গৰুড় পুৰাণত মানুহৰ জীৱন আৰু মৃত্যু সম্পৰ্কে প্ৰত্যেক বিষয়ৰ বিস্তাৰিত বৰ্ণনা আছে। লগতে বৰ্ণিত আছে যে জীৱিত অৱস্থাত মানুহে কেনেকৈ পূণ্য অর্জন কৰিব লাগে আৰু কিমান পূণ্য অর্জন কৰা দৰকাৰী যাতে জীৱনৰ অন্তিম সময়ত কোনো কষ্ট নোহোৱাকৈ জীৱন ত্যাগ কৰা যায়। কিন্তু আমাৰ মাজত এনে মানুহ বহুত আছে যিয়ে নিজৰ জীৱনত কষ্ট আৰু দুখৰ ভয়ত নিজৰ প্ৰাণ ত্যাগ কৰে অৰ্থাৎ আত্মহত্যা কৰে।
কিন্ত প্ৰশ্ন হৈছে যে আত্মহত্যা কৰিলে মানুহৰ আত্মাই কি যন্ত্ৰণা পাই, আত্মহত্যা কৰিলে সঁচাকৈয়ে জীৱনৰ দুখ যন্ত্ৰণাৰ পৰা মানুহ মুক্ত হ’ব পাৰে নেকি ? আত্মহত্যা কৰিলে মুক্তি আৰু পুনৰজীৱন সম্ভৱ হয়নে, নে আত্মা আৰু বেছি পাপী হৈ যায় মানুহ এজন আত্মহত্যা কৰাৰ ফলত ?
আত্মহত্যা আৰু মৃত্যু আদিৰ ৰহস্য সঠিক ভাৱে বুজিবলৈ হলে প্ৰথমে আমি জীৱনৰ ৰহস্য চক্ৰ ভালদৰে বুজিব লাগিব, যেনেদৰে পকা ফল এটি নিজৰ গা গছক ত্যাগ কৰি অইন এজোপা বৃক্ষত পৰিণত হয় ঠিক একেদৰে পূণ্য আয়ু শেষ কৰি মানুহে মুক্তি লাভ কৰে। মানুহৰ জীৱনত কেইবাটাও চৰণ থাকে আৰু একাদিক্ৰমে এটি এটি চৰণ শেষ হলে ওপৰৰ চৰণ আৰম্ভণি হয় আৰু সকলো চৰণৰ এক নিৰ্দিষ্ট ক্ৰম আৰু সময় থাকে কিন্তু যদি সময়ৰ আগতে মানুহৰ মৃত্যু হয় সেই ক্ৰম সলনি হৈ পৰে।
ঈশ্বৰ অৰ্থাৎ পৰমাত্মাই মানুহক এক নিৰ্দিষ্ট আয়ু নিৰ্ধাৰণ কৰি এই পৃথিৱীত পঠিয়াই , কিন্তু কিবা বেয়া পৰিস্থিতিৰ বাবে যেনে হত্যা, দুৰ্ঘটনা, আত্মহত্যা আদিৰ বাবে যদি কাৰোবাৰ মৃত্যু হয় সেয়া হৈছে অকাল মৃত্যু। আৰু শাস্ত্ৰত এই অকাল মৃত্যুৰ কাৰণ বিলাকৰ ভিতৰত আত্মহত্যাক অতি নিন্দনীয় আৰু মহাপাপ বুলি উল্লেখ কৰা আছে । আত্মহত্যা কৰা এটি ডাঙৰ অপৰাধ আৰু সেয়া পৰমাত্মাক অপমান কৰাৰ সমান। উপনিষদত কোৱা হৈছে যে কিছুমান প্ৰাণীয়ে প্ৰাণ ত্যাগ কৰাৰ পিছত লগে লগে অপশৰীৰ লাভ কৰে , আৰু কিছু আত্মা এনে আছে যিয়ে মৃত্যু হোৱাৰ তিনিদিন পিছত নতুন শৰীৰ লাভ কৰে আন কিছুমান আত্মাই মৃত্যুৰ দহ বা তেৰ দিন পিছত নতুন শৰীৰ লাভ কৰে ; তাৰোপৰি এনে কিছুমান আত্মা থাকে যিয়ে ৩৬ ৰ পৰা ৪০ দিনৰ ভিতৰত অপশৰীৰ ধাৰণ কৰে । কিন্তু যি প্ৰাণী হত্যা, দুৰ্ঘটনা আৰু আত্মহত্যাৰ চিকাৰ হয় সেই আত্মাই ৪০ দিন পিছতো অপশৰীৰ নাইবা নৱশৰীৰ বিচাৰি নাপায় , তেনে আত্মাই পৃথিৱীতে বিচৰণ কৰি থাকে , সেই আত্মাই নৰক অথবা স্বৰ্গ যোৱাৰ ৰাস্তা বিচাৰি নাপায় ; আত্মাৰ এই অৱস্থাক অগতি বুলি কোৱা হয়। নাইবা এনেদৰে ভাবিব পাৰি যে সেই আত্মা এখন ঠাইত আবদ্ধ হৈ ৰয়, যেতিয়ালৈকে সময় চক্ৰ শেষ নহয় সেই আত্মা সেই ঠাইতে আবদ্ধ হৈ ৰব। সেই কাৰণে কোৱা হয় যি প্ৰাণী আত্মহত্যা কৰে তেওঁৰ আত্মা ভীষণ কষ্টদায়ক অৱস্থালৈ গুচি যায় , সেই আত্মাৰ বাবে পীড়া আৰু বেদনা সংগী হৈ পৰে ।
যদি চোৱা যায় এজন জীৱিত মানুহ পৃথিৱীত যি অৱস্থাতে নাথাকক কিয় তেওঁৰ আত্মাৰ বাবে এই প্ৰকৃতিত নিজৰ সকলো ইচ্ছা পূৰণৰ বাবে সকলো ব্যৱস্থা উপলব্ধ থাকে কিন্তু অকাল মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিৰ আত্মা ভোক, তৃষ্ণা , সংসাৰ আৰু সুখ আদিৰ পৰা বিৰত থাকে ; সেই আত্মাই ক্ৰোধ, লোভ আৰু বাসনা আদি ইচ্ছা সমূহ লৈ অন্ধকাৰৰ মাজত বিচৰণ কৰি থাকে ।
আত্মহত্যা, দুর্ঘটনা ভগৱানৰ ইচ্ছা নে মানুহৰ কৰ্ম অনুসৰি হয় ! মানৱ জীৱনৰ কিছু তিক্ত কথা জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
গৰুড় পুৰাণত আত্মহত্যা কৰি মৃত্যু হোৱা আত্মাৰ শান্তিৰ বাবে অনেক উপায় কোৱা হৈছে । মৃত আত্মাৰ উদ্দেশ্যত তৰ্পন কৰা , পিণ্ডদান কৰা , মৃত আত্মাৰ অসম্পূৰ্ণ ইচ্ছা সম্পূৰ্ণ কৰা , সৎকৰ্ম আৰু দান কৰা আদি কৰ্মৰ দ্বাৰা সেই মৃত আত্মাৰ মুক্তি হয় কিন্তু সেই কৰ্ম কমপক্ষে তিনিবছৰ কৰিব লাগে। তৰ্পন আৰু আত্মাৰ উদ্দেশ্যে প্ৰদীপ আদি জ্বলালে আত্মা তৃপ্ত হয় আৰু তৃপ্ত ও সন্তুষ্ট আত্মাই দ্বিতীয় শৰীৰ ধাৰণ কৰিবলৈ সক্ষম হয় ; আৰু বৈকুণ্ঠ ধামৰ পথ বিচাৰি পায় ।
আমাৰ জীৱন হৈছে পৰমাত্মাই দিয়া আটাইতকৈ ডাঙৰ উপহাৰ, সেয়ে কোনো পৰ্যায়ত বা কোনো পৰিস্থিতিতে সেই জীৱন নষ্ট কৰি দি পৰমাত্মাক অপমান কৰা ঘোৰ পাপৰ কাম আৰু কৰা অনুচিত। যিয়ে পৰিস্থিতি নহওঁক কিয় কেতিয়াও নিজৰ জীৱন বিসৰ্জন দিয়া পাপীৰ কাম , আনকি লোকৰ জীৱন আৰু কোনো অসহায় পশু পক্ষীৰ জীৱন ধ্বংস কৰা মহাপাপ।