বৰ্ত্তমান বৰ্ষাৰ আগমন হৈছে, আৰু এই বৰ্ষাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বিষয় হৈছে অম্বুবাচী। মান্যতা আছে যে অম্বুবাচীৰ প্ৰবৃত্তিৰ সময়তে এই ধৰিত্ৰীলৈ বৰ্ষা আহে ।
কিয় পালন কৰা হয় এই অম্বুবাচী ? কোনে পালন কৰে ? সনাতন ধৰ্মত এই অম্বুবাচীক কিয় ইমান গুৰুত্ব প্ৰদান কৰা হৈছে?
হিন্দু ধৰ্মৰ এটি অত্যন্ত গুৰুত্বপূৰ্ণ উৎসৱ হৈছে এই অম্বুবাচী। ভিন্ন আঞ্চলিক ভাষাত এই উৎসৱৰ নাম ভিন্ন ; কৰবাত অম্বুবাচী, কৰবাত অমাৱতী, আৰু কিছুমান ঠাইত ইয়াক ৰজ্ উৎসৱ বুলি অভিহিত কৰা হয়।
আমাৰ হিন্দু শাস্ত্ৰ আৰু পবিত্ৰ বেদসমূহত এই পৃথিৱীক ধৰিত্ৰী মাতা হিচাপে গণ্য কৰা হয় আৰু আমি সকলোৱে এই পৃথিৱী মাতাৰ সন্তান। অম্বুবাচী পালনৰ ৰীতিৰ মাজতো অন্তৰ্নিহিত হৈ আছে পৃথিৱী আমাৰ মাতা হোৱাৰ দৃঢ়বিশ্বাস।
নতুন বৰ্ষা হোৱাৰ লগে লগে যেতিয়া পৃথিৱী মাতা জলসিদ্ধ হৈ পৰে তেতিয়া সেই অৱস্থাত ধৰিত্ৰীক ঋতুমতী নাৰীৰূপে গণ্য কৰা সনাতন সংস্কাৰ হৈছে অম্বুবাচী উৎসৱ। ঋতুস্ৰাৱৰ পৰৱৰ্তী দিনসমূহ যেনেদৰে নাৰীৰ বাবে সন্তান ধাৰণৰ বাবে আদৰ্শ সময় , ঠিক একেদৰে অম্বুবাচী ৰ পৰৱৰ্তী দিনসমূহ ফচল আৰু খেতিবাতিৰ বাবে আটাইতকৈ উত্তম সময় বুলি গণ্য কৰা হয়।
প্ৰত্যেক বছৰ মহাজাগতিক ধাৰাত পৃথিৱী যেতিয়া সূৰ্য্যৰ মিঠুন ৰাশিষ্ঠ আদ্ৰা নক্ষত্ৰত অৱস্থান কৰে সেই দিনটোৰ পৰা অম্বুবাচী প্ৰবৃত্তি হিচাপে গণ্য কৰা হয় আৰু তাৰ তিনিদিন পিছত সেয়া অন্ত পৰে আৰু যাক কোৱা হয় অম্বুবাচী নিবৃত্তি। আৰু এই অম্বুবাচী ৰ নিবৃত্তি ৰ পিছতে কৃষক চহাসকলে নিজৰ কৃষি ভূমি চহাবলৈ হাতে কামে মনোনিবেশ কৰে।
যেনেদৰে প্রতি নাৰীৰ ৰজস্বলা হয় আৰু তাৰ পিছতে সন্তান ধাৰণৰ সক্ষমতা আহে তেনেদৰে প্ৰত্যেক বছৰে এই অম্বুবাচীৰ সেই তিনিদিনক পৃথিৱীৰ ঋতুকাল বুলি গণ্য কৰা হয় ; আচলতে এই অম্বুবাচীৰ মাধ্যমত এই পৃথিৱী অৰ্থাৎ ধৰিত্ৰীক নাৰী হিচাপে গণ্য কৰা হয়।
নিলাচল পাহাৰত অৱস্থিত শক্তিপিঠ কামাখ্যাত এই অম্বুবাচী উৎসৱ অত্যন্ত গুৰুত্ব সহকাৰে পালন কৰা হয় , যি সময়ত এই মন্দিৰৰ চৌপাশে লাখ লাখ ভক্ত আৰু দর্শনাৰ্থীৰ সমাবেশ হয় ; কিন্তু অম্বুবাচীৰ সময়ছোৱাত দেৱীৰ মন্দিৰ বন্ধ ৰখা হয় আৰু অম্বুবাচী নিবৃত্তিৰ পিছতহে দেৱী দৰ্শনৰ সুযোগ আহে। কিয়নো শাস্ত্ৰ অনুসৰি নাৰীৰ ঋতুকাল ৰ সময়ত পূজা অৰ্চনা অথবা মাংগলিক কাৰ্য্যত বাধা থাকে। যিহেতু অম্বুবাচীৰ তিনিদিন ধৰিত্ৰী মাতাক ৰজস্বলা হিচাপে গণ্য কৰা হয় সেয়ে এই সময়ত কিছুমান নিয়ম নীতি পালন কৰা দৰকাৰী হৈ পৰে । যিসকলে ব্ৰহ্মচাৰ্য পালন কৰে যেনে – ব্ৰহ্মচাৰী, সাধু, সন্ন্যাসী, যোগী পুৰুষ, বিধৱা মহিলা ইত্যাদি সকলোৱে ৰজস্বলা পৃথিৱীৰ ওপৰত অগ্নিৰ দ্বাৰা প্ৰস্তুত কৰি বা সিজাই একো নাখায় ; তেওঁলোকে ফলমূলৰ ওপৰতে জীৱন নিৰ্বাহ কৰে এই তিনিদিন।
প্ৰত্যেক বছৰ আহাৰ মাহৰ প্ৰাৰম্ভত আৰম্ভণি হয় এই অম্বুবাচী প্ৰবৃত্তি । এই বছৰ ২০২৩ চনৰ অম্বুবাচী প্ৰবৃত্তি আৰম্ভ হ’ব আগন্তুক ৬ আহাৰ ( ২২ জুন ) তাৰিখৰ ৰাতি ২.৩৫ মিনিটৰ পৰা। অৰ্থাৎ দেৱীৰ অম্বুবাচী যাত্ৰা আৰম্ভ হ’ব এই বছৰ মধ্যৰাত্রিত। আৰু এই অম্বুবাচীৰ নিবৃত্তি হৈ পৰিব আগন্তুক ১০ আহাৰ ( ২৬ জুন ) সোমাবাৰে দিনৰ দুপৰীয়াৰ ২.৫৬ মিনিটত।
অম্বুবাচীৰ এই সময় অত্যন্ত গুৰুত্বপূৰ্ণ ; শাস্ত্ৰ অনুসৰি অম্বুবাচীৰ এই তিনিদিন সৰ্বকালীন আৰু মাংগলীক লগতে শুভকৰ্ম, বিবাহ, উপনয়ন, অন্নপ্ৰসন্ন , গৃহপ্ৰবেশ, গৃহাৰম্ভ ইত্যাদিৰ পৰা বিৰত থকা উচিত। এই সময় খিনিত কৃষি কাৰ্যৰ কোনো কামে কৰা উচিত নহয়, কিন্তু নিবৃত্তিৰ পিছত অৰ্থাৎ চতুৰ্থ দিনৰ পৰা কোনো বাধা নাথাকে।
অম্বুবাচীৰ সময় খিনিত নিজৰ গৃহৰ অথবা মন্দিৰৰ ভিন্ন মাতৃ দেৱীক যেনে কালি, দুৰ্গা, জগদ্ধাত্ৰী, মা চণ্ডীৰ মূৰ্তি ; নাইবা গৃহত যদি মঙ্গল ঘট আদি প্ৰতিষ্ঠা কৰা আছে তেন্তে সেয়াও শুদ্ধ ৰঙা বস্ত্ৰৰে ঢাকি ৰখা উচিত। এই সময়ছোৱাত তুলসী গছৰ গুৰিত মাটি দি ওখ কৰি ৰাখিব লাগে, এই সময়ছোৱাত নিজ গৃহত ভিন্ন দেৱ দেৱীক পূজা কৰাৰ সময়ত কেতিয়াও মন্ত্ৰ পাঠ কৰা উচিত নহয় পৰিবৰ্তে ধুপ আৰু প্ৰদীপ জ্বলাই প্ৰণাম কৰিলেই যথেষ্ট। কিন্তু যি লোক শাক্ত মন্ত্ৰৰে দীক্ষিত তেওঁ মন্ত্ৰ পাঠ কৰাত বাধা নাই। অম্বুবাচীৰ সময়ত গুৰু পূজা কৰিব পাৰি আৰু গুৰু প্ৰদত্ত মন্ত্ৰ পাঠ কৰাত কোনো বাধা নাই । আদিশক্তিৰ ভিন্ন মূৰ্তি আৰু পদত ৰঙা বস্ত্ৰ ঢাকি দিয়াৰ পিছত কেতিয়াও সেই মূৰ্ত্তি অথবা পদ অম্বুবাচী নিবৃত্তি পৰ্যন্ত স্পৰ্শ কৰা উচিত নহয়। আনকি নিবৃত্তি ৰ পিছত দেৱীৰ আচ্ছাদন ভালকৈ পৰিস্কাৰ কৰি দেৱী মূৰ্তিৰ শুদ্ধ স্নান কৰাই পূজা কৰি তাৰ পিছত দেৱীক আম আৰু গাখীৰ নিবেদন কৰিব লাগে। আৰু এই সমস্ত নিয়মৰ উদ্দেশ্য হৈছে ধৰিত্ৰীক মাতৃ হিচাপে গণ্য কৰা যিহেতু আমি সকলো এই ধৰিত্ৰী মাতাৰ সন্তান , তেওঁ আদিশক্তিৰ যোগ আৰু তেওঁক সুন্দৰ আৰু পৰিচ্ছন্ন ৰখা আমাৰে দায়িত্ব।
জীৱনৰ এই তিনি কৰ্ম হৈছে নকৰৰ দ্বাৰ ! – শ্ৰীকৃষ্ণ গীতাজ্ঞান। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
ভাল মানুহে জীৱনত কষ্ট পায়, বেয়া মানুহৰ সুখ হয় – শ্ৰীকৃষ্ণ অমৃত বাণী। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
ভাল মানুহে জীৱনত কষ্ট পায়, বেয়া মানুহৰ সুখ হয় – শ্ৰীকৃষ্ণ অমৃত বাণী।