Luck line in coming days

দুৰ্গা পূজাৰ ঠিক আগতে এই ৭ ৰাশিৰ ভাগ্য মালামাল !

দুৰ্গা পূজাৰ ঠিক আগত প্ৰায় পঞ্চমী পৰ্যন্ত কিছু ৰাশিৰ লোকৰ সৈতে থাকিব মা দুৰ্গা দেৱীৰ লগতে মা লক্ষ্মীৰ বিশেষ কৃপা যাৰ ফলতে এই ৰাশিৰ লোক সকলে নিজৰ নিজৰ ভাগ্যৰ পূৰ্ণ সহায় পাব আৰু তেওঁলোক আৰ্থিক আৰু সামাজিক ভাৱে সবল হৈ পৰিব।

জ্যোতিষ শাস্ত্ৰ অনুসৰি দেৱী পক্ষ আৰম্ভণিৰ লগে লগে অৰ্থাৎ ১৭ ছেপ্টেম্বৰ তাৰিখৰ পৰাই গ্ৰহ ৰজা সূৰ্য্যই ইতিমধ্যে ৰাশিৰ পৰিৱৰ্তন কৰিছে, অৰ্থাৎ গ্ৰহ ৰজা সূৰ্য্যই সিংহ ৰাশিৰ পৰা কন্যা ৰাশিলৈ নিজকে পৰিৱৰ্তন কৰিছে যাৰ ফলত কিছুমান বিশেষ ভাগ্যশালী ৰাশিৰ ভাগ্য উদয় হৈছে। সেই ৰাশি সমূহ হৈছে :-

১) মেষ ৰাশি :- এই ৰাশিৰ লোকৰ জীৱনত থকা সকলো সমস্যা দূৰ হ’ব, চাকৰি বাকৰিৰ যোগ পাব, ব্যৱসায়ত শুভ পৰিনাম পাব, যিকোনো বাধাপ্ৰাপ্ত কাম পূৰ্ণ হৈ পৰিব। ধৰ্মীয় কাম কাৰ্যত মনোযোগ আহিব, আহিবলগীয়া সময়ত লাভৰ যোগ থাকিব ; প্ৰেমৰ বাবে শুভ সংকেত নামি আহিব।

Luck line in coming days

২) বৃষ ৰাশি :- এই ৰাশিৰ লোকৰ এই সময়ত আত্মবিশ্বাস বাঢ়িব, জীৱনত লাভজনক পৰিৱৰ্তন হ’ব, ব্যৱসায়ত নতুন দিশৰ প্ৰাপ্তি হ’ব, বিদেশ যাত্ৰাৰ যোগ থাকিব, সন্তানৰ জীৱনলৈ সুখবৰ আহিব, চাকৰিৰ যোগ উদয় হ’ব। চাকৰি আৰু ব্যৱসায়ী সকলৰ বাবে শুভ দিন আহিব হেতুকে এই সময়ত এই ৰাশিৰ লোক টনকিয়াল আৰু চহকী হৈ পৰিব। তাৎক্ষণিক ধনপ্ৰাপ্তিৰ যোগ থাকিব, দাম্পত্য জীৱন সুখৰ হৈ পৰিব।

৩) বৃশ্চিক ৰাশি :- এই ৰাশিৰ লোকসকলৰ এই সময়ত ভাগ্যৰ পূৰ্ণ সহায় থাকিব ; ব্যৱসায় বিস্তাৰ হ’ব, চাকৰিৰ পদোন্নতি আৰু বেতন বৃদ্ধিৰ যোগ থাকিব, অনাগত জীৱন সুখ শান্তিৰে ভৰি পৰিব, মা দূর্গাৰ কৃপাত দুখ দুৰ্গতি দূৰ হৈ পৰিব , নতুন বাহন ক্ৰয় কৰাৰ যোগ থাকিব , আয় বৃদ্ধি আৰু অৰ্থ লাভৰ নতুন দিশ প্ৰাপ্তি হ’ব ।

how to stop nail biting habit of child

৪) কুম্ভ ৰাশি :- এই সময়ছোৱাত কুম্ভ ৰাশিৰ লোকসকলৰ বাবে অতিকৈ শুভ আৰু লাভজনক আৰু শুভ সংবাদ আহিব, গৃহত মাঙ্গলিক অনুষ্ঠানৰ যোগ থাকিব, আয় বৃদ্ধি হ’ব , আয়ৰ নতুন দিশ মুকলি হ’ব, মা দূর্গাৰ কৃপাত পুৰণি ইচ্ছাৰ ফল প্ৰাপ্তি হ’ব পাৰে ; প্ৰেম আৰু দাম্পত্য জীৱনত সুখ প্ৰাপ্তি হ’ব , পৰিয়ালৰ সকলোৰে সহযোগ পাব এই সময়ত।

৫) মীন ৰাশি :- এই ৰাশিৰ লোকসকলৰ এই সময়ত আত্মবিশ্বাস বাঢ়িব যদিও এই লোকসকলে কোনো নেতিবাচক চিন্তাক ঠাই দিব নালাগিব। নিবনুৱাৰ বাবে কৰ্মসংস্থাপনৰ নতুন দিশ মুকলি হ’ব , কাম কাৰ্যত নতুন দিগন্তৰ সূচনা হ’ব , বন্ধু বান্ধৱীৰ সহযোগিতা লাভ হ’ব যিয়ে মন প্ৰাণ প্ৰফুল্ল কৰিব, ব্যৱসায়ত উন্নতি হৈ পৰিব ; ছাত্ৰছাত্ৰীৰ বাবে এই সময় শুভ হৈ পৰিছে, হঠাতে ধনৰ আগমন হ’ব পাৰে , চাকৰি ব্যৱসায়ত অধিক লাভ হ’ব।

4 HABITS FOR WHICH PEOPLE NOT GETTING RICH

৬) কন্যা ৰাশি :- এই ৰাশিৰ লোকসকলৰ এই সময়ত ব্যৱসায়ৰ উন্নতি হব, সন্তান প্ৰাপ্তিৰ যোগ থাকিব ; এই ৰাশিৰ লোকসকলে এই সময়ত পাৰিবাৰিক অৰ্থাৎ গৃহকন্দলৰ পৰা দূৰৈত থকা ভাল , নিজৰ মুখৰ বচন নিয়ন্ত্ৰণত ৰখা ভাল । চাকৰিত পদোন্নতি আৰু বেতন বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকট। এই সময়ত এই ৰাশিৰ লোকসকলৰ মন প্ৰাণ প্ৰসন্ন থাকিব।

৭) কৰ্কট ৰাশি :- এই ৰাশিৰ লোকসকলৰ এই সময়ত ব্যৱসায় আৰু বাণিজ্যৰ নতুন যোগ দেখা দিব, সমাজত মান সন্মান আৰু যশস্যা বাঢ়িব, মা লক্ষ্মীৰ কৃপাত এই ৰাশিৰ লোকৰ ধন ধান প্ৰাপ্তি হ’ব, ঘৰ পৰিয়াললৈ সুখ শান্তিৰ আগমন ঘটিব, বন্ধু বান্ধৱীৰ সহযোগ পাব, ৰৈ থকা কাম পূৰ্ণ হ’ব , কাম কাজ দ্ৰুতগতিত আগবাঢ়ি যাব , পৰিশ্ৰমৰ ফল সম্পূর্ণ পোৱাৰ যোগ থাকিব। আইনৰ প্ৰক্ৰিয়াই সহায় কৰিব, দাম্পত্য জীৱন মধুৰ থাকিব ।

POPULAR ASSAMESE VIDEO

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *