why does people die

জীৱৰ মৃত্যু কিয় হয় ? মৃত্যুৰ জন্ম কেনেকৈ ? – শ্ৰীমদ্ভাগৱত গীতা বাণী।

জীৱৰ মৃত্যু কিয় হয় ? মৃত্যুৰ জন্ম কেনেকৈ ? আমি সকলোৱে জানো যে যি প্ৰাণী এই পৃথিৱীত জন্ম হয় তাৰ এদিন নহয় এদিন মৃত্যু আছে , কিন্তু এই মৃত্যু কি ? লগতে জীৱকুল কিয় আৰু কেনেদৰে জন্ম হৈ থাকে ? এই মৃত্যুৰ জন্ম হৈছিল কেনেকৈ অৰ্থাৎ মৃত্যু পৰম্পৰা কেনেকৈ আৰম্ভ হৈছিল ?

way of holly lifedestruction of earth theory and belief
এইটো সকলোৱে জানো যে পৰম পিতা ব্ৰহ্মাই এই মহাবিশ্ব ৰচনা কৰিছিল ; আৰু এই মহাবিশ্ব বহুবাৰ ধ্বংস হৈছিল। প্ৰথমে যেতিয়া এই মহাবিশ্ব আৰু প্ৰাণীসমূহৰ সৃষ্টি হৈছিল তাৰ কেইবাহাজাৰ বছৰৰ পিছত পৰম পিতা ব্রহ্মাই দেখিছিল যে প্ৰাণীসমূহৰ জন্ম প্ৰক্ৰিয়াৰ বাবে তেওঁলোকৰ সংসাৰ ক্ৰমশঃ বৃদ্ধি হৈ গৈ আছিল আৰু তাকে দেখি পৰম পিতা ব্ৰহ্মাই ভাবিছিল যে যদিহে জীৱকুলৰ সংখ্যা তেনেদৰে বৃদ্ধি হৈ গৈ থাকে তেনেহলে বৰ্ধিত জীৱকুলৰ ওজনত জীৱজগত এদিন পুনঃ ৰসাতলে সোমাই পৰিব , তেতিয়া পৰম পিতা ব্ৰহ্মাই এই জীৱজগত ৰ ভাৰসাম্যতা বজাই ৰাখিবলৈ কিবা এটা চিন্তা কৰিবলৈ আৰম্ভ কৰিলে ; যদিও বহু চিন্তা ভাৱনা কৰাৰ পিছতো পৰম পিতা ব্ৰহ্মাই একো বুজিব নোৱাৰি নিজেই খুব ক্ৰোধিত হৈ পৰিছিল আৰু তেওঁৰ সেই ক্ৰোধৰ ফলত হঠাৎ অগ্নিৰ প্ৰকট হৈ পৰিছিল , আৰু সেই ক্ৰোধ অগ্নিৰ সহায়ত ব্ৰহ্মাই সমস্ত প্ৰাণীক সংহাৰ কৰাৰ সিদ্ধান্ত লৈছিল।

never do this in bedgreatness of lifewhen we must speak
ব্ৰহ্মাই সিদ্ধান্ত গ্ৰহণ কৰা মাত্ৰকে ক্ৰোধাগ্নী চাৰিওফালে বিয়পি পৰে আৰু সেই অগ্নিত সমস্ত জগত জ্বলিব ধৰিছিল। তাকে দেখি স্বৰ্গৰ দেৱ দেৱীসকল আচম্বিত হৈ পৰিছিল আৰু নিমিষতে ভগৱান শিৱ নিজেই ব্ৰহ্মাৰ ওচৰলৈ গৈছিল আৰু কৈছিল , ” হে ভগৱান ব্ৰহ্মা , আপুনি এনেদৰে সমস্ত জীৱকুল অগ্নিদাহ কিয় কৰিছে “? তেতিয়া ব্ৰহ্মাই উত্তৰ দিছিল যে পৃথিৱী দেৱতাই ইতিমধ্যে ভৰ সহ্য কৰিব নোৱাৰা হৈছে আৰু পৃথিৱীৰ কষ্টৰ বাবেই জীৱকুল বিনাশ কৰাৰ অতি দৰকাৰী হৈ পৰিছে।

tourist place Cocos islandPakistan economy

লগে লগে ভগৱান শিৱই কৈছিল, ” হে সৃষ্টিকৰ্তা ব্ৰহ্মা, আপোনাৰ এই সিদ্ধান্তৰ বাবে জীৱকুলৰ উপৰিও গছ গছনি , নদ নদী , পাহাৰ পৰ্বত সকলো বিনাশ হৈ পৰিব, সেইবাবে আপুনি এই ক্ৰোধাগ্নীক নিয়ন্ত্ৰণ কৰা উচিত আৰু জীৱকুল বিনাশৰ বাবে কিবা দ্বিতীয় উপায় চিন্তা কৰা উচিত”। ভগৱান শিৱৰ এই প্ৰাৰ্থনা শুনি ব্ৰহ্মাই সেই ক্ৰোধাগ্নীক নিজৰ নিয়ন্ত্ৰণলৈ আনি নিজৰ শৰীৰত পুনৰাই সমৰ্পন কৰিছিল আৰু সেই সময়তে ব্ৰহ্মাৰ ইন্দ্ৰিয়ৰ পৰা কলা, ৰঙা আৰু হালধীয়া এক নাৰীৰ সৃষ্টি হৈছিল, আৰু পৰম পিতা ব্ৰহ্মাই সেই নাৰীক মৃত্যু বুলি নাম দিছিল আৰু ব্ৰহ্মাই মৃত্যুক আজ্ঞা কৰি কৈছিল, ” মই এই তিনিলোক সংহাৰ কৰাৰ বাবে যে ক্ৰোধিত হৈছিলোঁ সেই ক্ৰোধৰ পৰা তোমাৰ সৃষ্টি হৈছে , আৰু এতিয়া তোমাৰ কাম হৈছে এই জগতৰ সমস্ত জীৱকুল বিনাশ কৰা”।

destruction of earth theory and beliefPakistan economic crisis

 

HOW TO BE WORTHY

জীৱনৰ কিমান বয়সলৈ শিশু এটি নিষ্পাপ ? – মান্দব্য ঋষিৰ শাস্ত্ৰ কথা। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

জীৱনৰ কিমান বয়সলৈ শিশু এটি নিষ্পাপ ? – মান্দব্য ঋষিৰ শাস্ত্ৰ কথা।

কিয় মানুহে কুকুৰ, গাধ আৰু ফেঁচাৰ আয়ুস পাইছে ? – শাস্ত্ৰ কথা। জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক

কিয় মানুহে কুকুৰ, গাধ আৰু ফেঁচাৰ আয়ুস পাইছে ? – শাস্ত্ৰ কথা।

পৰম পিতা ব্ৰহ্মাৰ কথা শুনি মৃত্যু খুব দুঃখিত হৈ কান্দি কান্দি কৈছিল, ” হে পৰম পিতা, মই পাপ আৰু অধৰ্মক খুব ভয় কৰো”।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *