হিন্দু শাস্ত্ৰ ও সনাতন ধৰ্ম অনুযায়ী প্ৰজাপতি ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা আৰু বিষ্ণু হৈছে পালনকৰ্তা আৰু তাৰোপৰি তৃতীয় জন হৈছে দেবাদীদেৱ মহাদেৱ যিজন এই সংসাৰৰ ৰক্ষক । যেতিয়া নাৰায়ণে ভগৱান ব্রহ্মাক এই জগতত জীৱ সৃষ্টি কৰাৰ বাবে অনুৰোধ কৰিছিল সেই সময়তে ব্ৰহ্মাই প্ৰত্যেক জীৱৰে আয়ুস নিৰ্ধাৰিত কৰি দিছিল মাত্ৰ চল্লিশ বছৰ হিচাপে । কিন্তু কিছুদিন অতিক্ৰম হোৱাৰ পিছত সৃষ্ট মানুহ সকল এই পৃথিৱীৰ সুন্দৰ সৌন্দৰ্য্য আৰু বিভূষণত মত্ত হৈ পৰা দেখিবলৈ পোৱা গৈছিল ; তাৰ বহু মানুহে অনুভৱ কৰিছিল আৰু দুখ প্ৰকাশ কৰিছিল যে মাত্ৰ চল্লিশ বছৰতে এই পৃথিৱী এৰি যাব লাগিব বাবে , মাত্ৰ চল্লিশ বছৰতে ইমান সুন্দৰ পৃথিৱীৰ সকলো সৌন্দৰ্য ভোগ কৰা অসম্ভৱ বুলি সৃষ্টিকৰ্তাৰ ওচৰত মিনতি কৰিবলৈ ললে !
অৰ্থত মানুহৰ মনত ভোগৰ লোভ সৃষ্টি হৈছিল আৰু সেইবাবেই মানুহৰূপী জীৱ কিছুমানে ভগৱান ব্রহ্মাক অনুনয় কৰি, প্ৰাৰ্থনা কৰি কৈছিল, ” হে মহান সৃষ্টিকৰ্তা আপুনি এই জীৱজগত সৃষ্টি কৰিছে, আৰু এই জীৱজগতত মনুষ্য সৃষ্টি কৰিছে ঠিকে কিন্তু মানুহৰ আয়ুস সকলো জীৱৰ সমানে নিৰ্দিষ্ট কৰিছে কিয় , এই জীৱজগতত মানুহৰ তুলনাত বহু নিকৃষ্ট মানৰ জীৱ আছে আৰু সেই জীৱসমূহৰ আয়ুস মানুহৰ সমানে নিৰ্দিষ্ট কৰিছে কিয় , মানুহ যেতিয়া জীৱশ্ৰেষ্ঠ সেই হেতুকে মানুহৰ আয়ুস মাত্ৰ চল্লিশ বছৰে কিয় নিৰ্দিষ্ট কৰিছে প্ৰভু , মাত্ৰ চল্লিশ বছৰ সময়ৰ ভিতৰত পৃথিৱীৰ সকলো সুখ ভোগ কৰা সম্ভৱ নহয় প্ৰভু “? প্ৰায়ে মানুহৰ পৰা এনেধৰণৰ প্ৰাৰ্থনা শুনি ভগৱান ব্ৰহ্মাই সেই লোকসকললৈ দৈৱিক বাণী প্ৰেৰণ কৰিছিল , যত ব্ৰহ্মাই কৈছিল, ” হে বৎস, মই তোমালোকক সৃষ্টি কৰিছোঁ কিন্তু আয়ুস নিৰ্ধাৰণ কৰিছে পালনকৰ্তা বিষ্ণুই , সেয়ে তোমালোকে এই নিৰ্ণয় মানি লোৱা দৰকাৰী”।
ঠিক একে মূহুৰ্তত কেইটামান গাধই ভগৱান ব্ৰহ্মাৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল, ” হে প্ৰভু, আপুনি আমাক এই পৃথিৱীত পঠিয়াই দিছে চল্লিশ বছৰৰ আয়ুস নিৰ্ধাৰণ কৰি কিন্তু আমি ইমান বছৰ আমাৰ পিঠিৰ ভাৰৰ বোজা সহ্য কৰো কেনেকৈ, আপুনি আমাৰ আয়ুস মাত্ৰ ২০ বছৰ কৰি দিয়ক “। ব্ৰহ্মাই দিব্য বাক্য প্ৰেৰণ কৰি উত্তৰত গাধ বোৰক কৈছিল যে সেয়া বিষ্ণুৰ নিৰ্ণয় , সেয়ে সেই নিৰ্ণয় সলনি কৰা নাযায়। গাধবোৰে প্ৰাৰ্থনা কৰা আৰু ব্ৰহ্মাৰ দৈৱিক বাৰ্তা প্ৰেৰণৰ সময়ৰ কথাবোৰ কিন্তু কিছু মানুহে শুনি আছিল । তেতিয়াই সেই মানুহ সকলে ব্রহ্মাক পুনঃ অনুৰোধ জনাইছিল , ” হে ভগৱান ব্ৰহ্মা, যিহেতু গাধই তেওঁলোকৰ আয়ুস কমাই দিয়াৰ বাবে প্ৰাৰ্থনা কৰিছে সেয়ে গাধৰ ২০ বছৰ আয়ুস আমি মানুহকে দিয়ক”। মানুহৰ সেই মিনতি শুনি ব্ৰহ্মা দেৱে ভাবি চিন্তি দৈৱিক বচনৰে কৈছিল ” ঠিক আছে মই কথাটো এবাৰ বিষ্ণুদেৱতাৰ সতে আলোচনা কৰি চাম”।
এই ৫ টি কথা মা পিতাক কেতিয়াওঁ নকব ! – শ্ৰীকৃষ্ণ গীতা জ্ঞান। জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
খাদ্য গ্রহনৰ সময়ত এই কাম কৰিলে মা লক্ষ্মী গৃহত্যাগ কৰে ! জানিবলৈ তলৰ ৰঙা আখৰ ক্লিক কৰক
আৰু একে সময়তে এদল কুকুৰে খুব চিঞঁৰি চিঞৰি ভুকি ব্রহ্মাক মিনতি কৰিছিল যে, ” হে প্ৰভু তুমি আমাক ইমান বছৰ জীৱন কিয় দিছা এই পৃথিৱীত , আমাক কোনোৱে বুজি নাপায়, আমাৰ ভাষা কোনোৱে নুবুজে, আমাক কোনোৱে সহ্য নকৰে, আমি এই অৱহেলাৰ জীৱন ৪০ বছৰে পাৰ কৰিব নোৱাৰো প্ৰভু , কৃপা কৰি আপুনি আমাক মাত্ৰ ২০ বছৰ আয়ুস দিয়ক “। একে সময়তে ইফালে আৰু এদল ফেঁচা চৰায়ে ব্রহ্মাক প্ৰাৰ্থনা কৰি কৈছিল, ” হে প্ৰভু আপুনি আমাক ইমান বছৰ আয়ুস কিয় দিছা, আমি দিনত অন্ধ আৰু ৰাতিহে দেখা পাওঁ , দিনটো ভয়ত কটাব লাগে আৰু ৰাতি দেখিবলৈ পালেও আমাৰ খাদ্য সামগ্ৰীৰ বাবে খুব অভাৱ হয় , এনেকৈ জীৱন নিৰ্বাহ কৰা খুব কঠিন প্ৰভু , আমাৰ আয়ুস হ্ৰাস কৰি দিয়ক প্ৰভু ” ।
ফেঁচাৰ সেই অনুৰোধ শুনি ব্ৰহ্মা বিমূৰ্ত হৈ বিষ্ণুৰ ওচৰ পালেগৈ আৰু সকলো কথা অৱগত কৰিলে । ভগৱান বিষ্ণুয়ে সকলো শুনি সেই গাধ, কুকুৰ আৰু ফেঁচাৰ ২০ বছৰকৈ আয়ুস হ্ৰাস কৰি হ্ৰাস হোৱা আয়ুস খিনি মানুহক দি দিবলৈ মতামত পোষণ কৰিলে। জীৱজগতলৈ ঘূৰি আহি ব্ৰহ্মাই মানুহক কলে , ” হে মানৱ তোমালোকে যদি বিচৰা নিজৰ ৪০ বছৰ আয়ুস শেষ হোৱাৰ পিছত গাধ , কুকুৰ আৰু শেষত ফেঁচাৰ ২০ বছৰকৈ আয়ুস প্ৰাপ্তি কৰিব পাৰিবা “। ব্ৰহ্মাৰ সেই প্ৰস্তাৱক বুদ্ধিয়ক আৰু লোভীয়া মানুহে লগে লগে স্বীকাৰ কৰি ললে আৰু মানুহৰ আয়ুস এশ বছৰ হৈ পৰিল আৰু লোভী মানুহ খুব আনন্দিত হৈ পৰিল।
এতিয়া যদি আমি ভালকৈয়ে বিশ্লেষণ কৰো দেখা যায় যে মানুহে নিজৰ ভাগৰ যি চল্লিশ বছৰ জীৱন নিৰ্বাহ কৰে সেই সময়ত নিজৰ ইচ্ছা অনুসৰি জীৱন কটাই, কেৰিয়াৰ গঢ়ে , নিজে সুখী থাকে কিন্ত যেতিয়া চল্লিশ শেষ হৈ গাধৰ ২০ বছৰ জীৱন আৰম্ভ হয় তেতিয়াই মানুহৰ পিঠিত , কান্ধত আহি পৰে বিভিন্ন বোজা ; সংসাৰৰ বোজা, সন্তানৰ বোজা । সন্তানক ডাঙৰ দীঘল কৰাৰ লগতে তেওঁলোকক কেৰিয়াৰ গঢ়ি দিয়াৰ বোজা, পুত্ৰ জীয়ৰীৰ বিবাহৰ দায়িত্ব আৰু বোজা , আৰু যেতিয়া এই বোজাৰ পৰিসমাপ্তি হয় অৰ্থাৎ ৬০ বছৰ শেষ হৈ পৰে তেতিয়াই আৰম্ভণি হয় কুকুৰৰ আয়ুস আৰু সেই সময়ত কুকুৰৰ দৰে সকলোৰে কথা শুনিব লগীয়া হয়, পুত্ৰ সন্তানৰ অৱজ্ঞা আৰু অৱহেলা পাবলগীয়া হয় , আত্মীয় স্বজনৰ দুৰ্ব্যৱহাৰে জীৱন অতিষ্ঠ কৰি পেলাই , পৰিয়ালৰ অইন সদস্যৰ অনুগ্ৰহত জীৱন জিয়াবলৈ বাধ্য হয় আৰু তেনেকৈ কাটি যায় ৮০ বছৰ আৰু তাৰ পিছত আৰম্ভণি হয় ফেঁচাৰ জীৱন , শৰীৰৰ অংগ সমূহৰ কাৰ্যক্ষমতা হ্ৰাস হৈ পৰে , কাণেৰে নুশুনা হৈ পৰে , চকুৰে নেদেখা হৈ পৰে , পৰিয়ালৰ লোকে গুৰুত্ব নিদিয়া হৈ পৰে , অৰ্থাৎ জীৱন হৈ পৰে ফেঁচাৰ দৰে । সেই অৱস্থাত সেই সন্ধিক্ষণত মানুহে মাত্ৰ মৃত্যুৰ মুহূৰ্তক অপেক্ষা কৰি ৰব লগীয়া হয় , কোনোবাই সেই ফেঁচাৰ ২০ বছৰ জীৱন কটাবলৈ সক্ষম হয় আৰু বহুজনে হাৰ মানিবলৈ বাধ্য হৈ শেষ নিশ্বাস ত্যাগ কৰে।
কিন্তু এটা কথা যদি মানুহে নিজৰ ভাগৰ প্ৰথম ৪০ বছৰ আয়ুসৰ ভিতৰত কিবা বিশেষ ভাল কৰ্ম কৰিবলৈ সক্ষম হয় তেতিয়া তেওঁৰ পৰৱৰ্তী গাধ, কুকুৰ আৰু ফেঁচাৰ আয়ুস খিনি অলপ হলেও সলনি কৰিবলৈ সক্ষমতা ৰাখে ।
POPULAR ASSAMESE VIDEO