এখন ৰাজ্যত ভোক, পিয়াহ , টোপনি আৰু আশা নামৰ চাৰিজনী ভনীয়ে বসবাস কৰিছিল ; হঠাৎ তেওঁলোকৰ মাজত দণ্ডৰ সৃষ্টি হৈছিল যে কোন ডাঙৰ , কাৰ শক্তি বেছি কোন শ্ৰেষ্ঠ বুলি । প্ৰথম জনীয়ে কয় যে তেওঁ শক্তিমান, দ্বিতীয় জনীয়ে ভাৱে তেওঁ শক্তিশালী, তৃতীয় আৰু চতুৰ্থ জনীয়ে ও নিজকে দুৰ্বল বুলি কেতিয়াও জ্ঞান নকৰিছিল আৰু ভাবিছিল তেওঁলোক নিজেই শক্তিশালী।
দণ্ড যেতিয়া তুংগত উঠিছিল তেতিয়া সেই বিষয়ৰ ওপৰত নিষ্পত্তি বিচাৰি চাৰি ভনী সেই ৰাজ্যৰ ৰজাৰ দৰবাৰত উপস্থিত হৈছিল। ৰজাই তেওঁলোকৰ কথা বুজিবলৈ প্ৰথমে ভোক নামৰ ভনীয়েকক প্ৰশ্ন কৰিছিল, ” হে ভোক , তুমি কোৱা তুমি কি হিচাপে শক্তিশালী” ?
উত্তৰত ভোকে কৈছিল, ” মই এই কাৰণে ডাঙৰ আৰু শক্তিশালী যে মোৰ বাবেই সকলো গৃহত জুই জ্বলে , সকলো গৃহত সুন্দৰ সুস্বাদু খাদ্য প্ৰস্তুত হয় তাৰ পিছত সেই খাদ্য খাবলৈ দিয়া হয় আৰু সেই খাদ্য খোৱাৰ পিছতহে মানুহে শক্তি লাভ কৰে ; সেইবাবেই মই শ্ৰেষ্ঠ ,শক্তিশালী আৰু গুৰুত্বপূৰ্ণ”।
ভোকৰ কথা শুনি ৰজাই সেইদিনাই ৰাজ্যৰ চুকে কোনে ঘোষণা দিলে যে সেই ৰাজ্যত কোনোৱে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব , লগতে কাৰো গৃহত অগ্নি জ্বলিব নোৱাৰিব “। আৰু সেইমতে কাম আৰু প্ৰায় ১২ ঘন্টা পাৰ নৌহওঁতে ভোকৰ পেটত খুব ক্ষুধা লাগিছিল , ইফালে ভোকৰ গৃহত ৰজাৰ হুকুম আৰু নিৰ্দেশ অনুসৰি কোনো খাদ্য প্ৰস্তুত হোৱা নাছিল । ভোকৰ ক্ষুধা যেতিয়া লাহে লাহে বাঢ়িবলৈ ধৰিছিল তেতিয়া তেওঁ ঘৰৰ ইফাল সিফাল খাদ্যৰ সন্ধানত লাগি গল আৰু ঘৰৰ চৰুত আগৰদিনা প্ৰস্তুত কৰা অৱশিষ্ট খাদ্য দেখি তাকে খাই পেলাইছিল। আৰু ভোকৰ সেই সমগ্ৰ ঘটনা মনে মনে পিঁয়াহে প্ৰত্যক্ষ কৰি গৈছিল ।
তাকে দেখি পিঁয়াহে দ্ৰুতগতিত ৰজাৰ ওচৰলৈ গৈ ভোকৰ সকলো কথা বৰ্ণনা কৰি কৈছিল, ” হে ৰজা মহাশয়, ভোক ইতিমধ্যে পৰাজিত হৈছে , কিয়নো তেওঁ ঘৰত পৰি থকা ৰাতিৰ অৱশিষ্ট ভাত খাই পেলাইছে , আৰু যিহেতু ডাঙৰ জনীয়ে হাৰ মানিছে সেয়ে ভাবিছোঁ ময়ে শক্তিশালী আৰু শ্ৰেষ্ঠ”। কথা শুনি ৰজাই পিয়াঁহক প্ৰশ্ন কৰিছিল, ” বাৰু তুমিয়ে যদি শ্ৰেষ্ঠ তেন্তে কোৱা তুমি কিহৰ বাবে শ্ৰেষ্ঠ “?
পিঁয়াহে উত্তৰ দিছিল, ” পিয়াঁহৰ কাৰণে মানুহে পুখুৰী খান্দি পেলাই, কুৱা খান্দি পেলাই, বৃহৎ বৃহৎ পাত্ৰত জল সঞ্চয় কৰে, তাৰ পিছত সঞ্চিত পাত্ৰৰ পৰা যেতিয়া সৰু পাত্ৰত কাৰোবাক পানী দিয়া হয় তেতিয়াহে তেওঁ সেই জল পান কৰিব পাৰে আৰু নিজৰ পিপাশা দূৰ কৰিবলৈ সক্ষম হয় ; এইবাবেই মই শ্ৰেষ্ঠ” ।
পিয়াঁহৰ কথা শুনি ৰজাই সৈনিক সকলক গোটেই ৰাজ্যত তৎকালীন ভাৱে ঘোষণা কৰিবলৈ নিৰ্দেশ দিছিল যাতে কোনো ৰাজ্যবাসীয়ে পুনঃ নিৰ্দেশ নোহোৱালৈকে ৰাজ্যত পুখুৰী, কুৱা খান্দিব নোৱাৰে , কোনো লোকে যাতে কোনোধৰণৰ পাত্ৰত পানী সঞ্চয় নকৰে।
কথা মতে কাম সৈনিক সকলৰ, ঘোষণা শুনি ৰাজ্যবাসীয়ে যেতিয়া ৰজাৰ আদেশ পালন কৰিলে চাৰিওফালে খোৱাপানীৰ নাটনি হৈ পৰিল। এনেদৰে এদিন, দুদিন আৰু কিছুদিন পিছত ৰাজ্যত পানীৰ বাবে হাহাকাৰ লাগিল , পিয়াহৰো পানীৰ নাটনিত কন্ঠ শুকাই পৰিল, পিয়াহে খোৱাপানী বিচাৰি ইফালে সিফালে দৌৰিবলৈ ললে, শেষত যেতিয়া কতো পানী নাপালে তেতিয়া তেওঁ লেতেৰা ঠাইত জমা হৈ থকা পানীকে পান কৰিবলৈ বাধ্য হ’ল ; আৰু সেই সকলো ঘটনা তৃতীয় ভনী টোপনিয়ে মনে মনে প্ৰত্যক্ষ কৰি গৈছিল ।
তেনে পৰিঘটনা দেখি টোপনি নামৰ ভগ্নী জনী দ্ৰুততাৰে ৰজাৰ ওচৰলৈ গৈ নিবেদন কৰিছিল, ” হে ৰজা মহাশয়, পিয়াহ হাৰি গৈছে কিয়নো তেওঁ ইতিমধ্যে লেতেৰা আৰু কদৰ্যময় ঠাইত জমা হৈ পৰা পানী পান কৰিছে, সেয়ে যিহেতু মোৰ দুয়োগৰাকী বাইদেউ হাৰি গৈছে সেয়ে আপুনি মোক শ্ৰেষ্ঠ বুলি ঘোষিত কৰক”।
তেতিয়া ৰজাই টোপনিক প্রশ্ন কৰিছিল , ” যদি তুমি শ্ৰেষ্ঠ তেন্তে তাৰ মূলত কি ৰহস্য আছে “? টোপনিয়ে উত্তৰ দিছিল, ” মই এইবাবেই শ্ৰেষ্ঠ যে মানুহে টোপনিৰ বাবেই অতি সুন্দৰ বিছনা, পালেং আদি তৈয়াৰ কৰে আৰু তাৰ ওপৰত বস্ত্ৰ পাৰি মানুহে শয়ন কৰে , বিশ্ৰাম কৰে , দেহৰ অৱসাদ দূৰ কৰে ; কথা শুনি ৰজাই পুনৰ ৰাজ্যৰ সৈনিক সকলক ঘোষণা কৰিবলৈ নিৰ্দেশ কৰিলে যে সেইদিনাৰ পৰা আগন্তুক ঘোষণা নোহোৱা পৰ্য্যন্ত যাতে কোনো ৰাজ্যবাসীয়ে বিছনা পালেং আদিত টোপনি নামেৰে । কথা অনুসৰি কাম আৰু ৰাজ্যবাসীয়ে সেইদিনাৰ পৰা বিছনা পালেং অবিহনে মাটিৰ ওপৰত টোপনি মাৰিবলৈ ললে ; লগতে ৰজাৰ নিৰ্দেশনাত ভীতিগ্ৰস্ত টোপনিয়ে ও বিছনা পালেং এৰি মাটিতে কাপোৰ পাৰি শুবলৈ ললে আৰু সেই সমস্ত পৰিঘটনা চতুৰ্থ ভনী আশাই সকলো প্ৰত্যক্ষ কৰি আছিল ।
তাকে দেখি আশাই বিলম্ব নকৰাকৈ ৰজাৰ দৰবাৰত উপস্থিত হৈ ৰজাক অনুৰোধ কৰিছিল তেওঁক শ্ৰেষ্ঠ বুলি ঘোষণা কৰিবলৈ কিয়নো টোপনিয়ে বিছনা অবিহনে শুই যোৱা তেওঁ নিজ চকুৰে ইতিমধ্যে প্ৰত্যক্ষ কৰিছে। তেতিয়াই চতুৰ ৰজাই আশাক নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিবলৈ নিৰ্দেশ কৰিছিল। আশাই উত্তৰ দিছিল যে তেওঁ এইবাবেই শ্ৰেষ্ঠ যে এই আশাৰ বাবেই মানুহে বহু কৰ্ম কৰে, পৰিশ্ৰম কৰে , বেপাৰ বাণিজ্য কৰে তথাপি আশাৰ আলোকক বিচলিত হ’বলৈ নিদিয়ে ।
কথা শুনি চতুৰ ৰজাই ৰাজ্যৰ সৈনিক সকলক নিৰ্দেশ কৰিলে , ” যোৱা ৰাজ্যৰ চুকে কোনে ঘোষণা কৰি অহা যে আজিৰ পৰা কোনো লোকে যাতে কোনো পৰিশ্ৰম নকৰে , চাকৰি – ব্যৱসায় – বাণিজ্য নকৰে, কোনোৱে যাতে এই ৰাজ্যত নিজৰ আশাৰ প্ৰদীপ নজ্বলাই ; চাওঁ ময়ো আশাৰ আশা জাগিলে তেওঁ কি কৰে “।
কথা অনুসৰি কাম, আৰু দিন পাৰ হ’ল, সময় বাগৰিব ললে , আশা ভগ্নীৰ মনত পুনঃ আশা জাগ্ৰত হ’ল আৰু তেতিয়া আশাই চাৰিওফালে ঘূৰি ফুৰি মানুহৰ চলন ফুৰণ আৰু গতিবিধি লক্ষ্য কৰিবলৈ ধৰিলে, আশাই দেখিবলৈ পালে যে চাৰিওফালে নিৰ্জন নিতাল পৰিবেশ এলেকা সমূহত ।
ৰাতিপুৱা সহবাস কৰিলে কি হয় ? উত্তম সময় কি ? -শাস্ত্ৰ কথা। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
পুত্ৰলৈ মা’ৰ এখন চিঠি , মা’ৰ মৃত্যুৰ পিছত পুত্ৰই পালে ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
হঠাৎ কিছুদিন পিছত এক সন্ধিয়া সময়ত আশাই দেখিবলৈ পাইছিল যে এজন মাটিৰ পাত্ৰ আৰু আচবাব নিৰ্মাণ কৰা কুমাৰে এগছি বন্তিৰ ধিপ ধিপ পোহৰত কাম কৰি আছিল , আচৰিত হৈ আশা সেই কুমাৰ জনৰ ওচৰ পালেগৈ । আশা উপস্থিত হোৱা মাত্ৰকে সেই কুমাৰৰ সকলো আচবাব, পাত্ৰ আনকি জ্বলি থকা বন্তিগছ ও স্বৰ্ণ লৈ পৰিণত হৈ পৰিছিল ; সেই পৰিঘটনা কুমাৰ জনেও প্ৰত্যক্ষ কৰি আনন্দত আত্মহাৰা হৈ পৰিছিল। তাকে দেখি আশা ৰজাৰ ওচৰলৈ গৈ সকলো কথা ৰজাক অৱগত কৰিলে ; আৰু শেষত ৰজাই আশাক শ্ৰেষ্ঠ বুলি ঘোষণা কৰিলে ।
POPULAR ASSAMESE VIDEO