মানুহৰ এক সহজাত প্ৰবৃত্তি ৰূপে পৰিচিত যে মানুহে নিজকে সদায় আনৰ সৈতে তুলনা কৰে । বহু মানুহে অনুভৱ কৰে যে তেওঁৰ সন্মুখৰ জন বেছি সুখী আৰু সৌভাগ্যৱান। আৰু তেনে লোক সকলে তলৰ এই কাহিনীটো পঢ়া বাৰুকৈয়ে উচিত।
এসময়ত এখন জংঘলত থকা কাউৰী এজনীয়ে এজোপা গছত বহি খুব কা কা কৰি কান্দি আছিল ; কিয়নো কাউৰী জনী সিদিনা বৰ দুখ অনুভৱ কৰিছিল , আৰু সেই সময়তে গছজোপাৰ তলত এজন বৌদ্ধ সন্ন্যাসী বহি তপস্যা কৰি আছিল। এনেতে কাউৰীৰ চকুৰ পৰা এটোপাল চকু পানী সন্ন্যাসী গৰাকীৰ কপালত পৰিছিল। তাকে দেখি সন্ন্যাসী গৰাকীয়ে কাউৰীটোক প্ৰশ্ন কৰিছিল , ” হেৰ পক্ষী তুমি ইমান কান্দিছা কিয়, তোমাৰ ইমান দুখৰ কাৰণ কি “?
কাউৰীয়ে উত্তৰ দিছিল, ” মই মোৰ জীৱনক লৈ অলপো সুখী নহয়, কোনোৱে মোক ভাল নাপাই, কোনোৱে মোক খাব নিদিয়ে, কোনোৱে মোক পছন্দ নকৰে , মোৰ এই জীৱনতকৈ মৃত্যু শ্ৰেয়”! কাউৰীৰ এইবোৰ কথা শুনি সন্ন্যাসীয়ে কলে, ” আমি যি পৰিস্থিতিতে নাথাকো তাতেই আমি সুখী হোৱা দৰকাৰী”।
কিন্তু অবুদ্ধি কাউৰীয়ে সন্ন্যাসীৰ এই তত্ব গধুৰ কথা বুজিব নোৱাৰিলে আৰু সি পুনৰ কান্দা আৰম্ভণি কৰিলে। তাকে দেখি সন্ন্যাসীয়ে কলে, ” তুমি কান্দা বন্ধ কৰা আৰু কোৱা তুমি কি হ’ব বিচৰা, মই মোৰ তপস্যা আৰু ধ্যানৰ দ্বাৰা তোমাক তাকে সজাই দিম “।
তাকে শুনি কাউৰী আনন্দ পালে আৰু উত্তৰত কাউৰীয়ে কলে যদি সঁচাই আপুনি মোক পৰিৱৰ্তন কৰি দিব পাৰে তেন্তে মোক এটি হাঁহ লৈ পৰিৱৰ্তন কৰি দিয়ক”। সন্ন্যাসীয়ে কলে, ” ঠিক আছে তোমাক হাঁহলৈ ৰূপান্তৰ কৰিম কিন্তু তাৰ আগতে তুমি এটি হাঁহৰ ওচৰলৈ যোৱা আৰু সুধি আহা হাঁহ ৰো কিবা দুখ আছে নেকি, নহ’লে পিছত তুমিয়ে প্ৰস্তাৱ লাগিব , আৰু তুমি আহি নোপোৱালৈ মই তোমাৰ বাবে ইয়াতে অপেক্ষা কৰিম”।
সেয়াই হ’ল আৰু কাউৰী উৰামাৰী গৈ এটি পুখুৰীত এজনী বগা হাঁহ দেখি ৰৈ গল আৰু কলে , ” হেৰ , তুমি দেখাত ইমান সুন্দৰ, তোমাৰ এই বগা ৰং সকলোয়ে পছন্দ কৰে, মোৰ মন হয় তুমি এই পৃথিৱীৰ ভাগ্যবান পক্ষী ; তোমাৰ জীৱনত তুমি কিমান সুখী আৰু কিমান দুখী ?” উত্তৰত হাঁহ জনীয়ে ক’লে , ” নহয় ! মোৰ জীৱন সুখৰ নহয়, মোৰ বৰ দুখ ভাই, মোৰ এই বগা ৰং কোনো ৰঙে নহয় , ভাটৌ চৰাইৰ ৰং কিমান বিৰঙী তুমি জানা , আৰু মোৰ মনত সদায় ভয় যে কেতিয়া মানুহে মোক ধৰি খাই পেলাই মইতো উৰিবও নাজানো ” ।
কথা শুনি কাউৰী এইবাৰ এজনী ভাটৌ চৰাইৰ ওচৰ পালেগৈ আৰু কলে, ” বন্ধু তুমি দেখাত ইমান সুন্দৰ আচৰিত লাগে, তুমি ৰঙীন, নিশ্চয় তুমি এই পৃথিৱীৰ সৌভাগ্যবান পক্ষী, বাৰু কোৱাচোন তোমাৰ কিবা দুখ আছে নেকি “? ভাটৌ জনীয়ে উত্তৰ দিলে, ” কি কোৱা ভাই মই মোৰ জীৱনক লৈ কেতিয়াও সুখী নহয় ! মোৰ এই দেহৰ ৰং মোৰ বাবে শত্ৰু , যাৰ বাবে মানুহে মোক ধৰি নি পিঞ্জৰাৰ ভিতৰত ভৰাই ৰাখিব ! আৰু এই কথাৰ বাবে মই সদায় ভয় খাই থাকোঁ, ৰাতি উজাগৰী কটাই দিব লাগে, মোৰ হিচাপত ময়ূৰ হৈছে আটাইতকৈ ধুনীয়া আৰু সৌভাগ্যবান পক্ষী , কাৰণ ময়ূৰ মোতকৈ বেছি ৰঙীন আৰু ডাঙৰ”।
এয়া শুনি কাউৰী ময়ূৰ বিচাৰি গল আৰু এখন চিৰিয়াখানা পালেগৈ , এটি ময়ূৰক প্ৰশ্ন কৰিলে, ” তুমি দেখাত ইমান সুন্দৰ, প্ৰতিদিনে হাজাৰ হাজাৰ মানুহ তোমাক চাবলৈ আহে আৰু মোক দেখিলে মানুহে খেদি দিয়ে, সচাঁ তুমি পৃথিৱীৰ আটাইতকৈ ভাগ্যবান পক্ষী”।
এয়া শুনি ময়ূৰ চৰাইজনীয়ে দুখেৰে কলে, ” ময়ো ভাবো যে মই এই পৃথিৱীৰ আটাইতকৈ সুন্দৰ চৰাই কিন্তু কি হ’ব ! এই সুন্দৰ বাবেই মোক চিৰিয়াখানাত আবদ্ধ কৰি ৰাখিছে আৰু যেতিয়া মানুহে নিজৰ ঘৰ সজাবলৈ মোৰ এই ৰঙীন পাখিবোৰ ছিঙি নিয়ে তেতিয়া খুব কষ্ট হয়”। এই কথা শুনি কাউৰী অবাক হয় আৰু প্ৰশ্ন কৰে ,” যদি তুমি সুখী নহয় তেন্তে তুমি তোমাৰ দৃষ্টিত এই পৃথিৱীৰ সৌভাগ্যবান চৰাই বিধ কি বুলি অনুভৱ কৰা “? ময়ুৰে উত্তৰ দিছিল, ” মই এই চিৰিয়াখানাত থকা বহু চৰাই দেখিছোঁ , জন্ত্ৰু দেখিছো কিন্ত ইয়াত কাউৰীৰ লগতে বহু পক্ষী ৰখা হোৱা নাই আৰু বহু জ্ন্ত্ৰু , সেয়ে ভাতৃ তুমি হৈছা পৃথিৱীৰ আটাইতকৈ সুখী পক্ষী কিয়নো তুমি মুক্ত , তোমাক ধৰি নি তোমাৰ মাংস কোনোৱে নাখায় , আৰু ময়ো মনে মনে প্ৰায়ে ভাবি থাকোঁ যে মই যদি কাউৰী হলোঁহেঁতেন মুক্ত বিচৰণ কৰিব পাৰিলেহেঁতেন”।
এই কথা শুনি কাউৰী জনী উৰি যায় আৰু নিজকে এজনী কাউৰী হোৱাৰ গৰ্ব অনুভৱ কৰে আৰু উভতি গৈ সন্ন্যাসী জনক কলে, ” প্ৰভু , মই আৰু একোলৈ পৰিৱৰ্তন নহওঁ ; এতিয়া যি আছে , যি আছোঁ সেয়াই যথেষ্ট”।
একেদৰে আমি মানুহে যদি আমাৰ জীৱনত লক্ষ্য কৰোঁ কাউৰীৰ দৰে একে সমস্যা আমাৰো আছে ! আমি সকলো সময়তে আনৰ সৈতে তুলনা কৰি দুখী হৈ পৰো, আমি সেইটোৰ গুৰুত্ব নিদিওঁ যিটো আমাৰ লগত আছে । আমাৰ জীৱন আৰু আমাৰ যি কৰাৰ সামৰ্থ ৰাখোঁ , আমাৰ সম্পদ আৰু সম্পত্তি আৰু আনকি আমাৰ আনন্দ আৰু সুখ আনৰ তুলনাত কম বুলি ভাবোঁ।
আমি ভাবো তেওঁলোক বেছি সুখী কিন্ত বাস্তৱত সেয়া নহয় সেই মানুহবোৰে আনক দেখি কৰবাত নহয় কৰবাত দুখ অনুভৱ কৰে, হীনমন্যতাত ভোগে। আৰু এই তুলনা কৰা সমতুল্য বিজ্ঞানৰ সূত্ৰৰ অন্ত নাই, কাৰণ কিবা নহয় কিবা ক্ষেত্ৰত আপোনাতকৈ কোনোবা বেছি সুখী ! সেয়ে যিকোনো ক্ষেত্ৰত তুলনা কৰি থাকিলে মানুহ কেতিয়াও সুখত থাকিব নোৱাৰে আৰু সুখী হ’ব নোৱাৰে।
সকলোয়ে ভালে থাকক শান্তিৰে জীৱন পাৰ কৰক ??
এই কাহিনি পঢ়ক চকুপানী ওলোৱা নিশ্চিত , তলত ক্লিক কৰক
হিট অসমীয়া নাটক ??