এবাৰ গৌতম বুদ্ধই নিজৰ ৰাজ্যৰ বাহিৰৰ এখন গাওঁত আশ্ৰয় লৈছিল, সেই একেখন গাওঁৰে কিছু নিলগত এজন মুচি নিজৰ পৰিয়ালৰ সৈতে জীৱন যাপন কৰিছিল ; মুচিৰ ঘৰৰ পিছফালে এটি পুখুৰী আছিল আৰু সেই পুখুৰীত মুচিজনে প্ৰতিদিনে পুৱা পানী তুলিবলৈ গৈছিল। প্ৰত্যেক দিনাৰ দৰে মুচিয়ে সিদিনাখন ৰাতিপুৱা সেই পুখুৰীলৈ পানী আনিব গৈ পুখুৰীৰ সোঁমাজত এক আচৰিত , এক অপূৰ্ব সৌন্দৰ্য্যৰে মোহাচ্ছন্ন কৰা এটি ফুল ফুলি থকা দেখিবলৈ পাইছিল ; যিটো দেখি মুচিয়ে তেওঁৰ স্ত্ৰীক উধাতু খাই মাতিছিল আৰু ফুলতো দেখুৱাই দিছিল।
মুচিৰ পৰিবাৰ জনী খুব আধ্যাত্মিক আছিল আৰু তেওঁ ধৰ্মৰ প্ৰতি গভীৰ আস্থা ৰাখিছিল , সেয়ে তেওঁ সেই পুষ্প দেখি বুজি উঠিছিল যে নিশ্চয় সেই দাঁতিৰে ভগৱান গৌতম বুদ্ধ পাৰ হৈছিল আৰু তাৰ বাবেই পুখুৰীত ইমান মধুৰ পুষ্প ফুলিছে। সেই ফুলৰ চমৎকাৰ দেখি মুচিজনে এটি বুদ্ধি ভাবিলে আৰু তেওঁৰ বুদ্ধিৰ বিষয়ে নিজৰ পত্নীকো কলে যে তেওঁ সেই ফুল ৰজাক দিব আৰু তাৰ বিনিময়ত তেওঁ ৰজাৰ পৰা বহুত স্বৰ্ণমুদ্ৰা লাভ কৰিব পাৰিব। কথামতে মুচিৰ পত্নীও সৈমান হৈছিল । কথামতে মুচিয়ে হাতত ফুল লৈ ৰাজমহলৰ ফালে উধাতু খাই আগবাঢ়িবলৈ ললে আৰু গৈ গৈ পথত এজন ফুল বিক্রেতাক লগ পালে , ফুল বিক্রেতাই মুচিৰ হাতত ফুলতো দেখি আচৰিত হৈ সুধিছিল , ” তুমি এই ফুলতো কত পালা আৰু ফুলতো কলৈ লৈ যোৱা “? মুচিয়ে যেতিয়া ফুলতো ৰজাৰ ওচৰলৈ নিম বুলি কৈছিল তেতিয়া বিক্রেতাই কৈছিল, ” তুমি এই ফুল মোক দিয়া আৰু বিনিময়ত মই ১০০ স্বৰ্ণমুদ্ৰা দিম “।
কথা শুনি মুচিয়ে চিন্তাত পৰিল আৰু সিদ্ধান্ত ললে যে তেওঁ সেই ফুল ৰজাৰ ওচৰতে লৈ যাব যিহেতু ফুল বিক্রেতাই ইতিমধ্যে ১০০ চন্দ্ৰমুদ্ৰা দিব খুজিছে, নিশ্চয় ৰজাই ইয়াতকৈ বেছি অৰ্থ উপহাৰ দিব। সেয়ে তেওঁ সেই ফুল বিক্রেতাক নিদি ৰজাৰ ৰাজ দৰবাৰলৈ ৰাওনা হৈছিল। গৈ থাকোঁতে হঠাৎ মুচিয়ে ৰাজ দৰবাৰ নৌপাওঁতেই ৰজাক ৰাজপথত দেখি থমকি ৰ’ল । মুচিৰ হাতত অতি সুন্দৰ , অতি মনোৰম ফুল দেখি ৰজা অবাক হৈ পৰে আৰু মুচিক সেই ফুলৰ বিনিময়ত এক হাজাৰ চন্দ্ৰমুদ্ৰা দিবলৈ মান্তি হয়। তাকে শুনি মুচিৰ মনত আৰু বেছি বিস্ময়কৰ চিন্তা আহিল আৰু তেওঁ সেই ফুল ৰজাক নিদি পুনঃ দৌৰ মাৰিলে। বহুদূৰ দৌৰি দৌৰি তেওঁ মহাত্মা গৌতম বুদ্ধৰ ওচৰ পালেগৈ। ভগৱান বুদ্ধই মুচিক প্ৰশ্ন কৰিলে আৰু মুচিয়ে ফুলৰ বিষয় সবিশেষ জনালে ।
অৱশেষত মুচিয়ে সেই বিস্ময়কৰ পুষ্প গৌতম বুদ্ধৰ চৰণত অৰ্পণ কৰি কৈছিল , ” প্ৰভু , এই পুষ্প দেখি প্ৰথমে মোৰ মনত লোভৰ সৃষ্টি হৈছিল কিন্তু এতিয়া মই বুজি পাইছোঁ যে যি মানুহৰ ছায়াত ইমান মনোৰম আৰু বিস্ময়কৰ ফুল ফুলিব পাৰে সেই মানুহৰ ওচৰত আশ্ৰয় লোৱাই উত্তম মোৰ বাবে , স্বৰ্ণমুদ্ৰাৰ ওচৰত নহয় “। ইয়াৰ পিছত সেই মুচি গোটেই জীৱন বুদ্ধৰ শিষ্য হৈ ৰয়।
স্বামী বিবেকানন্দৰ পৰা শিকো আহক তিনিটা মহৎ কথা ! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
এই গল্পৰ পৰা আমাৰ এই শিক্ষা লোৱা দৰকাৰী যে আমাৰ জীৱনত বহু পাৰ্থিৱ বস্তুৱে আমাক আকৰ্ষিত কৰিব পাৰে কিন্তু আমি সেইবোৰৰ লোভত ডুব নগৈ নিজৰ জ্ঞান প্ৰয়োগ কৰি জীৱনৰ সঠিক পথ বিচাৰি লোৱা খুবেই দৰকাৰ ।
POPULAR ASSAMESE VIDEO
Nice post.