এটি সময়ৰ কাহিনী, যেতিয়া এগৰাকী বৃদ্ধা মহিলাৰ মৃত্যু হয় তেতিয়া তেওঁৰ আত্মাই যমৰাজক সুধিছিল , “হে যমৰাজ মহাশয়, আপুনি মোক স্বৰ্গ নে নৰকত লৈ যাব “? যমৰাজে কৈছিল , ” স্বৰ্গ আৰু নৰক কোনোতে নহয়, তুমি জীয়াই থাকোঁতে বহু পূণ্য কৰিছা, সেয়ে তোমাক প্ৰভুৰ ধামত লৈ যাম” । বৃদ্ধা মহিলাৰ আত্মা সন্তুষ্ট হৈ পৰিছিল আৰু যমৰাজক ধন্যবাদ জনাই পুনৰ প্ৰশ্ন কৰিছিল, ” আপোনাৰ ওচৰত মোৰ এটি অনুৰোধ আছে, মই পৃথিৱীত থাকোতে বহুজনৰ মুখত স্বৰ্গ আৰু নৰকৰ বিষয়ে নানান কথা শুনিবলৈ পাইছোঁ, সেয়ে মই এবাৰ এই দুয়ো ঠাই দৰ্শন কৰিব খোজোঁ”। যমৰাজে কৈছিল, ” তোমাৰ কৰ্ম ভাল আছিল, সেয়ে তোমাৰ ইচ্ছা মই পূৰণ কৰিম, ব’লা আমি স্বৰ্গ আৰু নৰকৰ পথেদি প্ৰভুৰ ধামলৈ গমন কৰোঁ”।
প্ৰথমে দুয়ো গৰাকী গৈ নৰকত উপস্থিত হ’ল, নৰকত উপস্থিত হৈয়ে বৃদ্ধা মহিলাৰ আত্মাই খুব চিঞৰ বাখৰ কৰি বহু লোকে কান্দি থকা শব্দ শুনিবলৈ পালে, আৰু তাৰে মানুহ বোৰক ৰুগীয়া, ক্ষীণ আৰু ভীষণ অসুস্থ দেখিবলৈ পালে ; লগে লগে বৃদ্ধা মহিলাই নৰকত থকা মানুহৰ লগত কথা পাতিবলৈ ললে। তেওঁ সুধিলে, ” আপোনালোকৰ সকলোৰে অৱস্থা ইমান বেয়া কিয় “? তেওঁলোকে উত্তৰ দিছিল যে অৱস্থা আৰু কেনেকৈ ভাল হ’ব, মৃত্যুৰ লগে লগে যেতিয়াই আমি এইখিনি ঠাইত আহি পাইছোঁ তেতিয়াৰ পৰা আমি একো খাবলৈ পোৱা নাই, ভোকৰ যন্ত্ৰণাত আমাৰ আত্মাই চটফটাই আছে ।
লগে লগে বৃদ্ধা মহিলাই এটি ডাঙৰ হাৰি ( পাত্ৰ ) দেখিবলৈ পালে , যিটো মানুহৰ উচ্চতাৰ পৰা তিনিশ ফুট ওপৰত সজ্জিত হৈ আছিল, হাৰিৰ লগত এখন চামুচ ৰাখি থোৱা আছিল, হাৰিৰ পৰা অতি সুস্বাদু খাদ্যৰ সুগন্ধ বিয়পি আছিল । বৃদ্ধা মহিলাই নৰকৰ লোকসকলক সুধিছিল, ” এই হাৰিত কি ৰাখি থোৱা আছে “? এজন লোকে খুব দুখেৰে কৈছিল, ” এই হাৰি সকলো সময়তে সুস্বাদু ক্ষীৰ ভৰি থাকে । কথা শুনি বৃদ্ধা মহিলাই অবাক হৈ কৈছিল, ” ইয়াতে যদি সুস্বাদু ক্ষীৰ থাকে তোমালোকে নোখোৱা কিয়”? তেওঁলোকে কান্দি কান্দি কৈছিল, ” কেনেকৈ খাম আমি, সেই হাৰি যে প্ৰায় তিনিশ ফুট উচ্চতাত আছে , আমাৰ কোনোৰে সেই হাৰিৰ ওচৰলৈ যোৱাৰ সামৰ্থ নাই “! মহিলা গৰাকীৰ খুব দুখ লাগিল আৰু ভাবিলে , ” হাই হাই ক্ষীৰৰ হাৰি সন্মুখত থকাৰ পিছতো এওঁলোক চটফটাই আছে , হয়তো কিজানি যমৰাজে এই মানুহ খিনিক শাস্তি প্ৰদান কৰিছে “!
এনেতে যমৰাজে বৃদ্ধা মহিলা গৰাকীক কৈছিল, ” ব’লা এতিয়া, আমাৰ দেৰি হৈছে” । আৰু গৈ গৈ তেওঁলোকে স্বৰ্গৰ দুৱাৰদলিত প্ৰৱেশ কৰিছিল , স্বৰ্গত প্ৰৱেশ কৰিয়ে বৃদ্ধা মহিলাৰ আত্মাই খুব আনন্দ স্ফূৰ্তিৰ কোলাহল শুনিবলৈ পাইছিল, যত প্ৰত্যেক জনকে খুব আনন্দিত দেখা গৈছিল, তেওঁলোকৰ স্ফূৰ্তি দেখি বৃদ্ধা মহিলাৰ আত্মাই আনন্দ পাইছিল , আৰু সেই স্বৰ্গতো মহিলা গৰাকীৰ আত্মাই তিনিশ ফুট উচ্চতাত এটি হাৰি প্ৰত্যক্ষ কৰিছিল যেনেদৰে নৰকত প্ৰত্যক্ষ কৰিছিল , হাৰি দেখি মহিলাৰ আত্মাই সেই স্বৰ্গত থকা লোক সকলক সুধিলে, ” এই হাৰিত কি আছে ?” স্বৰ্গত থকা লোকসকলে হাঁহিমুখে উত্তৰ দিলে, ” এই হাৰিত খুব সুস্বাদু ক্ষীৰ আছে, আৰু আমি যেতিয়াই মন যায় তেতিয়াই নিজৰ ইচ্ছা অনুসৰি এই ক্ষীৰ গ্ৰহণ কৰো”। পুনৰ বৃদ্ধা মহিলা অবাক হৈ পৰিছিল আৰু সুধিছিল, ” তোমালোকে তিনিশ ফুট উচ্চতাৰ পৰা কেনেকৈ ক্ষীৰ পাৰি আনিবলৈ সক্ষম হোৱা ” ? লোকসকলে কৈছিল, ” হাৰি ওপৰত আছে তাতে কি হ’ল , এই স্বৰ্গত কিমান প্ৰকাণ্ড, প্ৰকাণ্ড গছ আছে , এই গছ সমূহ ঈশ্বৰে আমি ব্যৱহাৰ কৰাৰ বাবেই সৃষ্টি কৰিছে, আমি সেইবোৰ কাটি এখন ওখ জখলা প্ৰস্তুত কৰি লৈছোঁ , সেয়া দেখিছেনে জখলা ডাল সেইফালে পেলাই থৈছোঁ, সেইডালেৰে উঠি আমি সেই হাৰিৰ পৰা ক্ষীৰ পাৰি আনি খাওঁ”।
লক্ষ্মী ছোৱালীৰ ৫ টি গুণ জানি আচৰিত হ’ব ! জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
উত্তৰ শুনি বৃদ্ধা মহিলাৰ আত্মাই যমৰাজৰ ফালে চালে , যমৰাজে সঁহাৰি জনালে আৰু কলে, ” এই স্বৰ্গ আৰু নৰক মানুহৰ হাতৰ মুঠিতে পৰিচালিত হয়, ঈশ্বৰে এই স্বৰ্গ আৰু নৰকৰ দায়িত্ব মানুহকে দি দিছে আৰু মানুহে ইচ্ছা কৰিলে নিজৰ বাবে স্বৰ্গ বনাই লব পাৰে বা নৰক পোৱাৰ পথ নিজেই প্ৰশস্ত কৰিব পাৰে ; ঈশ্বৰে সকলোকে সমানে দিছে, তেওঁৰ বাবে সকলো মানুহ তেওঁৰ পুত্ৰতুল্য , ঈশ্বৰে কাকো ভেদাভেদ নকৰে ; নৰকতো গছ গছনি, নদ নদী সকলো আছিল কিন্তু নৰকত থকা লোক সকলে সেইবোৰ ব্যৱহাৰ কৰি ক্ষীৰ খাবলৈ সক্ষম হোৱা নাই , কিয়নো সেই ঠাইত থকা মানুহ বোৰ হৈছে এলেহুৱা, তেওঁলোকে ক্ষীৰ হাতৰ মুঠিত বিচাৰে, তেওঁলোকে যত্ন আৰু কষ্ট কৰি বেয়া পায় আৰু সেইবাবেই তেওলোক ভোকত চটফটাই থাকিব লগীয়া হৈছে ; ইফালে কিন্তু স্বৰ্গৰ লোক সকলে সেই গছ গছনি ব্যৱহাৰ কৰি আনন্দ মনে ক্ষীৰ পাৰি খাবলৈ সক্ষমতা ৰাখিছে”।
পুনৰ যমৰাজে কৈছিল, ” এয়াই হৈছে ঈশ্বৰৰ দ্বাৰা সৃষ্টি কৰা পৃথিৱীৰ নিয়ম, যিয়ে কষ্ট নকৰে, পৰিশ্ৰম নকৰে তেওঁলোকে ভোকত চটফটাই মৰে আৰু যিয়ে কৰ্মক বিশ্বাস কৰে তেওঁ সুস্বাদু ক্ষীৰ খাবলৈ সক্ষম হয়, স্বৰ্গ আৰু নৰক মানুহৰ হাততে আছে ; লগতে পৰিশ্ৰম কৰি, ভাল কৰ্ম কৰি নিজৰ জীৱনতে স্বৰ্গৰ পথ সাজিব পাৰি”।
POPULAR ASSAMESE VIDEO
Thank
God is great?