“বৰষুণৰ সময়ত যিবোৰ পোক পিপৰা গাঁতৰ পৰা সোনকালে ওলাই আহে সিহঁত সোনকালে মৰি যায়”, ইয়াৰ পৰা আমি এইটো শিক্ষা পাওঁ যে এই পৃথিৱীত যাৰ সময় শেষ হয় তেওঁ সোনকালে গুচি যায়। দুৰ্বল মানুহে সকলো ক্ষেত্ৰতে প্ৰতিশোধ লব খোজে আৰু শক্তিশালী লোকে ক্ষমা কৰি দিয়ে, কিন্তু বৃদ্ধিমান লোকে সেইবোৰক ignore কৰি পেলায়, সেয়ে আজিৰ তাৰিখত অদৰকাৰী মানুহক ignore কৰি মানুহ বুদ্ধিমান হোৱা উচিত। নিজকে সমুদ্ৰৰ দৰে বুদ্ধিমান কৰি তৈয়াৰ কৰাৰ যত্ন কৰিব লাগে যাতে আপোনাৰ গভীৰতা জুখিবলৈ গৈ আনৰ ঘাম বাহিৰ হৈ যায়।
ইয়াতে কাৰো একো নাহে বা নাযায় যে কোনে আপোনাক পাবৰ বাবে পাগল, বৰং জীৱনত গুৰুত্বপূৰ্ণ হ’ল এইটো যে কোনে আপোনাক হেৰুৱাব ভয় কৰে। যেতিয়া মানুহে দেখে যে আপুনি তেওঁলোকৰ সহায় নোহোৱাকৈ বহুত ভাল কিবা কৰিছে সেই পৰিস্থিতিত সেই মানুহ বিলাকে আপোনাৰ ওচৰত আহিবলৈ চেষ্টা কৰিব ; সেয়ে কোনোৱে যদি আপোনাক তেওঁৰ জীৱনৰ পৰা বাহিৰ কৰি দিছে তেন্তে নিজকে ইমান সফল কৰি দেখুৱাই দিয়ক যে তেওঁ আপোনাক পুনৰাই পাব বিচাৰে।
পৃথিৱীৰ এটি কঠিন সত্য যে যি ব্যক্তি মৰি যায় তেওঁৰ বাবে কান্দিবলৈ হাজাৰ মানুহ পোৱা যায় কিন্তু যিজন এতিয়াও জীয়াই আছে তেওঁক বুজিবলৈকে মানুহৰ অভাৱ।
যিটো সত্য সেইটো যদি সঠিক সময়ত উপস্থাপন কৰা নাযায় সেইটোও পিছত মিছালৈ পৰিণত হয়। যেতিয়া আপুনি অকলে থাকিব তেতিয়া মানুহে আপোনাক গুৰুত্ব নিদিয়ে, মানুহে আপোনাক গুৰুত্ব তেতিয়াহে দিব যেতিয়া তেওঁলোক অকলশৰীয়া থাকিব ; অৰ্থাৎ মানুহে নিজৰ স্বাৰ্থৰ বাবেহে আনক বিচাৰে । নিজৰ সমস্যাৰ কথা আনৰ সৈতে আলোচনা কৰা অনুচিত কিয়নো ৮০% মানুহৰ একো নাহে বা নাযায় যে আপোনাৰ কিবা সমস্যা হৈছে , আৰু বাকী ২০ % লোকে আপোনাৰ সমস্যাৰ কথা শুনিলে আনন্দহে লাভ কৰে।
বন্ধুত্ব কৰা খুব ভাল কিন্তু মনত ৰখা দৰকাৰী যে বন্ধু যিমান ঘনিষ্ঠ নহওঁক কিয় এটি সময় এনে আহিব সিদিনা সেই বন্ধু আপোনাৰ পৰা দূৰৈত গুচি যাব । নিজৰ কামৰ সময়ত কেতিয়াও আনৰ ওপৰত নিৰ্ভৰশীল হ’ব নালাগে কাৰণ আপোনাৰ সফলতা আৰু অসফলতাৰ বাবে দায়ী আপুনি।
নীৰৱতা আৰু হাঁহি এই দুটি একে বস্তু আৰু ই বৰ শক্তিশালী কাৰণ নীৰৱতাই বহু সমস্যাৰ সমাধান কৰিব পাৰে আৰু এটি মিঠা হাঁহিয়ে অনেক সমস্যাৰ পৰা বাচিবলৈ পথ দেখুৱাব পাৰে।
মনত ৰাখিব সময় সকলোৰে থাকে নিজৰ জীৱন পৰিৱৰ্তন কৰিবলৈ কিন্ত জীৱনহে দ্বিতীয়বাৰ পোৱা নাযায় সময়ক পৰিৱৰ্তন কৰিবলৈ ; আৰু এই সময় মানুহৰ বাবে সীমিত থাকে সেয়ে এই মূল্যবান সময় নষ্ট হ’বলৈ দিব নালাগে। আৰু জানিব যে যি কাম কৰাৰ সীমা পাৰ হৈ যায় সেই কাম কেতিয়াও কাম হৈ নাথাকে, সেয়ে সেই সকলোবোৰৰ পৰা সম্পর্ক এৰি দিয়ক যিয়ে আপোনাৰ কাম সময়ত হৈ উঠাত বাধা দিয়ে।
এই ৩ টা কথা মানি চলক দেখিব আপোনাৰ জীৱন ঘোঁৰাৰ আগত দৌৰিব! জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
৬ টি বস্তুই মানুহৰ জীৱন ধ্বংস কৰে সেয়া হৈছে, টোপনি, খং , ভয়, ক্লান্তি, এলাহ আৰু কামবোৰ পিছত কৰিম বুলি থৈ দিয়াৰ প্ৰৱণতা। এই ৬ টি বেয়া অভ্যাসক আপোনাৰ জীৱনৰ পৰা সদায় দূৰৈত ৰখা দৰকাৰী।
শেষত এষাৰ কথা কোনোবাই খুব সুন্দৰকৈ কৈছিল, ” life is a coin you can spend anyway you want, but you can spend it once” ।
popular Assamese video