস্থানভেদে বিভিন্ন ভাষাৰ সৃষ্টি হল।
প্ৰকৃতিৰ বিভিন্ন ক্ৰিয়াকলাপ,সৃষ্টি, ধ্বংস, মৃত্যু, বেমাৰ আজাৰ আদি প্ৰত্যক্ষ কৰি সেইবিলাকৰ নিয়ন্ত্ৰক হিচাপে অদৃশ্য সৰ্বশক্তিমান ৰ উপস্থিতিৰ সম্বন্ধে মানুহে ধাৰণা কৰিবলৈ ললে।অদৃশ্য সৰ্বশক্তিমান ক সন্তুষ্ট কৰিবলৈ তেওলোকে উপাসনা কৰিবলৈ ললে।সেই উপাসনাৰ বাবে কিছুমান নিয়ম কানুনৰ সৃষ্টি হল।মানুহে ভাল বেয়া, উচিত অনুচিত বিচাৰ কৰিবলৈ ললে‌।ইয়াৰ ফলত ব্যক্তিগত আৰু সন্মিলিত ক্ষেত্ৰত মানুহ কিছু নিয়ন্ত্ৰিত হল।বিভিন্ন দিশৰ নিয়ন্ত্ৰণ ৰ মাজেৰে সৰ্বশক্তিমান অদৃশ্য জনক উপাসনা কৰাৰ ব্যৱস্থা টোৱেই জন্ম দিলে ধৰ্মৰ।পৃথিৱীৰ বিভিন্ন ঠাইৰ বিভিন্ন নৃগোষ্ঠী বা গোটেতো একে ধৰণে উপাসনা কৰা নাছিল।স্বাভাৱিকতে উপাসনাৰ পদ্ধতি বেলেগ বেলেগ হৈছিল।আৰু সেই সুকীয়া উপাসনাৰ পদ্ধতিয়েই একোটা সুকীয়া ধৰ্মত পৰিণত হলগৈ।কালক্ৰমত বিভিন্ন ঠাইত কিছুমান মণীষীয়ে ন ন উপাসনা পদ্ধতিৰ প্ৰবৰ্তন কৰিলে আৰু তেনেকৈয়ে বৰ্তমান পৃথিৱীত হেজাৰ হেজাৰ ধৰ্ম প্ৰচলিত হৈ আছে।

এতিয়া আহো মানুহৰ বাবে ধৰ্মৰ প্ৰাসংগিকতালৈ।ধৰ্মই প্ৰকৃততে মানুহক শৃংখলিত কৰি ৰাখে।এক অনুশাসনযুক্ত অৱস্থাত ৰাখে।মানুহৰ সমূহীয়া আৱেগৰ ভিতৰত ধৰ্মীয় আৱেগেই বেছি স্পৰ্শকাতৰ।সেয়ে এই আৱেগক যদি ধনাত্মক দিশত ব্যৱহাৰ কৰা যায়, তেতিয়া মানুহ নিশ্চিতভাৱে সংযত হৈ থাকিব।
এজন লোকে আন এজনৰ ঘৰত জুই লগাই সহজতে দিব পাৰে।কিন্তু কিয় নিদিয়ে?একমাত্ৰ ধৰ্মীয় তথা পাপ পূণ্যৰ বিবেচনাৰে।
ধৰ্মহীন সমাজ অকল্পনীয়।কিবা এটা ধৰ্ম লাগিবই, হয়তো সকলোৰে বাবে এক ধৰ্মৰ নীতিৰে হলেও।
আমি বহুতে অন্য ধৰ্মৰ প্ৰাসংগিকতা বাদ দি এক মানৱ ধৰ্মৰ কথা কও।মানৱ ধৰ্মটো এক ব্যাপক ধাৰণাৰ বিষয়।আমি প্ৰত্যেকেই নিজৰ ধৰ্মমত পালন কৰিও মানৱ ধৰ্মত বিশ্বাসী হব পাৰো।সুকীয়া সুকীয়া ধৰ্মমত মানৱ ধৰ্মৰ পৰিপন্থী হব নোৱাৰে।পৃথিৱীৰ কোনটো ধৰ্মই মানৱতাৰ বিৰোধীতা কৰে?সুকীয়া আদৰ্শ বৰ্তাই ৰাখি সকলোৱে মানৱতাৰেই জয়গান গায়।
আমি পৃথিৱীৰ উন্নতিৰ কথা চিন্তা কৰাৰ আগতে নিজৰ দেশখনৰ কথা ভাবিব লাগিব।সেইদৰে দেশৰ কথা ভবাৰ আগেয়ে নিজৰ ৰাজ্য, জিলা, গাওখন আৰু চুবাটোৰ কথা ভাবিব লাগিব।নিজৰ চুবাটো বোকাত পোত গৈ থাকি দেশৰ উন্নতিৰ বাবে আগবঢ়াটো হাস্যকৰ।সেইদৰে নিজৰ ব্যক্তিগত বা সামূহিক ধৰ্মমতক উপেক্ষা কৰি মানৱ ধৰ্ম পালন কৰিবলৈ যোৱাটো হাস্যকৰ।

কোনো ধৰ্মই বেয়া নহয়।কেৱল আমি নিজৰ ধৰ্মমতক নিজৰ ক্ষুদ্ৰ স্বাৰ্থত অসততাৰে ব্যৱহাৰ কৰি ধৰ্মৰ ধাৰণাক কলুষিত কৰো।এই কলুষতাৰ বাবেই বহুতৰে মনত ধৰ্মৰ ধাৰণাৰ প্ৰতি বিৰূপ ভাৱ জন্মে আৰু মানৱ ধৰ্মৰ পোষকতা কৰে।
ধৰ্মহীন সমাজ গঠন কৰা বা ধৰ্মৰ প্ৰভাৱৰ পৰা সমাজক মুক্ত কৰাৰ কোনো প্ৰয়োজন নাই, বৰং নিজৰ নিজৰ ধৰ্মীয় ধাৰণাক সঠিক দিশত আগবঢ়াই নি সমাজখন সুস্থ কৰি ৰখাৰ ক্ষেত্ৰতহে সকলোৱে অহোপুৰুষাৰ্থ কৰা দৰকাৰ।

বৰ্তমান সময়ত সকলো ধৰ্ম, সম্প্ৰদায় তথা জনগোষ্ঠীয়ে নিজস্ব সমাজৰ জৰিয়তে নিজৰ গোষ্ঠীটোৰ হকে কাম কৰি আহিছে।নিজৰ সুকীয়া ঐতিহ্য, সংস্কৃতি ৰ প্ৰদৰ্শন আৰু বিকাশৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে।ইয়াকে লৈ বহুতেই আকৌ কব খোজে যে বৰ্তমান আধুনিক তথা উদাৰশীল সমাজত এইবোৰ ক্ষুদ্র সাম্প্ৰদায়িক গোটৰ কোনো প্ৰয়োজন নাই।এটা দিশত এই কথা সচা যেনেই লাগে।কিন্তু জনগোষ্ঠী সমূহে উদাৰনৈতিক মনোভাৱ বজাই ৰাখি নিজস্ব ঐতিহ্য বজাই ৰখাত অসুবিধা কি ?
বহুতে আকৌ বৰ্তমানৰ প্ৰগতিশীল ধাৰণাৰে ক্ষুদ্ৰ জনগোষ্ঠীয় মনোভাৱ ত্যাগ কৰিব লাগে বুলি কয়। প্ৰায়োগিক তথা বাস্তৱিক দিশত চাবলৈ গলে এই আহ্বানৰ কোনো অৰ্থ নাই ।বিশেষকৈভাৰতবৰ্ষৰ দৰে ঠাইত, য’ত বৈচিত্ৰতাৰ মাজতো বিৰাজমান হৈ আছে আদৰ্শনীয় ঐক্য।
পৃথিৱীত, তথা দেশত বিভিন্ন ধৰ্ম, সম্প্ৰদায় আৰু জনগোষ্ঠীৰ লোকে বাস কৰি আহিছে।সকলোৰে নিজা কৃষ্টি আছে।আৰু এই সকলো কৃষ্টিৰ সমাহাৰেই হ’ল বৃহত্তৰ জাতীয় সংস্কৃতি, মানৱ সংস্কৃতি, মানৱ জাতি।
মানৱ সংস্কৃতি বা মানৱ জাতি বুলিবলৈ সুকীয়াকৈ কি আছে ?যদি এক মানৱ হবৰ বাবে সকলো সম্প্ৰদায় আৰু জনগোষ্ঠীৰ নিজা আদৰ্শ আৰু কৃষ্টিক ত্যাগ কৰা হয়, তেন্তে মানৱ সংস্কৃতি বুলিবলৈ কোনখিনি ৰবগৈ ?
তেন্তে স্বকীয় ধৰ্মীয় চিন্তাধাৰা বাদ দি আমি কি লৈ মানুহ হৈ থাকিম?
জনগোষ্ঠীয় বা ধৰ্মীয় চিন্তাধাৰা বাদ দিয়াৰ প্ৰয়োজননো কি?
সকলো ধৰ্ম, সম্প্ৰদায় আৰু জনগোষ্ঠীৰ লোকে নিজৰ উত্তৰণৰ বাবে চেষ্টা কৰি আহিছে।সুকীয়া সুকীয়াকৈ কৰা উন্নয়নে পৰিশেষত বৃহত্তৰ মানৱ জাতিৰেই উন্নয়ন সাধন কৰা নাইনে ?
এখন ঘৰৰ পাচ ভায়েকে বেলেগে বেলেগে ঘৰ গৃহস্থী কৰি থাকে, কিন্তু ইজনে সিজনৰ খবৰ ৰাখে।ধৰা হল তেওলোকে কাজিয়াই কৰে, সেইবুলি কাজিয়া নালাগক বুলিয়েই বাকী চাৰিজনক মাৰি পেলাই কেৱল এজনকহে ৰাখিব নেকি ?কৰ্তব্য হব–তেওলোকক প্ৰত্যেককে জ্ঞানসম্পন্ন কৰি তোলাটোহে।
নিজক ভাল পোৱা মানে আনক বেয়া পোৱা নুবুজায়।কিন্তু যিয়ে নিজকেই ভাল পাব নাজানে, সিয়ে আনক কেনেকৈ ভাল পাব পাৰিব !!
নিজত্ব বাদ নিদিয়াকৈয়ো সামূহিক চিন্তা কৰিব পাৰি।সকলো জাতি গোষ্ঠীৰে নিজা ঐতিহ্য আছে।সকলোৰে নিজা ধৰ্মীয় আদৰ্শ আছে।সেইবিলাক পৰিহাৰ নকৰাকৈয়ো সন্মিলিতভাৱে মহান মানৱ জাতিৰ মৰ্যদা বৰ্তাই ৰাখিব পাৰি।
ৰাষ্ট্ৰ, ৰাজনীতি আৰু বিচ্চিন্নতাবাদীয়ে আমাক প্ৰয়োজনৰ সময়ত ভাগ কৰি দিয়ে,বিভেদৰ বীজ সিচি পিছত ঘৰিয়ালৰ চকুপানী টোকে।আকৌ প্ৰয়োজনত এক মানৱৰ শ্লগান আওৰায়।
কিন্তু আমি সকলোৱে বিচ্ছিন্নতাবাদ, গোড়ামি আৰু ধৰ্মীয় উগ্ৰতাৰ পৰা আতৰত থাকি নিজৰ ঐতিহ্য আৰু চিনাকিৰে সকলো সময়তে গাব লাগিব মানৱীয় একতা আৰু মিলনৰ জয়গান।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *