3 reasons of human sorrow

এই পৃথিৱীত মানুহ ধ্বংশৰ কাৰণ এই তিনিটা – শ্ৰীকৃষ্ণ অমৃত বাণী।

  ৫০০০ বছৰ পূৰ্বে ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ্ভাগৱত গীতাত মানুহৰ তিনিটা সৰ্বনাশৰ কাৰণ উল্লেখ কৰিছিল । আৰু সেই তিনিটা কাৰণ এটি সৰু ঘটনাৰ মাধ্যমৰে উল্লেখ কৰিব খোজা হৈছে। লগতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল যে এই তিনিটা কাৰণ যদি কাৰোবাৰ লগত থাকে তেনেহলে তেওঁৰ সৰ্বনাশ হ’বলৈ বেছি সময় নালাগে।

the ultimate carwhen we must speak

প্ৰাচীন কালত এক ৰাজ পৰিয়ালত এটি পুত্ৰ সন্তানৰ জন্ম হৈছিল, সেই সন্তান বালক হোৱাৰ পিছতে তেওঁক ৰাজকীয় আতিথ্যৰে পূৰ্বৰ ব্ৰহ্মচাৰ্য প্ৰথা অনুসৰি এখন গুৰুকুললৈ পঠিয়াই দিয়া হৈছিল শিক্ষা গ্ৰহণৰ উদ্দেশ্যে। সৰ্বশেষত গুৰুকুলত পঢ়ি সেই সন্তান সকলোতকৈ শ্ৰেষ্ঠ হৈ পৰিছিল। তেওঁ বেদ আৰু ভাৰতীয় বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰিছিল। কিন্তু পৰিতাপ আৰু দুখৰ কথা যে গুৰুকুলত শিক্ষা গ্ৰহণৰ সময়তে তেওঁৰ পিতা মাতা আৰু আত্মীয় স্বজনৰ মৃত্যু হৈছিল আৰু সেইবাবেই তেওঁৰ বাবে ৰাজকীয় ভোগবিলাসৰ পৰিসমাপ্তি ঘটিছিল। গুৰুকুলত শিক্ষা শেষ হোৱাৰ পিছত তেওঁ শপত লৈছিল যে তেওঁ গোটেই জীৱন মানুহৰ সেৱা কৰি যাব ; আৰু নিজৰ প্ৰতিজ্ঞাৰ বাবেই তেওঁ এদিন সন্যাস গ্ৰহণ কৰিছিল , সন্যাস গ্ৰহণ কৰাৰ পিছত সন্যাসীৰ নিয়ম অনুযায়ী নিজৰ সকলো কামনা বাসনা ত্যাগ কৰিছিল আৰু নিজকে গভীৰ তপস্যা ও ধ্যানত মগ্ন কৰিবলৈ হিমালয়ৰ জংঘললৈ গমন কৰে। বহু বছৰ তপস্যা কৰি তেওঁ নিজৰ মানসিক শক্তি বিকশিত কৰে, দৃঢ় কৰে।

Secretes of Ganga riverHEALTHY PARENTING TIPS

সেই সময়তে তেওঁৰ ওচৰলৈ বহু মানুহ শিক্ষা আৰু দীক্ষা লবলৈ আহিবলৈ ধৰিলে। লগতে তেওঁ বহু মানুহৰ বহু সমস্যা সমাধানৰ উপায় দি খুব জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয়। লাহে লাহে তেওঁৰ জনপ্ৰিয়তা চাৰিওফালে বিয়পি পৰিছিল কিন্তু তেওঁ যি ৰাজ্যত তপস্যা কৰিছিল সেই ৰাজ্যৰ ৰজা খুব নিষ্ঠুৰ প্ৰকৃতিৰ আছিল। এদিন সেই দেশৰ ৰজাই সেই সন্ন্যাসীক দেখা কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু প্ৰথম সাক্ষাততে সেই ৰাজা সন্ন্যাসীৰ দ্বাৰা প্ৰভাৱিত হৈ ৰজাই মনে মনে সৎ পথত গমন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি পেলাইছিল। কিছুক্ষণ পিছত ৰজাৰ মূৰত বুদ্ধি খেলিছিল যে যদিহে সন্ন্যাসীয়ে কিছু সময়ৰ ভিতৰতে তেওঁৰ মন সলনি কৰিব পাৰিছে তেনেহলে যদি সন্ন্যাসী জন অনবৰতে ৰজাৰ লগত থাকে তেতিয়া ৰজাৰ গোটেই জীৱনে সলনি কৰি দিব পাৰিব ; সেয়ে ৰজাই সন্ন্যাসীক ৰজাৰ ৰাজপ্ৰসাদলৈ যাবলৈ অনুৰোধ কৰিলে আৰু সন্ন্যাসী সহজতে ৰজাৰ কথাত মান্তি হৈ পৰি ৰাজপ্ৰসাদলৈ গমন কৰিলে। ৰাজপ্ৰসাদত সন্ন্যাসীক লৈ উপস্থিত হৈ ৰজাই এক বিশাল ৰাজসভাৰ আয়োজন কৰে। সভা শেষৰ পিছত সন্ন্যাসীয়ে ভোজন কৰি পুনঃ নিজৰ ধ্যান কৰা ঠাইলৈ যাব বুলি ৰজাৰ আজ্ঞা বিচৰাত ৰজাই কলে, ” হে মহান সন্ন্যাসী, আপুনি আমাৰ বাগানতে থাকিব পাৰে আৰু আপোনাৰ থাকিবৰ বাবে সকলো ব্যৱস্থা কৰি দিয়া হ’ব যদি আপুনি বিচাৰে”। সন্ন্যাসীয়ে ৰজাৰ কথা মানি ললে , বাগানত সন্ন্যাসীৰ বাবে এটি সৰু জুপুৰি ঘৰ নিৰ্মাণ কৰি দিয়া হৈছিল আৰু সন্ন্যাসী বহু বছৰ ধৰি সেই বাগানতে নিজৰ তপস্যা কৰি গৈছিল। হঠাৎ এদিন ৰজা আৰু ৰাণী নিজৰ ৰাজ্য এৰি অইন এখন ৰাজ্যলৈ ফুৰিবলৈ গৈছিল আৰু যাওঁতে সন্ন্যাসীৰ পৰিচাৰ্যৰ বাবে এজন লোক নিয়োজিত কৰি থৈ গৈছিল যদিও দুদিনমানৰ ভিতৰতে সন্ন্যাসীক পৰিচাৰ্য কৰা লোক জন অসুস্থ হৈ পৰিছিল। যাৰ ফলত সন্ন্যাসীক আহাৰ যোগান ধৰা পিছৰে কথা খবৰ লোৱা লোকৰো অভাৱ হৈছিল।

why good man dies early ?

কিছুদিন পিছত যেতিয়া ৰজা ভ্ৰমণৰ পৰা উভতি আহে তেতিয়া সন্ন্যাসীয়ে ৰজাক তিৰস্কাৰ কৰি কৈছিল যে সকলোৰে এটা সীমা থাকে লগতে কৈছিল যে যদিহে আপুনি মোৰ ভাৰ বহন কৰিবই নোৱাৰে কিয় লৈছিলে। উপায়ন্তৰ ৰজাই ক্ষমা বিচাৰিছিল যদিও অশান্ত সন্ন্যাসীয়ে ৰজাক বহু কথা শুনাই গৈছিল। কিছু সময় পিছত পৰিবেশ শান্ত হৈছিল যদিও সন্ন্যাসী আৰু ৰজাৰ মাজৰ সকলো কথা ৰাণীয়ে মনে মনে প্ৰত্যক্ষ কৰি আছিল।

কিছুদিন পিছত ৰজা পুনৰ ৰাজ্যৰ বাহিৰলৈ যাব লগীয়া হোৱাত নিজৰ ৰাণীকে সন্ন্যাসীৰ যত্নৰ দায়িত্বভাৰ অৰ্পণ কৰি যায়। ৰজাৰ আজ্ঞা অনুসৰি ৰাণীয়ে প্ৰত্যেক দিনে নিজ হাতে খাদ্য প্ৰস্তুত কৰি সময় মতে সন্ন্যাসীলৈ পঠিয়াই দিছিল যদিও এদিন স্নান কৰোতে দেৰি হোৱা বাবে সন্ন্যাসীলৈ খাদ্য পঠিয়াই দিওঁতে অবশ্যই দেৰি হৈছিল ৰাণীৰ। তাকে দেখি সন্ন্যাসী অতিষ্ঠ হৈ ৰাজমহলত প্ৰৱেশ কৰে আৰু গৈ গৈ ৰাজমহলৰ ৰাণীৰ কোঠাত প্ৰৱেশ কৰি ৰাণীক দেখিবলৈ পাইছিল। লগতে ৰাণীৰ অপৰূপ সৌন্দৰ্য দেখি সন্ন্যাসী মোহিত হৈ পৰিছিল।

time period of success

ৰাজপ্ৰসাদত সেইদিনা সন্ন্যাসীয়ে আহাৰ গ্ৰহণ কৰি নিজৰ জুপুৰিলৈ উভতি গৈছিল যদিও সন্ন্যাসীৰ মনত ৰাণীৰ সৌন্দৰ্য্যই খুব আমনি কৰিছিল, ৰাণীৰ সেই সৌন্দৰ্যৰ কথা সন্ন্যাসীয়ে পাহৰিব পৰা নাছিল কোনো মুহূৰ্ততে , সন্ন্যাসীয়ে খাব – শুব পৰা নাছিল, মাত্ৰ ৰাণীৰ কথাই দিনে নিশা ভাবিবলৈ লৈছিল। যাৰ ফলত সন্ন্যাসীয়ে নিজৰ তপস্যা আৰু ধ্যানত মনোযোগ দিব পৰা নাছিল ; সন্ন্যাসী দিনে দিনে দুৰ্বল হৈ পৰিছিল । কিছুদিন পিছত ৰজা ভ্ৰমনৰ পৰা উভতি আহি সন্ন্যাসীৰ ওচৰলৈ গৈ দেখিছিল যে সন্ন্যাসীজন দুৰ্বল হৈ পৰিছে, লগতে সন্ন্যাসী গভীৰ চিন্তাত মগ্ন আছে , তাকে দেখি ৰজাই সন্ন্যাসীক প্ৰশ্ন কৰিছিল, “মই আকৌ কিবা ভুল কৰিলোঁ নেকি যে আপুনি ৰোগীয়া আৰু চিন্তামগ্ন হ’বলৈ বাধ্য হৈছে “? সন্ন্যাসীয়ে তেতিয়া স্পষ্টকৈ উত্তৰ দিছিল, ” মহাৰাজ মই আপোনাৰ ৰাণীৰ সৌন্দৰ্যত মোহিত হৈ পৰিছোঁ, আৰু মই ৰাণী অবিহনে বাছি থাকিব নোৱাৰিম”। ৰজাই কোনো দ্বিধাবোধ নকৰাকৈ কৈছিল, ” আপুনি মোৰ সৈতে ৰাজমহললৈ বলক, মই আপোনাৰ হাতত ৰাণীক আজিয়ে অৰ্পণ কৰিম “।

5 great mistakes of life

কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী। – অমৃত কথা। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

কলিযুগ সম্পৰ্কে ভগৱান শ্ৰীকৃষ্ণৰ ৫ টি তত্বগধুৰ বাণী। – অমৃত কথা।

পৰকীয়া সম্পৰ্ক কৰা লোকৰ নৰকত কি শাস্তি হয় ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক

পৰকীয়া সম্পৰ্ক কৰা লোকৰ নৰকত কি শাস্তি হয় !

 কথামতে ৰজাই সন্ন্যাসীক লৈ ৰাজমহলত প্ৰৱেশ কৰিছিল আৰু সেই সময়ত ইতিমধ্যে ৰাণীয়ে নিজৰ ডিঙিত আটাইতকৈ মূল্যবান গহনা আৰু দেহত অতি সুন্দৰ বস্ত্ৰ পৰিধান কৰি ৰাখিছিল। ৰজাই নিজৰ পত্নী ৰাণীৰ ওচৰলৈ গৈ কৈছিল, “হে ৰাণী তুমি এই সন্ন্যাসীক সাহাৰ্য্য কৰিব লাগিব কিয়নো তেওঁ খুব দুর্বল হৈ পৰিছে , আৰু মই নিবিচাৰোঁ যে কোনো জ্ঞানী পুৰুষৰ অভিশাপ মোৰ ওপৰত পৰক ,” । লগতে ৰজাই কৈছিল, ” হে ৰাণী , এই সন্ন্যাসী তোমাৰ অদ্ভুত ৰূপ সৌন্দৰ্যত মোহিত হৈ পৰিছে”। ৰাণীয়ে বুজি পাইছিল সকলো কথা আৰু ৰজাই সন্ন্যাসীৰ হাতত নিজ হাতে ৰাণীক অৰ্পণ কৰিছিল। সন্ন্যাসীয়ে ৰাণীক লগত লৈ যেতিয়া নিজৰ জুপুৰিত উপস্থিত হয় তেতিয়া ৰাণীয়ে কয় যে তেওঁ জুপুৰিত থাকিব নোৱাৰে, তেওঁক বসবাস কৰিবলৈ ভাল গৃহ লাগিব । তেতিয়া সন্ন্যাসী পুনঃ ৰজাৰ ওচৰলৈ গৈ ঘৰ বিচৰাত ৰজাই সন্ন্যাসীক এটি ঘৰ প্ৰদান কৰে কিন্তু ৰাণী সেই ঘৰতো সন্তুষ্ট হোৱা নাছিল কিয়নো সেই ঘৰ খুব পুৰণি আছিল ; সন্ন্যাসী পুনৰ ৰজাৰ ওচৰলৈ সেই কথা অৱগত কৰাত ৰজাই লগুৱা নিয়োগ কৰি সেই গৃহ পৰিস্কাৰ পৰিচ্ছন্ন কৰি দিয়ে। শেষত ৰাণী গৃহ প্ৰৱেশ কৰি আৰু স্নান কৰি বিছনাত বহিছিল , সন্ন্যাসীও ৰাণীৰ ওচৰত বহিছিল। ৰাণীয়ে সন্ন্যাসীক উদ্দেশ্য কৰি কৈছিল, ” আপুনি নাজানে আপুনি কি আছিল আৰু আজি কি হৈ গল ; আপুনি এজন মহান সন্ন্যাসী আছিল যাৰ বাবে ৰজাই আপোনাৰ সকলো প্ৰয়োজন পূৰণ কৰিছিল, আৰু আজি আপুনি আপোনাৰ বাসনাৰ বাবে মোৰ গোলাম হৈ পৰিছে “। ৰাণীৰ কথা শুনি সন্ন্যাসীৰ জ্ঞান ঘূৰি আহিছিল যে তেওঁ প্ৰকৃততে এজন সন্ন্যাসী আছিল, তেওঁ এদিন সকলো ভোগ বিলাস ত্যাগ কৰি জংঘললৈ গমন কৰিছিল যাৰ প্ৰধান উদ্দেশ্য আছিল মানুহক সেৱা কৰা ; সন্ন্যাসীৰ ভুল ভাঙিছিল আৰু ৰাণীৰ ওচৰত ক্ষমা বিচাৰি কৈছিল, ” ৰাণী মহাশয়া , মই আপোনাক পুনৰ মহাৰাজৰ ওচৰত ঘূৰাই থৈ আহিম , আপুনি অমান্তি নকৰিব , মোৰ ভুল হৈ গল ; ৰূপ আৰু সৌন্দৰ্যই মোক অন্ধ কৰিছিল আৰু দ্বিতীয়বাৰ মোৰ দ্বাৰা এনে ভুল নহয়”। ৰাণীয়ে কৈছিল , ” আপুনি দুদিন মান সময়ত খাদ্য খাবলৈ নাপায় খং কৰিছিল , অতিষ্ঠ হৈ পৰিছিল ; মই আপোনাৰ এই ৰূপ তেতিয়াই বুজিছিলোঁ যেতিয়া প্ৰথম বাৰৰ বাবে আপুনি ৰজাৰ সৈতে অত্যন্ত উচ্চ বাক্যবান নিক্ষেপ কৰিছিল, ৰজাৰ ওপৰত খং কৰিছিল ; আৰু তেতিয়াৰ পৰাই মই আপোনাৰ ব্যৱহাৰৰ পৰিৱৰ্তন দেখিবলৈ পাইছোঁ “।

when we must speak

সন্ন্যাসীয়ে তেতিয়া ৰাণীৰ ওচৰত স্বীকাৰ কৰিছিল আৰু কৈছিল ,” যেতিয়া মই জংঘলত আছিলোঁ তেতিয়া বহুদিনৰ বাবে সময়ত খাব পোৱা নাছিলোঁ , কিন্তু ৰজাৰ এই মহলত প্ৰৱেশ কৰি প্ৰতিদিনে সময়ত খাবলৈ পায় খাদ্যৰ মোহত অভ্যস্ত হৈ পৰিলোঁ, আৰু নিয়মিত ৰজাৰ খাদ্য খাই খাই মোৰ লোভ বাঢ়িল আৰু কামনাৰো সৃষ্টি হৈ পৰিল, আৰু দিনে দিনে সকলো পোৱাৰ লোভ বৃদ্ধি হৈ গৈ থাকিল আৰু যেতিয়া এইসমূহ সময়ত নোপোৱা হলো ক্ৰোধ কৰিবলৈ দ্বিধা নকৰা হলো ; মই সেইটো পাহৰি গৈছিলো যে মানুহৰ ইচ্ছা পূৰণ নহলে ক্ৰোধৰ জন্ম হয়, আৰু যেতিয়া ইচ্ছা পূৰ্ণ হয় তেতিয়া লোভ আৰু কামনাৰ উদ্ভৱ হয় আৰু সেই কামনাই যে শেষলৈকে বাসনাৰ সৃষ্টি কৰে”। শেষত ৰাণী মা’ক ৰজাৰ হাতত পুনৰ অৰ্পণ কৰি সন্ন্যাসী পুনঃ ঘন জংঘললৈ উভতি গৈছিল।

SECRETS OF LONGEVITY

শ্ৰীমদ্ভাগৱত গীতাৰ ১৬ নং অধ্যায়ৰ ২১ নং শ্লোকত ভগৱান শ্ৰীকৃষ্ণই নৰকৰ তিনিখন দুৱাৰৰ কথা উল্লেখ কৰিছে আৰু সেই তিনিখন দুৱাৰ হৈছে কাম, ক্ৰোধ আৰু লোভ। আজি পৰ্যন্ত যিসকল মানুহৰ সৰ্বনাশ হৈছে আৰু আজি পৰ্যন্ত যদি কোনো মানুহে কিবা অপৰাধৰ দণ্ড পাইছে তেন্তে এই তিনিটাৰ ভূমিকা বেছি আছে। যদি এজন সন্ন্যাসী এই তিনিটাৰ পৰা হাত সাৰিব নোৱাৰে তেন্তে আমি কোন , আমি সাধাৰণ মানুহহে ; গতিকে এই তিনিটাৰ পৰা প্ৰতি মুহূৰ্ততে সচেতন আৰু সজাগ হোৱা দৰকাৰী।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *