Pakistan economic crisis

পাকিস্তান শেষ ! পাকিস্তান ভিক্ষাৰী হৈ গল ! হাহাকাৰ চাৰিওফালে !

 সাত জানুৱাৰী ২০২৩ , পাকিস্তানৰ এজন মজদূৰ আছিল যাৰ নাম হৰসিং কোহলি ; তেওঁ ৬ জন সন্তানৰ পিতৃ আছিল , তেওঁ মানুহৰ ভিৰত উজুটি খাই খুব বেয়াকৈ পৰি গৈছিল আৰু বহু কষ্টৰে মৃত্যুবৰণ কৰিছিল, মৃত্যুৰ পিছত তেওঁৰ শৰীৰ মাটিত পৰি আছিল আৰু তেওঁৰ মৃতদেহ ৰ ওচৰতে পৰি আছিল হৰসিং কোহলি ৰ আটাৰ সৰু বস্তা এটা। আৰু সেই বস্তাৰ বাবে সমবেত জনগণ ৰ মাজত ডাঙৰ যুদ্ধ হৈছিল যে আটা ৰ বস্তা টি কোনে নিব আৰু চলিছিল প্ৰচণ্ড মাৰপিত।

Pakistan economic crisisPakistan economic crisis

পাকিস্তানৰ সিন্ধ চহৰত এনে অৱস্থা হৈছে যে সেই চহৰত বসবাস কৰা বহু লোকৰ গৃহত দুদিন খাব পৰাকৈ বৰ্তমান ৰেচন মজুত নাই। ঘেঁহু উৎপাদন ত পৃথিৱীৰ আঠ নম্বৰ স্থানত থকা দেশ পাকিস্তানত এতিয়া এক বস্তা আটা ৰ বাবে মানুহে প্ৰাণ দিবলৈ বা লবলৈ প্ৰস্তুত হৈছে।

tourist place Cocos islandPakistan economic crisis

পাকিস্তান পৃথিৱীৰ পঞ্চম জনবহুল দেশ যি আজি ইমানেই বেয়া অৱস্থালৈ গতি কৰিছে যিটো যদি দুসপ্তাহ ৰ ভিতৰত শুধৰণি কৰা নাযায় তেনেহলে দুসপ্তাহ ৰ পিছত পাকিস্থানৰ নাগৰিকৰ সৈতে বিজুলী, খাদ্য আৰু পেট্ৰল আনকি শিশু ৰ বাবে গাখীৰ এটোপাল নাবাচিব। আজিৰ তাৰিখলৈ যদি কোৱা হয় পাকিস্তানৰ হাতত এই মুহূৰ্তত বৈদেশিক মুদ্ৰা আছে মাত্ৰ 3.1 বিলিয়ন ডলাৰ যিটো দুদিন আগত 16.6 বিলিয়ন আছিল। আৰু আগন্তুক বাৰ মাহৰ ভিতৰত পাকিস্তানে IMF অইন অইন দেশ আৰু সংস্থা সমূহক ঋণ পৰিশোধ কৰিব লাগিব প্ৰায় 22 বিলিয়ন ডলাৰ , এই মাহতে পৰিশোধ কৰিব লগীয়া বোজা হৈছে প্ৰায় 3.9 বিলিয়ন ডলাৰ। এই কাৰণতে পাকিস্তানৰ অৱস্থা প্ৰতি মুহূৰ্ততে বেয়ালৈ গৈ আছে , দৈনন্দিন অত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি হৈছে আৰু যিখিনি সামগ্ৰী দেশ খনত আছে তাৰ মূল্য দৈনন্দিন বৃদ্ধি হৈছে। তাৰ ফলশ্ৰুতিত এটি পৰিয়ালৰ এসাজৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য তিনিগুণ হৈ পৰিছে ।

Pakistan economic crisisPakistan economic crisis
পাকিস্তানৰ মানুহৰ ঘাই প্ৰয়োজন যেনে বিদ্যুৎ আৰু পেট্ৰল , ডিজেলৰ ভয়ংকৰ নাটনি হৈছে ; সমগ্ৰ দেশ খনত ৰেষ্টুৰেণ্ট, শ্বপিং ম’ল , দোকান , কল কাৰখানাত সন্ধিয়া 8.30 বজাৰ পৰা বিজুলী ব্যৱহাৰৰ নিষেধ কৰা হৈছে। কিয়নো পাকিস্তান বিজুলী ৰ বাবে অইন দেশৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ পাকিস্তানে বাহিৰৰ পৰা বিজুলী আমদানি কৰে। পাকিস্তান চৰকাৰৰ হাতত এক মাহৰ বিজুলী ক্ৰয় কৰিবলৈ টকা নাই বৰ্তমান। পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে পাকিস্তানৰ লোকক চাহ নাখাবলৈ অনুৰোধ কৰিছে যিহেতু চাহপাত অইন দেশৰ পৰা আমদানি কৰা হয় দেশখনলৈ ।

Pakistan economic crisis

আনহাতে এবছৰ আগতে ইৰাণ আৰু পাকিস্তানৰ মাজত এখন চুক্তি ( MOE ) হৈছিল যাৰ অধীনত ইৰাণে পাকিস্তানক প্ৰতিমাহে 100 মেগাৱাত বিজুলী যোগান ধৰিছিল যদিও এতিয়া ইৰাণে 100 মেগাৱাতৰ পৰিৱৰ্তে 20 মেগাৱাত বিজুলীহে যোগান ধৰিছে ইৰাণক । লাহোৰৰ পেট্ৰল পাম্প সমূহত পেট্ৰল ডিজেল পাবলৈ নাই। সমগ্ৰ পাকিস্তানত 98000 পেট্ৰল পাম্প আছে যদিও তাৰে মাত্ৰ 6000 পেট্ৰল পাম্পত তেল উপলব্ধ আজিৰ তাৰিখত , বাকীবোৰ বন্ধ হৈ পৰিছে পেট্ৰল আৰু ডিজেলৰ উৰ্ধগামী মূল্যৰ বাবে। আৰু যিসমূহ পাম্পত তেল আছে সেইবোৰত এক লিটাৰ পেট্ৰল ডিজেলৰ বাবে দেখা গৈছে দীঘলীয়া দীঘলীয়া গাড়ীৰ লাইন। আশংকা কৰা হৈছে দুই তিনিদিন ৰ ভিতৰত বাকী পাম্পৰ তেল শীঘ্ৰে শেষ হৈ পৰিব।

Pakistan economic crisisPakistan economic crisis
লগতে পাকিস্তানত ঔষধৰ বহুত নাটনি হৈছে , কিয়নো পাকিস্তানৰ সকলো ঔষধ কোম্পেনীয়ে ঔষধৰ মূল্যবৃদ্ধি কৰিবলৈ পাকিস্তান চৰকাৰৰ ওপৰত তীব্ৰ হেঁচা প্ৰয়োগ কৰিবৰ বাবে বজাৰত ঔষধ মুকলি কৰি দিয়া নাই। আশংকা কৰা হৈছে যে বাকী মূল্যবান ঔষধিৰ কথা বেলেগ পাকিস্তানত জৰ আৰু চৰ্দিৰ ঔষধৰো নাটনি হৈ পৰিব দুই এদিনত।

Pakistan economic crisis
পাকিস্তানত 24% তকৈ বেছি মূল্যবৃদ্ধি হৈছে, পাকিস্তানৰ মুদ্ৰাৰ মূল্য 228 টকা হৈ পৰিছে 1 ডলাৰত আজিৰ তাৰিখত। আৰু যদি এই অৱস্থা ৰ শুধৰণি নহয় তেনেহলে পাকিস্তান অতি সোনকালে ভোকাতুৰ আৰু দুৰ্ভিক্ষ হ’বলৈ গৈ আছে , আৰু সোনকালে পাকিস্তানৰ অৱস্থা শ্ৰীলংকাৰ দৰে হৈ পৰিব বুলি আন্তৰাষ্ট্ৰীয় অৰ্থনীতিবিদ সকলে আশংকা কৰিছে ।

Pakistan economic crisis

এয়া কিয় হৈছে , কি কাৰণত পাকিস্তানৰ এই অবস্থা হৈছে ?

Pakistan economic crisis
পাকিস্তান চৰকাৰৰ বোজা ইমান হোৱাৰ কাৰণ হৈছে পাকিস্তানৰ GDP ৰ প্ৰায় 79% হৈছে বৈদেশিক ঋণ ; পাকিস্তানৰ GDP হৈছে 376 বিলিয়ন ডলাৰ, আৰু বৈদেশিক ঋণ হৈছে 274 ডলাৰ আৰু এই ঋণ বছৰে বছৰে এইবাবেই বাঢ়ি গৈছে কিয়নো পাকিস্তানৰ ৰপ্তানি মাত্ৰ 30 মিলিয়ন ডলাৰ। বিপৰীতে আমদানি 90 বিলিয়ন ডলাৰ ; অৰ্থাৎ আয় তকৈ তিনিগুণ বেছি খৰছ । পাকিস্তান চৰকাৰৰ বৈদেশিক ৰাষ্ট্ৰঃ আৰু সংস্থা সমূহৰ পৰা লোৱা ঋণৰ উপৰিও আছে আই এম এফ ( IMF ) ৰ পৰা লোৱা 24 তা ঋণৰ বোজা ; ঋণ লৈছে যদিও পাকিস্তান চৰকাৰে নিজৰ ঘৰুৱা উৎপাদন ৰ ক্ষেত্ৰ খনত উন্নীতকৰণৰ বাবে একো পৰিকল্পনাই কৰা নাই কেতিয়াও।

Pakistan economic crisis
তাৰোপৰি পাকিস্তানৰ এই অৰ্থনৈতিক দুৰ্যোগৰ এটা কাৰণ হৈছে পাকিস্তানৰ ৰাজনৈতিক অচল অৱস্থা । স্বাধীনতা লাভ কৰাৰ 75 বছৰৰ ভিতৰত পাকিস্তানত 29 জন প্ৰধানমন্ত্ৰী সলনি হৈছে আৰু এজনেও কেতিয়াও নিজৰ পাঁচ বছৰৰ কাৰ্যকলাপ শেষ কৰিব পৰা নাই ; আৰু ইমান কম সময়ৰ ভিতৰতে দেশৰ প্ৰধানমন্ত্ৰী সলনি হলে দেশত ৰাজনৈতিক অচলাবস্থা দেখা দিয়া এটা সৰু কথা ; আৰু প্ৰত্যেক নতুন ৰাজনৈতিক অচলাবস্থাত প্ৰত্যেক প্ৰধানমন্ত্ৰীয়ে দেশৰ কৰ আৰু উৎপাদন বৃদ্ধি কৰাৰ চিন্তা চৰ্চা কৰাৰ পৰিবৰ্তে বৈদেশিক ঋণত লোৱাত মনোনিবেশ কৰাহে দেখা গৈছে পাকিস্তানত। আৰু ইয়াৰ বাবেই পাকিস্তানে নিজেই মৃত্যুৰ জালত ফচি গৈছে।

Pakistan economy

পাকিস্তানৰ এই অচল অৱস্থা ৰ আৰু এটি কাৰণ হৈছে দুৰ্নীতি ; প্ৰত্যেক বাৰ যেতিয়া পাকিস্তানত ৰাজনৈতিক অচলাবস্থা দেখা দিয়ে সেই সময়ত শাসন ভাৰ গ্ৰহণ কৰে মিলিটাৰী জেনেৰেল সকলে আৰু সেই সকলো জন মিলিটাৰী জেনেৰেল দুৰ্নীতি পৰায়ন বুলি ইতিমধ্যে চিহ্নিত হৈছে কিয়নো তেওঁলোক নিজৰ শাসন কালত বহুত ধনী হোৱা সকলোৱে দেখিছে। বিগত কেইবাবছৰ ধৰি যি সময়ত পাকিস্তানৰ অৰ্থনীতি শোচনীয় হবলৈ ধৰিছে সেই একে সময়ত পাকিস্তানৰ নেতা পালিনেতা সকল কোটি পতি হৈ গৈ আছে ; উদাহৰণ স্বৰূপে :- পাকিস্তানৰ পূৰ্ব আৰ্মী জেনেৰেল কামৰ বাজৱা 6 বছৰৰ ভিতৰত বিলিয়নাৰী হৈ পৰিছিল যেতিয়া তেওঁৰ শাসন চলিছিল, আনকি তেওঁৰ পত্নী আয়েছা আমজেদ যাৰ 2016 বৰ্ষত একো নিজস্ব আয় নাছিল তেৱোঁ 2022 চনলৈ 2.2 বিলিয়ন পাকিস্তানৰ টকাৰ অধিকাৰী হৈ পৰিছিল।

Pakistan economy

পাকিস্তানৰ জাৰ্নেলিষ্ট আয়েছা ছিদ্দিকাই নিজৰ কিতাপত লিখিছে যে পাকিস্তানৰ ভূমিৰ প্ৰায় 12 শতাংশ ভূমি পাকিস্তান আৰ্মীৰ অধীনত আছে , আকৌ 2022 চনত পাকিস্তানী আৰ্মীয়ে পুনৰ 8000 একৰ কৃষি ভূমি দখল কৰি গলফ্ কোৰ্ট সাজিছে যাৰ ফলত কৃষি উৎপাদন হ্ৰাস হৈ গৈ আছে। আৰু এনে কাম কৰাৰ পৰা পাকিস্তান আৰ্মী ক বাধা দিব নোৱাৰে কিয়নো পাকিস্তান আৰ্মীয়ে প্ৰতিৰক্ষাৰ উপৰিও ব্যৱসায় কৰে , পাকিস্তান আৰ্মীৰ হাতত প্ৰায় 50 ৰ অধিক অনুস্থান প্ৰতিস্থান আছে যেনে চিমেণ্ট কোম্পেনী, গেছ ক্রেকাৰ কোম্পানী, হস্পিতাল ইত্যাদি। ইয়াৰ ফলতে পাকিস্তান দেশ খন অৰ্থনৈতিক দুৰ্যোগত পৰাৰ বিপৰীতে পাকিস্তানৰ আৰ্মী মিলিটাৰী আৰু তেওঁলোকৰ পৰিয়াল বৰ্গ বিলিয়নাৰী হৈ গৈ আছে।

Pakistan economy

  অকল পাকিস্তানৰ মিলিটাৰী আৰু আৰ্মী জেনেৰেল সমূহ যে অকলে দুৰ্নীতি গ্ৰস্ত সেয়া নহয় , পাকিস্তানৰ সমূহ প্ৰধানমন্ত্ৰী দুৰ্নীতি গ্ৰস্ত ; পাকিস্তানৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী বেনেজীৰ ভুট্টোই বিত্ত বিভাগো নিজৰ হাতত ৰাখিছিল আৰু তেওঁ তেওঁৰ শাসন কালত নিজৰ স্বামী আলি জৰ্দাৰীক বিনিয়োগ মন্ত্ৰীত্ব প্ৰদান কৰিছিল আৰু তেওঁলোকে অতি কম সময়ৰ ভিতৰতে 50 মিলিয়ন ডলাৰ মূল্যৰ গৃহ কিনিছিল যি গৃহৰ আয়তন আছিল 110 একৰ , তেওঁলোকৰ শাসন কাল শেষ হোৱাৰ লগে লগে তেওঁলোকৰ দেশ আৰু বিদেশ ৰ সম্পত্তি হৈ পৰিছিল মুঠ 1.8 মিলিয়ন ডলাৰ ৰ। এই প্ৰধানমন্ত্ৰীয়ে কোনোদিনে আয়কৰ দিয়া নাছিল , নিদিছিল সম্পত্তিৰ হিচাপ নিৰ্বাচন আয়োগক।

Pakistan economy

 

বিবাহ নহয় যুৱতীৰ কিন্তু পৃথিৱীৰ বুকুত এটুকুৰা স্বৰ্গ হিচাপে জনাজাত ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

বিবাহ নহয় যুৱতীৰ কিন্তু পৃথিৱীৰ বুকুত এটুকুৰা স্বৰ্গ হিচাপে জনাজাত !

বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ দেশ এখন যত মৃতকৰ শৰীৰ ভক্ষণ কৰে ! ৰহস্য। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক 

বিশ্বৰ আটাইতকৈ নিৰ্লজ্জ দেশ এখন যত মৃতকৰ শৰীৰ ভক্ষণ কৰে !

 

ইয়াৰ উপৰিও পাকিস্তানৰ অৰ্থনৈতিক দুৰ্যোগৰ অইন এটি কাৰণ হৈছে ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ সমূহ। উদাহৰণ স্বৰূপে 2022 বৰ্ষত পাকিস্তানত এক ভয়ানক বানপানী হৈছিল যত 1700 জনতকৈ বেছি লোকৰ মৃত্যু হৈছিল আৰু সেই বানপানীত পাকিস্তানৰ প্ৰায় 30 মিলিয়ন ডলাৰৰ সম্পত্তিৰ ক্ষয় ক্ষতি হৈছিল।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *