কথাতে কোৱা হয় বিশ্বাসে ভগৱান আৰু বিশ্বাস নকৰিলে চয়তান ! আজি বিজ্ঞানৰ যুগত মানুহে সহজতে কোনো কথা কোনো ঘটনা নিজৰ চকুৰে নেদেখাকৈ, কোনো প্ৰমাণ নিদিয়াকৈ বিশ্বাস নকৰে বা বিশ্বাস কৰিবলৈ টান পায়; আৰু সেইবাবেই হয়তো কিছু কথা বা বিষয় যিবোৰৰ সত্যতা আছে কিন্তু যাৰ প্ৰমাণ লগে লগে পোৱা নাযায় সেইবোৰ বিষয়ক মানুহে উপেক্ষা কৰিব আৰম্ভ কৰিছে। তাৰে ভিতৰত প্ৰধানকৈ বাস্তুদোষ আৰু বাস্তুশাস্ত্ৰৰ বিষয়সমূহ মানুহে আজিকালি খুব এৰাই চলা বা উপেক্ষা কৰা দেখা যায় । কিন্তু যি লোকে এই বিষয় সমূহ উপেক্ষা কৰে তেওঁ হাজাৰ চেষ্টা আৰু কষ্ট কৰিও জীৱনত সফল হ’বলৈ অক্ষম হৈ থাকে, তেওঁ নিজৰ গৃহত সুখশান্তি বিৰাজ কৰিবলৈ সক্ষম নহয়।
বাস্তুশাস্ত্ৰ অনুসৰি এনে ধৰণৰ কিছু বিষয় আছে যিসমূহ বিষয়ত গুৰুত্ব প্ৰদান নকৰিলে মানুহৰ অধোন্নতি হয়, গৃহলৈ অশান্তি আহে, মালক্ষ্মী গৃহৰ পৰা বিদায় লয় সেই গৃহৰ পৰা। সেই বিষয় সমূহ হৈছে,,
১) গৃহৰ কোনো সদস্যই সূৰ্যোদয়ৰ পিছতো যদি শুই থাকে তেন্তে সেই গৃহত বাস্তুদোষৰ প্ৰাদুৰ্ভাৱ বাঢ়ি গৈ থাকে ফলত সেই গৃহত নেতিবাচক আৰু ঋণাত্মক অদৃশ্য শক্তিয়ে ক্ৰিয়া কৰে।
২) বিশেষ প্ৰয়োজন অবিহনে যি লোকে সূৰ্যাস্তৰ পিছত টকা ঋণ লয় বা ঋণ পৰিশোধ কৰে সেই লোকৰ গৃহত বাস্তুদোষৰ প্ৰাদুৰ্ভাৱ বাঢ়ি গৈ থাকে, ফলত সেই গৃহত নেতিবাচক আৰু ঋণাত্মক অদৃশ্য শক্তিয়ে ক্ৰিয়া কৰে, সেই লোকৰ আৰ্থিক অৱস্থা শোচনীয় হৈ পৰে।
৩) যি গৃহত নিশাৰ আহাৰ প্ৰস্তুত আৰু তাৰ পিছত আহাৰ গ্ৰহণৰ কৰি উঠাৰ পিছতো যদি পাকঘৰ আৰু পাকঘৰৰ আচবাব, বাচন বৰ্তন আদি ৰাতিপুৱালৈকে লেতেৰা আৰু পৰিত্যক্ত হৈ থাকে সেই গৃহত নেতিবাচক আৰু ঋণাত্মক অদৃশ্য শক্তিয়ে ক্ৰিয়া কৰে, বাস্তুদোষ সংঘটিত হয়, সেই গৃহৰ ওপৰত মালক্ষ্মী ৰুষ্ট হৈ পৰে।
৪) যি গৃহত নিশা ঝাড়ু দিয়া হয় সেই গৃহত নেতিবাচক আৰু ঋণাত্মক অদৃশ্য শক্তিয়ে ক্ৰিয়া কৰে। কোৱা হয় ঝাড়ুত মা লক্ষ্মী বসবাস কৰে। আনকি ঝাড়ু দিয়াৰ সময়ত ঝাড়ুত কেতিয়াও নিজৰ ভৰি স্পৰ্শ হ’বলৈ দিয়া অনুচিত।
৫) যি গৃহত জোতা চেণ্ডেল আদি যতে ততে সিচঁৰিত হৈ পৰি থাকে সেই গৃহত বাস্তুদোষ সংঘটিত হয়, সেই গৃহৰ লোকৰ অশান্তি আৰু মানসিক কষ্ট বাঢ়ি গৈ থাকে , সেই গৃহত ধনৰ নাটনি আহে।
৬) দিন হওঁক বা নিশা, যি গৃহৰ মুখ্য দুৱাৰ অন্ধকাৰ হৈ থাকে সেই গৃহত বাস্তুদোষ সংঘটিত হয়, যিটো সেই গৃহৰ বাবে অশুভ ; কঠোৰ পৰিশ্ৰম কৰিলেও সেই গৃহৰ লোকে জীৱনত সুখ শান্তি আৰু উন্নতিৰ মুখ নেদেখে।
৭) যি গৃহৰ বাথৰূমৰ পানীৰ বাল্টিসমূহ অনবৰতে খালি হৈ থাকে সেয়াও এক অশুভ ক্ৰিয়া। কেতিয়াও বাল্টিসমূহ খালি ৰাখিব নালাগে; যদি কেতিয়াবা পানীৰ অভাৱ হয় বা টেপত পানী নাথাকে তেতিয়া বাল্টিসমূহ উবুৰি কৰি বা ওলোটাই ৰখা জৰুৰী, অন্যথা সেই গৃহৰ লোকে জীৱনত সুখ শান্তি আৰু উন্নতিৰ মুখ নেদেখে।
৮) শুৱনি বিছনাত বহি কেতিয়াও আহাৰ গ্ৰহণ কৰিব নালাগে, বাস্তু শাস্ত্ৰ অনুসৰি শুৱনি বিছনাত আহাৰ গ্ৰহণ কৰা অশুভ, তেনে কৰিলে সেই গৃহত মালক্ষ্মী অপমান কৰা হয় ফলত মা লক্ষ্মী সেই গৃহৰ পৰা আঁতৰি যায়। আৰু সেই লোকৰ মাজত সোনকালে দৰিদ্ৰতাৰ আগমন ঘটে।
বহাগ মাহৰ কোনো ৰাতিপুৱাই এই বস্তু দান নকৰিব- অমংগল নিশ্চিত! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক