spiritual way of life

এনে ব্যক্তিৰ মনৰ বাঞ্ছা আৰু ইচ্ছা ভগৱানে দ্ৰুত পূৰ্ণ কৰে – শিৱ পুৰাণ !

 আপুনি যদিহে ভগৱান শিৱৰ পূজা কৰে আপুনি যদিহে ভগৱান শিৱৰ ভক্ত , তেন্তে তলৰ কথাখিনি মন দি শুনক । আমি সকলোৱে বিচাৰো যে ভগৱান শিৱই আমাৰ প্ৰত্যেকৰে মনৰ বাৰ্তা অতি শীঘ্ৰে পূৰণ কৰক।

MORITIOUS AS TOURIST VENUEtourist place Cocos island

মহাদেৱ হৈছে দেৱ আদিদেৱ আৰু তেওঁ অতি দয়ালু ; তেওঁ অকণমান ভক্তিতে সন্তুষ্ট হৈ পৰে। নিষ্ঠা আৰু ভক্তিৰে সামান্য ফুল আৰু বেলপাত অৰ্পণ কৰিলেই তেওঁ সন্তুষ্ট হৈ পৰে। তাৰ ভিতৰত ভগৱান শিৱই কিছুমান ব্যক্তিৰ মনৰ ইচ্ছা অতি দ্ৰুততাৰে পূৰণ কৰে। আমাৰ সমাজত থকা কিছুমান ব্যক্তিৰ অকণমান প্ৰাৰ্থনাতে শিৱ সন্তুষ্ট হৈ পৰে আৰু ভক্তৰ মনৰ কামনা পূৰ্ণ কৰে। ভক্তই যেনেদৰে ভগৱান ৰ পৰা বহু কিবাকিবি আশা কৰে ঠিক একেদৰে ভগৱানে আশা কৰে এনে কিছুমান লোকৰ ভক্তি যি ব্যক্তিৰ দেহত কিছুমান বিশেষ গুণ থাকে।

INDUNESIA A PLACE OF BEAUTYbeautiful way of life
ধৰ্মৰাজ অৱতাৰ স্বৰূপ মহাত্মা বিদূৰৰ উল্লেখ অনুসৰি আৰু শিৱ পুৰাণ মতে প্ৰথমতে ভগৱান শিৱই সেই লোকৰ মনৰ বাঞ্ছা সোনকালে পূৰ্ণ কৰে যি ব্যক্তিৰ যথেষ্ট অৰ্থ ধন সম্পত্তি সকলো থকাৰ পিছতো যদি তেওঁৰ অহংকাৰ নাথাকে । আৰু সেই লোকৰ ভগৱান শিৱৰ কৃপাত সর্বদা মঙ্গল হয়। আৰু যদি কোনো ব্যক্তিয়ে অৰ্থ সম্পদৰ বাবে অহংকাৰ কৰে তাৰ পতন নিশ্চিত। অহংকাৰী লোকে যিমানেই ভগৱান শিৱৰ পূজা নকৰক তেওঁৰ মঙ্গল কেতিয়াও নহয় যিটো ঘটিছিল মহাভাৰতৰ ৰাৱণৰ সৈতে।

way of lifeGerman as tourist venue
দ্বিতীয় যি বিষয় বা গুণ হৈছে যাৰ বাবে ভগৱান শিৱই ভকতৰ মনোবাঞ্ছা পূৰ্ণ কৰে সেয়া হৈছে নম্ৰ গুণৰ অধিকাৰী লোক। যি ব্যক্তিয়ে অইনৰ সৈতে নম্ৰ আৰু ভদ্ৰ আচাৰ ব্যৱহাৰ কৰে সেই লোকৰ অকণমান প্ৰাৰ্থনাতে মহাদেৱ ভগৱান শিৱ সন্তুষ্ট হৈ পৰে। উশৃংখল, অতি ৰাগী আৰু অভদ্ৰ ব্যক্তি সদায় ভগৱান শিৱৰ কৃপাৰ পৰা বঞ্চিত থাকে। বাবাৰ আশীষ পাবলৈ হলে সদায় বিনয়ী আৰু নম্ৰ হোৱা প্ৰয়োজন।

Different existence of Shivaway of holly life
যি ব্যক্তিয়ে পশু পক্ষীৰ যত্ন লয় আৰু আদৰ কৰে সেই ব্যক্তি ভগৱান শিৱৰ খুব প্রিয়। যি লোকে পশু পক্ষীক আহাৰ দিয়ে , যত্ন লয় সেই লোকৰ নিবেদন খুব সোনকালে পূৰণ কৰে ভগৱান শিৱই। কিন্তু যি ব্যক্তিয়ে কাৰণ অকাৰণত পশু পক্ষীক নিধন কৰে , কষ্ট দিয়ে বা ভক্ষণ কৰে সেই ব্যক্তিৰ প্ৰতি ভগৱান শিৱ ৰুষ্ট হৈ পৰে। সেয়ে বিশ্বাস যে যদিহে কাৰোবাৰ পশু পক্ষীক আদৰ মৰম কৰে সেই ব্যক্তিয়ে ভগৱান শিৱক আৰাধনা কৰিলে ফলাফল খুব সোনকালে পোৱাৰ আশা কৰিব পাৰে।

spiritual lifeGerman as tourist venue
চতুৰ্থতে যি ব্যক্তিয়ে নিজৰ ক্ৰোধ নিয়ন্ত্ৰণত ৰাখিব পাৰে , যি লোকে অইনৰ প্ৰতি নিজৰ মনত বিদ্বেষ ভাব নাৰাখে সেই ব্যক্তিক ভগৱান শিৱই খুব পছন্দ কৰে। যি লোকে সকলোৰে মঙ্গল কামনা কৰে , যিয়ে কটু কথাৰে লোকৰ মনত আঘাত নকৰে সেই লোক ভগৱান শিৱৰ অতি প্ৰিয়। এই লোকৰ সামান্য পূজা আৰধনাত ভগৱান শিৱ অত্যন্ত প্ৰসন্ন হৈ পৰে।

never do this in bed

জীৱৰ মৃত্যু কিয় হয় ? মৃত্যুৰ জন্ম কেনেকৈ ? – শ্ৰীমদ্ভাগৱত গীতা বাণী। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

জীৱৰ মৃত্যু কিয় হয় ? মৃত্যুৰ জন্ম কেনেকৈ ? – শ্ৰীমদ্ভাগৱত গীতা বাণী।

এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে !জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

এই ৫ মহাপাপ কৰিলে মনুষ্যই ৭ জন্ম নৰকত দহিব লাগে !

 

শেষত যি লোকে নিজৰ কথা নাভাবি আনক সাহাৰ্য্য কৰে , যি লোকে জীৱনৰ যিকোনো প্ৰেক্ষাপটত সাধাৰণ জীৱন নিৰ্বাহ কৰিবলৈ পছন্দ কৰে , যি লোকৰ মনত অইনক নীচ কৰাৰ প্ৰৱণতা নাথাকে সেইসকল লোক ভগৱান শিৱৰ অতি প্ৰিয়। যি লোক নিধন হৈ অইনক দান কৰাৰ মনোবৃত্তি ৰাখে সেই ব্যক্তিৰ পূজা অৰ্চনা ভগৱান শিৱৰ অতি প্ৰিয় আৰু সেই লোকে অতি সহজতে ভগৱান শিৱৰ কৃপাদৃষ্টি লাভ কৰিবলৈ সমৰ্থ হয়। এই সকল ব্যক্তিয়ে যি উদ্দেশ্য লৈ ভগৱান শিৱৰ পূজা কৰে সেই উদ্দেশ্যে অতি সহজতে সফলমণ্ডিত হৈ পৰে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *