কাৰ বংশত দোষ নাথাকে, কাৰ ভুল নাথাকে, কোন লোক ৰোগত নোভোগে , কোন মানুহে কোনোদিন দুখ পোৱা নাই, কোনে চিৰদিন সুখী থাকিব পাৰিছে ? মানুহৰ এই দুখদায়ক পৰিস্থিতি সমূহক গৱেষণা আৰু বিশ্লেষণ কৰি আচাৰ্য চাণক্যই কৈছিল, ” দুখ – দুৰ্দশা মানুহৰ জীৱনৰ এটি অংশ বিশেষ, সকলো মানুহেই জীৱনৰ এই অংশ পাৰ কৰিব লাগে, সেয়ে বেয়া সময়ত অযথা ভাঙি নপৰি, দুখ নকৰি মানুহে সন্মুখৰ ফালে আগুৱাই যোৱা উচিত ; আৰু এইটোও ভাবিব নালাগে যে মোৰে অকল এনেকুৱা হৈছে, সমস্ত মানুহৰ, এই দুখ – দুৰ্দশা থাকিব আৰু আহিবই “।
মধুৰ ভাষা বা সুমধুৰ কথা কোৱা আনকি কোনোবাই নিজৰ কথাত অতিৰিক্ত মিঠা সানিলেও তেওঁ নিজে দুখীয়া হৈ নাযায় ; সেয়ে মিঠা আৰু সুমধুৰ ব্যৱহাৰ বা মিঠা কথা কোৱাৰ ক্ষেত্ৰত কৃপনালি কৰা উচিত নহয়।
বিষহীন সাপেও নিজৰ ফনা মেলি দিয়া উচিত , বিষ থাকক বা নাথাকক ; কিয়নো মানুহে হঠাতে সাপ এটা দেখিলে চিনি নাপায় যে তাৰ বিষ আছেনে নাই, কিন্ত যেতিয়া সাপটোৱে ফনা মেলি দিয়ে তেতিয়াহে মানুহ ভয় খাই উঠে । ঠিক একেদৰে সমাজত বাস কৰিবলৈ হ’লে আমি মানুহেও কিছু কিছু পৰিস্থিতি সাপেক্ষে সাপৰ দৰে ফনা মেলি দিয়া উচিত যাতে দুষ্ট আৰু প্ৰবঞ্চনা কৰা লোকে আমাৰ ক্ষতি কৰিব নোৱাৰে।
লোভীয়া লোকক টকাৰে, অহংকাৰীৰ সন্মুখত হাত যোৰ কৰি বা শিৰ নত কৰি নিয়ন্ত্ৰণ কৰিব পাৰি ; মূৰ্খক ধৰ্মীয় উপদেশ দি নিজৰ নিয়ন্ত্ৰণত আনিব পাৰি, বিদ্যান লোকক সচাঁ কথাৰে পতিয়ন নিয়াব পাৰি। লোভীয়া ব্যক্তি ধন প্ৰাপ্তিৰ ক্ষেত্ৰত ইমানেই অন্ধ যে তেওঁ কোনো কাৰণতে ধান আৰু ধন প্ৰাপ্তিৰ বিকল্পৰে সন্তুষ্ট নহয়।
মানুহে তেনে ধৰ্ম ত্যাগ কৰা উচিত যি ধৰ্মত দয়া, ত্যাগ, ক্ষমা আদিৰ অভাৱ থাকে ; আনকি শিক্ষাগুৰু ত্যাগ উচিত যাৰ মানসিকতাত দয়া, ত্যাগ, ক্ষমা আদিৰ অভাৱ থাকে। আনকি সকলো সময়তে ক্ৰোধ প্ৰকাশ কৰা স্ত্ৰীক ত্যাগ কৰা উচিত। লগতে যিসমূহ সম্পর্কত স্নেহ, ভালপোৱা, মৰম আৰু আকৰ্ষণ নাথাকে তেনে সম্পৰ্ক ত্যাগ কৰা উচিত বা তেনে সম্পর্কৰ পৰা দূৰৈত থকা দৰকাৰী।
পৃথিৱীৰ প্ৰত্যেক ধৰ্মৰ পৰা এইটো আশা কৰা যায় যে সেই ধৰ্মত দয়া, ক্ষমা, অহিংসা আৰু প্ৰেমৰ বাৰ্তা আছে আৰু যদি নাই তেন্তে সেই ধৰ্মৰ পৰা দূৰৈত থকা ভাল কিয়নো সেই ধৰ্ম অতি বিষাক্ত।
গুৰুৰ কৰ্তব্য হৈছে জ্ঞান দিয়া আৰু সেই গুৰু যদি অশিক্ষিত আৰু মূৰ্খ হয় তেন্তে তেওঁক গুৰু মানি লোৱা অৰ্থহীন।
স্ত্ৰীৰ উচিত হৈছে নিজৰ স্বামীক সর্বদা সুখ প্ৰদান কৰা আৰু যদিহে তেওঁ সকলো সময়ত ক্ৰোধাগ্ৰস্ত হৈ থাকে তেনে স্ত্ৰিকো ত্যাগ কৰা উচিত ।
আত্মীয় আৰু বন্ধু বান্ধৱ মানুহৰ দুখ আৰু বিপদৰ সময়ত কামত আহে যদি তেওঁলোকৰ মাজত স্নেহ আৰু প্ৰেমৰ অভাৱ থাকে তেন্তে তেনে আত্মীয় আৰু বন্ধু অৰ্থহীন ; সেয়ে তেনে লোকৰ পৰা দূৰৈত থকা শ্ৰেয়।
কোনোবাই অপমান কৰিলে কি কৰা উচিত জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰি পঢ়ক এই অমৃত বাণী
কৰ্মদক্ষ লোকৰ বাবে একো কথাই টান নহয়, পাকৈত ব্যৱসায়ীৰ বাবে কোনো ঠাই দূৰ নহয়, বিদ্যান লোকে বিদেশলৈ যাব ভয় নকৰে, সৎ মানুহৰ বাবে এই পৃথিৱীত কোনো পৰ নহয়। উপযুক্ত ব্যক্তিয়ে জানে সমস্যাৰ সমাধান, আৰু মিঠা ব্যৱহাৰ আৰু সৎ লোকে নিজৰ আচৰণৰ দ্বাৰা শত্ৰুকো বশ কৰিব পাৰে সেয়ে তেওঁলোকৰ বাবে কোনো পৰ নাথাকে। সকলোৱে ভালে থাকক সকলোৰে কুশল হওঁক।
POPULAR ASSAMESE VIDEO
Nice