জনসংযোগ, দৰঙৰ সৌজন্যত
প্ৰেছ বিজ্ঞপ্তি নং – ৪৯/২০২০
পুণৰ ১০ জনৰ শ্লেষৰ নমুনা ক’ভিড – ১৯ ৰ পৰীক্ষাৰ বাবে প্ৰেৰণ
মঙলদৈ, ১২ এপ্ৰিল : ক’ভিড-১৯ ত আক্ৰান্ত ব্যক্তিৰ সৈতে আঠগাঁৱৰ কবৰস্হান মছজিদৰ মাছুৰাত অংশগ্ৰহণ কৰা দৰঙৰ ১০ জন ব্যক্তিক স্বাস্থ্য বিভাগে আৰক্ষীৰ সহযোগত চিনাক্ত কৰি স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে তেওঁলোকৰ শ্লেষৰ নমুনা সংগ্ৰহ কৰি ক’ভিড- ১৯ ৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে – দেওবাৰে জিলা স্বাস্থ্য বিভাগৰ এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে এই তথ্য । তদুপৰি এই লোকসকলক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰিছে । ইয়াৰে তিনিজনকৈ লোকক ছিপাঝাৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু জনাৰামচৌকা আদৰ্শ চিকিৎসালয়ত ৰখাৰ বিপৰীতে ৪ জন লোকক খাৰুপেটীয়া সামূহিক স্বাস্থ্যকেন্দ্ৰত আছুতীয়াকৈ ৰখা হৈছে । প্ৰেছ বিজ্ঞপ্তিটোত লগতে জনোৱা হৈছে যে, দৰং জিলাৰ স্বাস্থ্য বিভাগে দেওবাৰ পৰ্যন্ত সৰ্বমুঠ ৬০ জন লোকৰ শ্লেষৰ নমুনা পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । পূৰ্বতে পঠিওৱা ৫০ টা নমুনাৰ কোনোটোতেই ক’ভিড- ১৯ ৰ উপস্থিতি ধৰা পৰা নাছিল । দেওবাৰে নতুনকৈ ১০ টা শ্লেষৰ নমুনা প্ৰেৰণ কৰিছে স্বাস্থ্য বিভাগে । উল্লেখ্যোগ্য যে, পূৰ্বতে পঠিওৱা ৫০ টা নমুনাৰ ভিতৰত ২১ টা নিজামুদ্দিনৰ তবলিগি জামাতৰ লগত সম্পৰ্কিত ব্যক্তিৰ হোৱাৰ বিপৰীতে ২ টা নমুনা ক’ভিড -১৯ ত আক্ৰান্ত মনীষ টিবৰিৱালৰ লগত সংস্পৰ্শলৈ অহা ব্যক্তিৰ আৰু আন ২৭ টা আছিল স্বাস্থ্য কৰ্মীয়ে বিভিন্ন সময়ত ক’ভিড ১৯ ৰ সন্দেহত চিনাক্ত কৰি উলিওৱা ব্যক্তিৰ শ্লেষৰ নমুনা । আনহাতে, দেওবাৰ পৰ্যন্ত জিলাখনৰ ৩,৭৮০ জন ব্যক্তিক ঘৰতে আছুতীয়াকৈ ৰখা হৈছিল । ইয়াৰে ৪১৯ জন ব্যক্তিয়ে ইতিমধ্যে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া আছুতীয়াকৈ থাকিবলগীয়া সময়সীমা ( ২৮ দিন ) সম্পূৰ্ণ কৰাৰ বিপৰীতে ৩,৩৫১ জনে এতিয়ালৈকে ১৪ দিন পূৰ্ণ কৰিছে ।