….এম আমিন…..
ধৰ্মীয় ক্ষেত্ৰত প্ৰায়েই মৌন হৈ থাকিব বিচাৰোঁ যদিও কিছুমান নীতি-নিয়ম দেখিলে মনটোৱে নামানে।কেতিয়াবা be ভাবোঁ, নিজে যিখিনি জানোঁ, সেইখিনি পালন কৰিব পাৰিলেই যথেষ্ট।কিন্তু, যুক্তি আৰু ধৰ্মৰ প্ৰকৃত আদৰ্শত চলিব বিচাৰোঁ বাবেই ভুলবোৰ দেখিলেই মাত মাতি আহিছোঁ।তেনে কৰিবলৈ যাওঁতে “ওৱাহাবী ” বুলি কোৱা মানুহো আছে।মূল কথালৈ আহোঁ-একবিংশ শতিকাত বিজ্ঞানৰ বহুল প্ৰসাৰ আৰু ব্যৱহাৰৰ ফলত আমাৰ সমাজ জীৱনো যান্ত্ৰিক হৈ পৰিছে।বিজ্ঞান অবিহনে আমি একোৱেই ভাবিব নোৱাৰোঁ।বিজ্ঞানে পৃথিৱী খন একেবাৰে সৰু কৰি পেলালে।বিজ্ঞানৰ কথা বহলাই নিলিখোঁ।কথা হ’ল-আমি যেতিয়া সৰু আছিলোঁ,গাঁৱৰ জনবসতি পাতল আছিল, কেঁচা ঘৰ আছিল, ঘৰে ঘৰে গাড়ী-মটৰ নাছিল।ফলত মুছলমান সমাজৰ মহল্লাৰ মছজিদত আজান (নামাজৰ বাবে আহ্বান)দিলে সকলোৱে শুনিছিল।তেতিয়া মছজিদ বোৰত মাইক ব্যৱহাৰ কৰা নাছিল।লাহে লাহে মানুহবোৰ আধুনিক হ’ল।উপাৰ্জন বাঢ়িল, গাঁৱৰ মানুহ চহৰমুখী হ’ল,চাকৰি-বাকৰি হ’ল।কেঁচা ঘৰ বোৰ পকী হ’ল,ঘৰে ঘৰে টি.ভি,গাড়ী ইত্যাদি সোমাই পৰিল।ফলত মছজিদৰ আজান কাণত নপৰা হ’ল।প্ৰয়োজন হ’ল-এটা মাইকৰ।এটা এটা কৰি প্ৰায়বোৰ চহৰ-নগৰ,গাঁৱৰ মছজিদত মাইকৰ ব্যৱহাৰ আৰম্ভ হ’ল।মানুহৰো সুবিধা হ’ল।আজান দিলেই মছজিদত গৈ (নামাজী সকলে)নামাজ আদায় কৰিব পৰা হ’ল।
কথা হ’ল-ইছলাম ধৰ্মত বিদাৎ বুলি শব্দ এটা আছে।যাৰ অৰ্থ নতুন ।এই বিদাৎ দুই প্ৰকাৰৰ :(১)বিদাতে চায়্যিয়াহ আৰু (২)বিদাতে হাছানাহ।
প্ৰথমটো একেবাৰে নিষিদ্ধ (ইয়াৰ ওপৰতো কেতিয়াবা লিখিম বাৰু) আৰু দ্বিতীয়তো ব্যৱহাৰ নকৰিলে নোহোৱা অৱস্থা।এতিয়া প্ৰশ্ন হ’ল-মছজিদত “মাইক” ব্যৱহাৰ কৰাটো কোনটো ভাগত পৰিব?উত্তৰত ক’ব পাৰি:দ্বিতীয় ভাগত পৰিব।কিয়নো, দিনক দিনে বাঢ়ি অহা শব্দৰ ফলত মছজিদৰ আজানটোও উচ্চস্বৰে দিব লগা হৈছে আৰু তাৰ বিকল্প হিচাপে মাইক ব্যৱহাৰ কৰিব লগা হৈছে।মই লিখাৰ প্ৰকৃত উদ্দেশ্য হ’ল-ইছলামিক সমাজ ব্যৱস্থাৰ কিছুমান নীতি নিয়মে অন্য ধৰ্মীয় মানুহক মানসিক বা শাৰীৰিক কষ্ট দিছে নেকি?যদিহে দিছে, তেনেহলে তেনেকুৱা নিয়ম আমি বাতিল কৰিব লাগিব।কিয়নো, অন্য ধৰ্মীয় মানুহৰ মনত কষ্ট দিয়াটো ইছলাম ধৰ্মৰ আদৰ্শ নহয়।আমাৰ সমাজ খন বিশেষকৈ অসমৰ চহৰ-নগৰ,গাঁৱে-ভূঞে সান-মিহলি ভাৱে মানুহে বসবাস কৰি আছে।য’ত সাম্প্ৰদায়িক সম্প্ৰীতি বিৰাজমান।তেনে ক্ষেত্ৰত মছজিদৰ পৰা ভাঁহি অহা তিনি মিনিটৰ নিৰ্দিষ্ট সুৰৰ আজানটো কোনো অন্য ধৰ্মীয় মানুহে বেয়া নাপায়।বৰঞ্চ, আজানৰ শব্দত সেৱা লোৱাহে দেখা পাইছোঁ।নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে দিনত পাঁচবাৰ হোৱা আজানটো অন্য ধৰ্মীয় মানুহে অনুসৰণ কৰি দৈনন্দিন জীৱনৰ কৰ্ম সম্পাদন কৰা মানুহো আমাৰ সমাজত আছে।সন্ধিয়া (মগৰিব)ৰ আজান আৰু ৰাতিপুৱা (ফজৰ)ৰ আজানেও সময়ৰ বিশেষ তাৎপৰ্য বহন কৰি আহিছে।কিন্তু, ৰমজান মাহত নিশা ডেৰ-দুই বজাত মছজিদৰ মাইক ব্যৱহাৰ কৰি মহল্লাৰ মানুহক চেহেৰী খাবলৈ টোপনিৰ পৰা জগোৱাৰ কিবা যুক্তি আছেনে?নিশা মাইকৰ শব্দত মোৰ ওচৰৰ অন্য ধৰ্মৰ পৰিয়াল বা সমাজখনৰ কেঁচা টোপনি ভঙা নাইনে?যদিহে, মোৰ ধৰ্মীয় কামত অন্য ধৰ্মীয় লোকসকলে আঘাত পাইছে, তেন্তে ধৰ্মীয় আদৰ্শ জীয়াই থাকিবনে?বিজ্ঞানৰ জয়জয়-ময়ময় দিনত ঘৰে ঘৰে স্মাৰ্ট ফোন থকাৰ দিনত মানুহক চেহেৰীৰ বাবে সাজু হ’বলৈ মছজিদৰ পৰা জগোৱাৰ যুক্তি যুক্ততা আছেনে?মই ভাবোঁ, এইবোৰ একেবাৰে যুক্তিহীন কথা।কিয়নো, আজিৰ দিনটো লক্ষ্য কৰিলে দেখা পাওঁ-এখন ঘৰত ৰোজাদাৰ কিমানজন!পুতৌ জাগে মোৰ।গতিকে মোৰ অনুৰোধ, ৰমজানৰ বাকী থকা দিনকেইটাত ধৰ্মৰ নামত কিছুমান বহুৱালী বাদ দি প্ৰকৃত মুছলমান হৈ ইছলামৰ আদৰ্শ প্ৰতিষ্ঠা কৰক।শিক্ষিত মুছলমান সকলে ইছলামিক সমাজখন নিখুঁত ভাৱে গঢ়াত আগভাগ লওঁক।নহলে যিটো হাৰত ইছলাম ধৰ্মত কিছুমান কু-প্ৰথা বাঢ়ি গৈ আছে, সময়ত যদি প্ৰতিৰোধ কৰিব নোৱাৰোঁ তেনেহলে এদিন সময় আৰু আল্লাহৰ ওচৰত আমি জবাবদিহি হ’ব লাগিব।
শেষত, কৰ’ণা মহামাৰীৰ ৰূপ সকলোৱে দেখিছে।হয়তো, ভাবিব নোৱাৰা ভয়াবহ দিন আহি আছে।ঈদলৈ বেছি দিন নাই।গতিকে, সকলো মুছলমান ভাইলৈ মোৰ কাতৰ অনুৰোধ, এইবাৰ ঈদত নতুন কাপোৰ পিন্ধিব নালাগে।নতুন কাপোৰ বিচাৰি বজাৰত ভীৰ নকৰিব।পাৰে যদি, আত্মীয়-স্বজন,ওচৰ-চুবুৰীয়া দুখীয়া সকলক অলপ ফিৎৰাৰ পৰিমাণটো বঢ়াই দুবেলা দুমুঠি খোৱাৰ সুবিধা কৰি দিয়ক।ধন্যবাদ।