কলিযুগ কেতিয়া শেষ হ’ব ? সত্যযুগ কেনে হ’ব ?
সকলোৱে জানে যে পুৰাণত চাৰি যুগৰ কথা উল্লেখ আছে ; সত্যযুগ, ক্রেতা যুগ , দ্বাপৰ যুগ আৰু কলি যুগ। কলিযুগক বাদ দি অইন তিনি যুগৰ বিশেষত্ব অনেক। কিন্তু কলি যুগত বিশেষ একো দেখিবলৈ পোৱা নাযায়। এই যুগত মাত্ৰ মানুহৰ মাজত অহংকাৰ, হিংসা, প্ৰতিশোধ , লোভ আৰু মোহ এইসমূহ দেখিবলৈ পোৱা যায়। কবলৈ গলে কলি যুগক মানৱ জাতিৰ অভিশাপ বুলি কোৱা হয়। কিন্তু এবাৰ ভাবি চাইছেনে , কেতিয়াবা শুনিবলৈ পাইছেনে এই কলি যুগৰ শেষ কেনেকৈ হ’ব ? জানেনে কলিৰ শেষত কেনে হৈ পৰিব সত্যযুগ ?
ভাৰতীয় জ্যোতিষ বিদ্যা আৰু পুৰাণত সৃষ্টিৰ সমগ্ৰ কালক চাৰিটা ভাগত ভাগ কৰা হৈছে। ভাগৱত গীতাত এই কথা বৰ্ণিত আছে যে পৰিৱৰ্তন হৈ থাকে এই জগতৰ নিয়ম। যেনেদৰে আত্মাই এটি শৰীৰ ত্যাগ কৰি অন্য শৰীৰত বসবাস কৰে তেনেদৰে এক নিৰ্দিষ্ট সময়ত যুগৰো পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনশীল নিয়ম অনুসৰি বৰ্তমান চলিছে কলিযুগ। শাস্ত্ৰত উল্লেখ আছে যে কলিযুগৰ সীমা চাৰি লাখ বইত্ৰিশ হাজাৰ বছৰ আৰু এতিয়াও এই সময়ৰ চাৰি লাখ সাতাইছ হাজাৰ বছৰ বাকী আছে অৰ্থাৎ কলিযুগ শেষ হ’বলৈ আৰু অনন্ত কাল বাকী আছে । কিন্তু কলিযুগ কেনেকৈ শেষ হ’ব তাৰ বৰ্ণনা ব্ৰহ্ম পুৰাণত পোৱা যায়।
এই ব্ৰহ্ম পুৰাণ অনুসৰি কলিযুগৰ একেবাৰে শেষৰ ফালে মানুহৰ আয়ুস কমি ১০ বছৰ হৈ পৰিব, মানুহৰ লোভ আৰু হিংসা বহু বেছি বৃদ্ধি হৈ পৰিব। কলিযুগে যেতিয়া পাছ হাজাৰ বছৰ সম্পূৰ্ণ কৰিব তেতিয়া গঙ্গা নদী শুকাই যাব আৰু তেতিয়াই পৃথিৱীৰ সকলো দেৱতাই পৃথিৱী এৰি নিজৰ নিজৰ ধামলৈ গমন কৰিব। পৃথিৱীৰ নৰ মনিচে সকলো ধৰণৰ ধৰ্মীয় কাম কাজ আৰু ৰীতি নীতি বিসৰ্জন দিব, গৰুৱে গাখীৰ দিয়া এৰি দিব , মানৱতা আৰু মানৱীয় প্ৰমূল্যবোধ নাইকিয়া হৈ শূণ্য পৰিব। আৰু সেই কলিযুগৰ অন্তিম সময়ত ভগৱান শ্ৰীবিষ্ণুয়ে কল্কি অৱতাৰ ধাৰণ কৰি সমগ্ৰ পাপী লোকৰ বিনাশ কৰিব।
ভগৱান শ্ৰীকৃষ্ণই কলিযুগৰ বিষয়ে কৈ গৈছে যাৰ বৰ্ণনা মহাভাৰতত পোৱা যায়। শ্ৰীকৃষ্ণই কোৱা অনুসৰি কলিযুগত এনে কিছুমান মানুহৰ শাসন আৰু ৰাজত্ব চলিব যিয়ে কব এক আৰু কৰিব অন্য এক। কলিযুগত মানুহ জ্ঞানী আৰু বিদ্যান আৰু ধাৰ্মিক হ’ব কিন্তু তেওঁলোকৰ আচৰণ ৰাক্ষসৰ দৰে হৈ পৰিব। কলিযুগত খাদ্যৰ ভাণ্ডাৰ থাকিব কিন্ত অনেক মানুহে খাবলৈ নাপায় দিন কটাব লাগিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে কলিযুগত যেতিয়া পাপ আৰু পাপীয়ে অন্তিম পৰ্যায় পাব , পৃথিৱীৰ সকলো লোক ধৰ্মভ্ৰষ্ট হৈ যাব, তেতিয়াই তেওঁ কল্কিৰ অৱতাৰ লব আৰু পৃথিৱীৰ সমস্ত পাপীক ধ্বংস কৰি পৃথিৱীক পাপীৰ পৰা মুক্ত কৰিব। লগে লগে আৰম্ভণি হ’ব সত্য যুগৰ ।
সেই সত্যযুগত মানুহৰ আয়ুস প্ৰায় চাৰি হাজাৰ বছৰৰ পৰা দহ হাজাৰ বছৰ পৰ্যন্ত হৈ পৰিব, মানুহৰ মাজত পুনঃ ধর্ম ঘূৰি আহিব , মানুহৰ মাজত একমাত্ৰ প্ৰেম ভালপোৱা আৰু মানৱতাৰ বাহিৰে বেলেগ একো নাথাকিব। মানুহে পূজা অৰ্চনাত বিশ্বাস কৰিব , সেই যুগৰ মানুহে নিজৰ ধর্ম আনুগত্যৰ বলত দেৱ দেৱীৰ সৈতে কথা পাতিবলৈ সক্ষম হৈ পৰিব। সেই যুগৰ লোকৰ নিজৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ থকাৰ উপৰিও সেই লোকৰ আত্মাৰ সৈতে পৰামাত্মাৰ যোগসূত্ৰ থাকিব ; ফলতে সকলো লোক সুখী থাকিবলৈ সক্ষম হ’ব। সত্যযুগক এই পৃথিৱীত স্বৰ্ণযুগ বুলি অভিহিত কৰা হ’ব।
এই সাতোটা মূৰ্ত্তি নিজৰ গৃহত ৰাখক ঘৰ নদন বদন হৈ পৰিব – বাস্তু শাস্ত্ৰ ; জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
বাস্তু শাস্ত্ৰ অনুসৰি সাতোটা মূৰ্ত্তি নিজ গৃহত স্থাপন কৰিলে ভাগ্য উদয় হয় !
কলিযুগ শেষ হ’বলৈ এতিয়াও অনেক সময় বাকী আছে সেয়ে মানৱ জাতিয়ে সদায় ধৰ্ম পালন কৰি আৰু সজ কৰ্মত থাকি সত্যযুগৰ দৰে দিন কটাবলৈ চেষ্টা অক্ষুণ্ণ ৰখা উচিত । সমস্ত ধৰ্মগ্ৰন্থত উল্লেখ আছে যে কলিযুগটো যি মানুহে ধৰ্ম আৰু সজ কৰ্মত বিশ্বাস ৰাখিব আৰু বিশ্বাস কৰিব তেঁওলোকে সত্যযুগৰ দৰে সুখৰ অনুভৱ কৰিব পাৰিব ।
Ghj
Gi
Khnub sundor
Nice information thank you sir.