সুখ আৰু দুখ হৈছে এক মুদ্ৰাৰ ইপিঠি সিপিঠি ; এই দুয়োটাৰ চক্ৰৰ দ্বাৰা মানুহৰ জীৱন পৰিক্ৰমা চলে আৰু সেই চক্ৰৰ নিয়ম অনুসৰিহে কোনোবাই ভাল কাম কৰিলে ভাল হ’ব আৰু বেয়া কাম কৰিলে বেয়া হ’ব অৰ্থাৎ তেওঁ দুখ ভোগ কৰিব।
তথাপিও এই সমাজত দেখা যায় যে কিছুমান ব্যক্তিয়ে ভাল কাম কৰাৰ পিছতো তেওঁৰ বেয়া হৈছে বা দুখ হৈছে আৰু কিছুমান ব্যক্তিয়ে অত্যন্ত বেয়া কাম কৰিও সুখ প্ৰাপ্তি কৰিছে । প্ৰশ্ন ইয়াতে উত্থাপন হয় যে এই জীৱন চক্ৰৰ নিয়ম যে ভাল কাম কৰিলে ভাল হ’ব আৰু বেয়া কাম কৰিলে বেয়া হ’ব সেই চক্ৰ সলনি হৈছে নেকি ? নে ভগৱানে পাপী সকলৰ ওপৰত শুভ দৃষ্টি আৰোপ কৰা আৰম্ভণি কৰিছে ? হয়তো এই প্ৰশ্ন সকলোৱে কৰিব কিয়নো আমাৰ চাৰিওফালে যিসমূহ ঘটনাক্ৰম হৈ আছে তাৰ পৰা যি দেখা যায় এই প্ৰশ্ন উদয় হোৱা স্বাভাৱিক।
আৰু এই একে প্ৰশ্ন ভগৱান শ্ৰীকৃষ্ণক তেওঁৰ দুজন ভক্তই কৰিছিল। এজন আছিল অৰ্জুন আৰু আনজন উদ্ধব। উদ্ধবক ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এই প্ৰশ্নৰ আটাইতকৈ ডাঙৰ উত্তৰ হৈছে পঞ্চপাণ্ডৱ । কিয়নো তেওঁলোক আছিল খুব ধাৰ্মিক, খুব পণ্ডিত আৰু খুব ভাল ; তেওঁলোকে দুখত ভুগিব লগীয়া কিয় হৈছিল বুলি উদ্ধবে শ্ৰীকৃষ্ণক প্রশ্ন কৰিছিল।
উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে হে উদ্ধব এই পৃথিৱীত মানুহে নিজৰ পূৰ্বৰ কৰ্মফলহে ভোগ কৰে, কিন্তু আপাত দৃষ্টিৰে চালে দেখা যায় যে মানুহে বেয়া কৰ্ম কৰিও সুখত আছে আৰু ভাল কৰ্ম কৰি দুখত আছে । আৰু এই আপাত দৃষ্টিৰে মানুহে কিন্তু নিজৰ অজ্ঞানতাৰ বাবেহে চাবলৈ চেষ্টা কৰে।
শ্ৰীকৃষ্ণই কৈছিল যে পাণ্ডৱসকল কেতিয়াও দুখত নাছিল, কিয়নো স্বয়ং ভগৱান শ্ৰীকৃষ্ণ আছিল তেওঁলোকৰ সৈতে। কিয়নো যিজনে বিচাৰে শ্ৰীকৃষ্ণ তেওঁলোকৰ সৈতে থাকে , যিয়ে নিবিচাৰে তেওঁলোকৰ পৰা দূৰৈত থাকে আৰু তেওঁ যত থাকে তাতে কোনো ধৰণৰ বেয়া নহয় মাত্ৰ জয় অথবা ভাল হয় ।
পঞ্চপাণ্ডৱে জীৱনৰ আৰম্ভণিৰ পৰা কৃষ্ণক বিচৰা নাছিল, কিন্তু যেতিয়া তেওঁলোকে নিজৰ কৰ্মফলৰ বাবে ৰাজ্যৰ শাসন ভাৰ হেৰুৱাইছিল তাৰ পিছতহে তেওঁলোকে কৃষ্ণৰ শৰণাপন্ন হৈছিল, তাৰ পিছত কৃষ্ণই তেওঁলোকক সকলো ফালৰ পৰা ভালে ৰখাৰ যত্ন কৰিছিল, আৰু যেতিয়াই যেতিয়াই তেওঁলোকে কৃষ্ণক দূৰৈত ৰাখিছে তেতিয়াই তেওঁলোকে বিপদত পৰিছে, আৰু সেই বিপদৰ পৰা ৰক্ষা পাবলৈ পুনঃ যেতিয়াই তেওঁলোকে কৃষ্ণক মাতিছিল তেতিয়াই তেওঁলোকক ৰক্ষা কৰিছিলোঁ ,উদ্ধাৰ কৰিছিল।
উদাহৰণ স্বৰূপে , শ্ৰীকৃষ্ণই উদ্ধবক কৈছিল ,” পাণ্ডৱ সকলে পাশা খেল খেলিবলৈ যাওঁতে মোক লৈ যোৱা নাছিল, মই কৈছিলোঁ যে সেই খেলা মোৰ ভাল নালাগে, মই আৰু কৈছিলোঁ যে যদিও তোমালোকে যাব বিচৰা তেন্তে মোক লগত লৈ যোৱা কিন্তু যুধিষ্ঠিৰে কৈছিল যে মই যিহেতু সেই খেলা পছন্দ নকৰো সেয়ে মই যাব নালাগে আৰু প্ৰয়োজন হলে হেনো মোক মাতিব ; কিন্তু সেই পাশা খেলত সকলো হেৰুৱাই দ্ৰৌপদীক ভাও লগোৱাৰ পিছত যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ হৈছিল তেতিয়াও মোক স্মৰণ কৰা নাছিল তেওঁলোকে , ফলতে তেওঁলোকে জীৱনৰ বহু কাল জংঘলে জংঘলে কটাবলৈ আৱশ্যক হৈছিল”। “যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰ হৰণ কৰা হৈছিল তেতিয়াও এবাৰো পঞ্চপাণ্ডৱে মোক স্মৰণ কৰা নাছিল কিন্তু যেতিয়া দ্ৰৌপদীয়ে দুই হাত তুলি মোক মনে মনে স্মৰণ কৰিছিল সহায়ৰ হাত বিচাৰি, তেতিয়া মই গুপুতে গৈ দ্ৰৌপদীক সহায়ৰ হাত আগবঢ়াই দিছিলোঁ আৰু সেই কথা দ্ৰৌপদীৰ বাহিৰে কোনো জ্ঞাত নহয়।
তাৰ পিছত শ্ৰীকৃষ্ণই উদ্ধবক দুৰ্বাশা মুনিৰ কাহিনী কৈছিল। কাহিনী অনুসৰি দুৰ্বাশা মুনি গৈছিল তেওঁৰ দহ হাজাৰ শিষ্য লগত লৈ তেওঁলোকক জব্দ কৰিবৰ বাবে শকুনি আৰু দুৰ্যোধনৰ কথা অনুসৰি, আৰু তেতিয়াও পাণ্ডৱে কৃষ্ণক স্মৰণ কৰা নাছিল আৰু অৱশেষত যেতিয়া তেওঁলোকে বিফল হৈছিল তেতিয়াহে কৃষ্ণক স্মৰণ কৰিছিল আৰু কৃষ্ণই গৈ পঞ্চপাণ্ডৱক ৰক্ষা কৰিছিল। অৰ্থাৎ পঞ্চপাণ্ডৱ কেতিয়াও দুখত পৰা নাছিল , তেওঁলোক দুখত পৰিছিল মাত্ৰ তেওঁলোকৰ নিজৰ দোষৰ বাবেহে। আৰু সেইকাৰণে ই হয়তো শ্ৰীকৃষ্ণ যেতিয়া পঞ্চপাণ্ডৱৰ হাতত ৰাজভাৰ পুনৰাই তুলি দ্বাৰকালৈ যাব ওলাইছিল তেতিয়া কুন্তী আৰু পঞ্চপাণ্ডৱে একেমুখে কৈছিল , ” হে মাধৱ , এই ৰাজপাট ৰ বাবে যদি আমি তোমাক হেৰুৱাব লাগে তেন্তে আমাক এই ৰাজপাট নালাগে , মাত্ৰ আমি তোমাৰ সান্নিধ্য বিচাৰো”, শ্ৰীকৃষ্ণই উদ্ধৱক কৈছিল।
ঠিক অৰ্জুনৰ একে প্ৰশ্নৰ উত্তৰত ভগৱান শ্ৰীকৃষ্ণই কৈছিল , ” হে বন্ধু অৰ্জুন সেয়া সত্য নহয় যে বেয়া মানুহে সুখ ভোগ কৰে বা ভাল মানুহে দুখ ভোগ কৰে , আপাত দৃষ্টিত সেয়া সঁচা হ’ব পাৰে কিন্তু বাস্তৱত সেয়া মানুহৰ পূৰ্বকৰ্মৰ ফলহে অৰ্থাৎ কোনো ব্যক্তিয়ে এই জনমত ভাল কৰ্ম কৰিলেও তেওঁৰ পূৰ্বজন্মৰ কিছু বেয়া কৰ্মৰ ফলত এই জনমত তেওঁ দুখ ভুগিব লাগিব কিয়নো তেওঁ সেই জন্মৰ বেয়া কৰ্মৰ ফল এই জনমত ভোগ কৰি শেষ কৰিব লাগিব তেতিয়াহে সেই জীৱৰ আত্মা পৰবৰ্তী জন্মত সুখ প্ৰাপ্তি কৰিব আৰু মোক্ষপ্ৰাপ্ত হৈ পৰিব ; আৰু এই জন্মত কৰা ভাল বেয়া কৰ্মৰ ফল তেওঁ অহা জনমত হে প্ৰাপ্তি কৰিব , এই জনমত নহয়”।
মৃত্যুৰ পিছত মানুহৰ এই ৫ টি বস্তু লগত যায় – শ্ৰীকৃষ্ণ বাণী ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
মৃত্যুৰ পিছত মানুহৰ এই ৫ টি বস্তু লগত যায় – শ্ৰীকৃষ্ণ বাণী !
ক্ৰোধ আৰু খং নিয়ন্ত্ৰণ কৰাৰ ৫ টি উপায় – শ্ৰীকৃষ্ণ অমৃত বাণী। ৰহস্য জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
ক্ৰোধ আৰু খং নিয়ন্ত্ৰণ কৰাৰ ৫ টি উপায় – শ্ৰীকৃষ্ণ অমৃত বাণী।
এই কথাৰ সাৰাংশ কথা হ’লে যে যিয়ে এই জন্মত ভাল কাম কৰিও বেয়া ফল ভোগে সেয়া হৈছে তেওঁৰ পূৰ্বজন্মৰ কৰ্মফল ; আৰু এই জন্মত যিয়ে কুকৰ্ম কৰিও ভাল ফল ভুগিছে সেয়া হৈছে তেওঁৰ পূৰ্বজন্মৰ ভাল আৰু সৎ কৰ্মৰ কৰ্মফল।
POPULAR ASSAMESE VIDEO