যদি আপোনাৰ মনত আহিছে যে আপুনি বহুত দুৰ্বল আৰু আপোনাৰ সময় বহুত বেয়া চলিছে তেন্তে আজিৰ এই লিখনি শেষলৈ নিশ্চিতভাৱে পঢ়ক। আজিৰ লিখনি এনে এগৰাকী মহীয়সী মহিলাৰ ওপৰত লিখা হৈছে যাৰ এজনী ছোৱালী সন্তান আৰু দুজন ল’ৰা সন্তান আছিল। কিন্তু দুজন ল’ৰা সন্তানেই খুব কম বয়সতে এই পৃথিৱী এৰি গুচি যায় আৰু একে সময়তে তেওঁৰ স্বামীৰো মৃত্যু হয়, তথাপিও তেওঁ আত্মবিশ্বাস হেৰুৱাই পেলোৱা নাছিল যদিও তেওঁ ভিতৰি ভাগি পৰিছিল। আৰু সেই দুখ কষ্টক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি জীৱনত ইমান ডাঙৰ কিবা অৰ্জন কৰিবলৈ সক্ষম হৈছে ; আজি সেই মহিলা ভাৰতৰ প্ৰথম নাগৰিক , তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতি, ভাৰত ৰাষ্ট্ৰৰ সৰ্বোচ্চ পদৰ অধিকাৰী তেওঁ হৈছে ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি মাননীয়া দ্ৰৌপদী মুৰ্মু ।
স্বাধীন ভাৰতবৰ্ষৰ এওঁ প্ৰথম আদিবাসী সম্প্ৰদায়ৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ; এওঁৰ জীৱনৰ পৰা সকলো ভাৰতীয়ই বহুত কিবা শিকিব লগা আছে। এওঁ আগতে ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল। আৰু যেতিয়া তেওঁ আমাৰ আগৰ ৰাষ্ট্ৰপতি মাননীয় ৰামনাথ কোবিন্দ মহাশয়ক ৰাষ্ট্ৰপতি ভৱনত লগ কৰিব গৈছিল সেই সময়ত তেওঁ সপোনটো ভবা নাছিল, কল্পনাই কৰা নাছিল যে তেওঁ ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হ’ব পাৰিব।
আহক দ্ৰৌপদী মুৰ্মুৰ জীৱনৰ পৰা আমি কি কি শিকিব পাৰো তাকে জানি লওঁ। তেওঁৰ জীৱনৰ পৰা যিটো আমি প্ৰথমে শিকিব পাৰো সেইটো হৈছে, ” পৰিস্থিতি যিমানে বেয়া নহওঁক কেতিয়াও সেই পৰিস্থিতিৰ সন্মুখত নেজ পেলাব নালাগে বৰং সেই বেয়া পৰিস্থিতিক এনেকুৱা এটি কাৰণ সজাই লব লাগে যাৰ পৰা জীৱনত ডাঙৰ কিবা কৰিব যায় “।
শ্ৰীমতী দ্ৰৌপদী মুৰ্মু জন্ম গ্ৰহণ কৰিছিল ২০ জুন ১৯৫৮ চনত উৰিষ্যাৰ ময়ুৰভঞ্জ জিলাৰ এটি অতি দুখীয়া আদিবাসী পৰিয়ালত। জন্মৰ পৰাই তেওঁ জীৱনত অনেক সমস্যাৰ মুখামুখি হৈছিল। তেওঁৰ পিতা বীৰেন্দ্ৰ নাৰায়ণ মুৰ্মু আছিল এজন দৰিদ্ৰ কৃষক। কিন্তু দ্ৰৌপদী মুৰ্মুয়ে কেতিয়াও নিজৰ সমস্যাক ডাঙৰ কৰি দেখা নাছিল বা ভবা নাছিল। তেওঁ নিজৰ গাঁওৰ স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি ভুৱনেশ্বৰৰ ৰামাদেৱী মহিলা কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। পঢ়া শুনা শেষ কৰি তেওঁ নিজৰ ছোৱালীক শিক্ষা প্ৰদানত সুবিধাৰ বাবে নিজেই শিক্ষকৰ কাম বাছি লৈছিল আৰু ৰাইৰংপূৰৰ এখন বিদ্যালয়ত শিক্ষয়ত্ৰী হিচাপে নিজকে নিযুক্ত কৰিছিল। কিন্তু সিমানটো তেওঁৰ জীৱনৰ সকলো সমস্যাৰ শেষ হোৱা নাছিল ; সকলো ঠিকেই চলিছিল, ২০০৯ চনৰ ২৭ অক্টোবৰ ৰাতিপুৱা ৯.০০ বজাত উৰিষ্যা ৰাজধানী ভুবনেশ্বৰৰ এখন গৃহত এজন ২৫ বছৰীয়া যুৱকৰ মৃতদেহ উদ্ধাৰ হৈছিল , আৰু সেয়া আন কোনো নাছিল , আছিল দ্ৰৌপদী মুৰ্মুৰ ল’ৰাৰ মৃতদেহ, যাৰ নাম আছিল লক্ষ্মণ মুৰ্মু , যাৰ মৃত্যুৰ ৰহস্য আজিলৈকে ভেদ হোৱা নাই। আৰু তাৰ চাৰি বছৰ পিছত ২০১৩ চনত দ্ৰৌপদী মুৰ্মুৰ দ্বিতীয় ল’ৰাৰো পথ দুৰ্ঘটনাত মৃত্যু হয় । সেই প্ৰতিকূল সময়ত দ্ৰৌপদী মুৰ্মু বেয়াকৈ ভাগি পৰিছিল । বেয়া সময়ে তেখেতক এৰা দিয়া নাছিল আৰু ২০১৪ চনত তেওঁৰ স্বামীৰো মৃত্যু হৈছিল। সেইসময়ত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ পৰিয়ালত আছিল একমাত্ৰ তেওঁৰ জীয়ৰী জনী যিয়ে এটি বেংকত চাকৰি কৰিছিল।
ইমান দুখজনক ঘটনাক্ৰমৰ পিছত দ্ৰৌপদী মুৰ্মু ভাগি পৰিছিল আৰু তেওঁ আশ্ৰমলৈ যোৱা আৰম্ভণি কৰিছিল আৰু তাতে গৈ তেওঁ ধ্যান কৰা আৰম্ভণি কৰিছিল যাতে সকলো শেষ হৈ যোৱা জীৱনটোক তেওঁ নতুনকৈ আৰম্ভণি কৰিব পাৰে । ইয়াৰ পৰা আমি শিকিব পাৰো যে , ” পৰিস্থিতি যিমানে বেয়া নহওঁক, জীয়াই থাকিবলৈ পাহাৰৰ দৰে হ’ব লাগিব আৰু সেই পৰিস্থিতিৰ সৈতে যুঁজিব লাগিব “।
দ্ৰৌপদী মুৰ্মুৰ জীৱনৰ পৰা আমি যি দ্বিতীয়তো কথা শিকিব পাৰো সেয়া হৈছে , ” মানুহ সৎ হ’ব লাগে, জীৱনত সততা থাকিব লাগে”। সৎ হ’লে আৰু সততা থাকিলে মানুহে জীৱনত ডাঙৰ নহয় ডাঙৰ কিবা অর্জন কৰিবলৈ সক্ষম হয়। সকলোৱে কয় মহিলাৰ বাবে ৰাজনীতি কঠিন কিন্ত সোতৰ বিপৰীতে গৈ দ্ৰৌপদী মুৰ্মুয়ে ইমান দূৰ আগুৱাই একেবাৰে শীৰ্ষ পদবীত অধিষ্ঠিত হোৱাটো এটি অতি সাধাৰণ কথা নহয়। আজি সমগ্ৰ পৃথিৱীতে দ্ৰৌপদী মুৰ্মুৰ কথা চৰ্চা হৈছে, কিয়নো তেওঁ নিজৰ জীৱনত বহুত সংঘৰ্ষ কৰিবলগীয়া হৈছে আৰু তেওঁৰ মূলমন্ত্ৰ আছিল সততা।
দ্ৰৌপদী মুৰ্মুৰ ৰাজনৈতিক জীৱনৰ আৰম্ভনি হয় ১৯৯৭ চনৰ পৰা, যেতিয়া তেওঁ সেই চনতে প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়ী হয়। লগতে তেওঁ সেই একে সময়তে ভাৰতবৰ্ষৰ আদিবাসী সকলৰ ৰাজনৈতিক সভানেত্ৰী নিৰ্বাচিত হয়। ২০০২ চনৰ পৰা ২০০৪ চনলৈ তেওঁ উৰিষ্যা চৰকাৰৰ মন্ত্ৰী পদটো অধিষ্ঠিত হয়। তাৰ পিছত তেখেতৰ জীৱনত যি সমূহ নঘটিব লগা ঘটনা ঘটিছিল সেয়া আগতে উল্লেখ কৰা হৈছে। তাৰ পিছত ২০১৫ পৰা ২০২১ চনলৈ তেওঁ অধিষ্ঠিত হয় ঝাৰখণ্ডৰ ৰাজ্যপাল পদত। আৰু ২০২২ চনত তেওঁ দেশৰ সৰ্বোচ্চ পদ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰি সকলোৰে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অকল আমাৰ দেশতে নহয় সমগ্ৰ বিশ্ববাসীৰ মাজত।
এখেতৰ জীৱনৰ গতিপথে আমাক সকলোকে আৰু এটি কথা শিকাইছে যে আপুনি সঠিক পথত গৈ থাকক , দুখ -বেদনা – কষ্ট সকলো সহি গৈ থাকক, নিজৰ সাহিষ্ণুতা ৰাখি যুঁজি যাওঁক জীৱনত কিবা নহয় কিবা ডাঙৰ পাবই !
এওঁ যেতিয়া ঝাৰখণ্ডৰ ৰাজ্যপাল আছিল তেতিয়া তেওঁ চৰকাৰ অথবা বিৰোধী সকলোৰে কথা শুনিছিল, এওঁ সকলো সংগঠনৰ নেতাৰ বাবে ঝাৰখণ্ডৰ ৰাজভৱনৰ দুৱাৰ খোলা ৰাখিছিল ।
২০১৬ চনত দ্ৰৌপদী মুৰ্মুয়ে নিজৰ পুৰণি ঘৰ দুৱাৰ স্কুলৰ নামত উচৰ্গা কৰিছিল আৰু এতিয়াও তেওঁ নিজৰ পুত্ৰ আৰু স্বামীৰ মৃত্যু বাৰ্ষিকীত সেই ঠাইলৈ ৰাওনা হয়।
জীৱনলৈ অহা সকলো দুখ কষ্ট দুৰৈত ৰখাৰ উপায় জানিবলৈ তলৰ ৰঙা আখৰত ক্লিক কৰক
কোনোবাই এবাৰ এজন জ্ঞানী লোকক প্ৰশ্ন কৰিছিল, ” আমাৰ দেশ খনক আগুৱাই লৈ যাবলৈ কি কৰা উচিত”? জ্ঞানী আৰু বুদ্ধিমান লোক জনে উত্তৰ দিছিল, ” সকলো ভাৰতীয়ই ইজনে সিজনক ভৰিত ধৰি নাটানিব, ইজনে সিজনক হাতত ধৰি জোৰকৈ টানক , দেশ প্ৰগতি আৰু উন্নতিৰে জয় জয় মই মই হ’ব” । আৰু শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ জীৱনেও আমাক সেইটোৱেই শিকাই। পুনঃ মাননীয়া দ্ৰৌপদী মুৰ্মু মহাশয়ালৈ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱাৰ বাবে অলেখ শুভকামনা আৰু সহস্ৰ সন্মান নিবেদিলোঁ।
POPULAR ASSAMESE VIDEO