পৃথিৱীলৈ যিজন আহিব তেওঁৰ মৃত্যু অনিবাৰ্য , যিটো সৃষ্টিৰ আদিলগ্নৰ পৰা সত্য হৈ ৰৈছে। মৃত্যুৰ পিছত মৃতকৰ আত্মাক যমদূতে যমলোকলৈ লৈ যায়। গৰুড় পুৰাণ অনুসৰি ইঁহলোকৰ পৰা পৰলোকলৈ এই যাত্ৰা অত্যন্ত কঠিন। মৃতকৰ আত্মাই যিসমূহ কঠিন ৰাস্তা পাৰ হবলৈ হয়, তাৰ ভিতৰত অন্যতম হৈছে বৈতৰণী নদী।
বৈতৰণী নদী পৃথিৱী আৰু মৃত্যু দেৱতা যমৰাজ ৰ ৰাজ্যত অৱস্থিত। যি নদীক ধাৰ্মিক সকলৰ আত্মাই অমৃতৰে ভৰা দেখিব, কিন্তু পাপীষ্ঠ সকলৰ আত্মাই সেই একে নদীক ৰক্ত পৰিপূৰ্ণ দেখিব। গৰুড় পুৰাণ অনুসৰি শ্ৰীকৃষ্ণই ব্যাখ্যা কৰিছিল যে এই নদী যমলোকৰ দক্ষিণ দিশত অৱস্থিত। এই বৈতৰণী নদী ভীষণ ভয়ানক, যি নদীত কোনো পানী নাথাকে ; পৰিবৰ্তে এই নদী তেজ আৰু পুজেৰে পৰিপূৰ্ণ। এই নদীত অলেখ প্রতিবন্ধক থাকে অৰ্থাৎ হিংস্ৰ জীৱ জন্তু, কুম্ভীৰ, মাংসভোজী হিংস্ৰ পক্ষী আৰু ভিন্ন ধৰণৰ পোক পৰুৱা থাকে।
পাপী লোকৰ বাবে এই বৈতৰণী নদী পাৰ হোৱা অত্যন্ত কঠিন। পাপী আত্মাই যেতিয়া এই নদীৰ ওচৰলৈ যাবলৈ চেষ্টা কৰে তেতিয়া সেই নদীৰ চাৰিওফালে ধোঁৱা আৰু জুই শিখা জ্বলি উঠে । কোৱা হয় যে পাপী আত্মাই পানী পিয়াহ আৰু ভোক দূৰ কৰিবলৈ সেই নদীৰ ওচৰ চাপে যদিও পানী নাপাই সেই নদীত থকা সেই লেতেৰা তেজ পূজকে পান কৰে । লগতে যিয়ে সেই নদীত পৰি যায় তাৰ কেতিয়াও উদ্ধাৰ নাই।
জীৱন কালত যি লোকে মা পিতাৰ অপমান কৰে, যি লোকে গুৰুক সন্মান নকৰে , যিয়ে সুখী আৰু ধৰ্মপৰায়ন স্ত্ৰী ত্যাগ কৰে, যিয়ে লোকৰ ওপৰত বিষ প্ৰয়োগ কৰে, যিয়ে লোকৰ ঘৰত জুই লগাই দিয়ে , যি লোকে মিছা সাক্ষী দিয়ে, যি লোকে মদ্যপান কৰে, যিয়ে যজ্ঞ নষ্ট কৰে তেনে পাপীষ্ঠ লোকৰ আত্মাই বৈতৰণী নদীত বাস কৰে। অহংকাৰী, পাপী আৰু অকৃতজ্ঞ লোকসকলৰ আত্মাৰ গৃহ হৈছে এই নদী।
এই নদী সুকলমে পাৰ হ’বলৈ জীৱন কালত পূণ্য আৰু দান কৰিবৰ দৰকাৰ। কোনো ব্যক্তি পাপী হৈয়ো তেওঁ যদি জীৱনকালত সত্য আধ্যাত্মিক গুৰুক অনুসৰণ কৰে , সেই পাপীৰ আত্মাই তেওঁৰ গুৰুৰ হাতত ধৰি বৈতৰণী নদী পাৰ হ’বলৈ সক্ষম হয়।
আন হাতেদি যি লোকে জীৱন কালত ভাল কাম কৰে তেওঁলোকে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত অনায়াসে এই নদী পাৰ হ’বলৈ সক্ষম হয়। জীৱন কালত ভাল কাম বিলাকৰ ভিতৰত খাদ্য, ত্যাগ আৰু সম্পতি দান আদি কামবোৰ অতি গুৰুত্বপূৰ্ণ। যি লোকে জীৱিত কালত গোদান কৰে তেনে লোকৰ আত্মাই এই নদীৰ আতংকৰ পৰা মুক্তি পায়।
মানুহৰ ভাগ্য কেতিয়া লিখা হয় ? শ্ৰীকৃষ্ণ গীতাৰ অমৃত কথা। জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
কোৱা হয় যে গোদান কৰা ব্যক্তিয়ে সেই গৰুৰ নেজত ধৰি এই বৈতৰণী নদী পাৰ হৈ যায়। এই বৈতৰণী নদী সফলতাৰে পাৰ হোৱাৰ পিছত আত্মাই যমলোকৰ ভয়ংকৰ পদূলিত উপস্থিত হয় আৰু যমলোকত সকলো আত্মাৰ বিচাৰ কৰে স্বয়ং যমৰাজে । বিচৰাৰ শেষত পূণ্য আত্মাক স্বৰ্গলৈ আৰু পাপী আত্মাক নৰকলৈ লৈ যোৱা হয়। আৰু যি আত্মাই বৈতৰণী নদী পাৰ হ’ব নোৱাৰে তেনে আত্মাৰ পৃথিৱীত পুনৰ জন্ম নহয় ; সেই আত্মাসমূহক ভূত প্ৰেত হিচাপে বিবেচিত কৰা হয়। সেয়ে আমি আমাৰ জীৱন কালত পূণ্য কাম কৰা অত্যন্ত দৰকাৰী।
POPULAR ASSAMESE VIDEO