Never stuck with him if he ignores you always

যিয়ে আপোনাক গুৰুত্ব নিদিয়ে তেওঁক Ignore নকৰিলে বিপদ নিশ্চিত !

যিয়ে আপোনাক গুৰুত্ব নিদিয়ে তেওঁক Ignore নকৰিলে বিপদ নিশ্চিত !

কব খোজা হৈছে অকলশৰীয়া জীৱনৰ কথা ; এই বিষয়ে এনে কিছু কথা আলোচনা কৰা হ’ব যিয়ে আপোনাক সহায় কৰিব নিজৰ ক্ষমতাত অকলে বাছি থাকিবলৈ আৰু এই অকলশৰীয়া অৱস্থাৰ পৰা ওলাই আহিবলৈ । মানুহে তেতিয়া অকলশৰীয়া অনুভৱ কৰে যেতিয়া কোনোবাই তেওঁৰ অনুভৱ অনুভূতি ( feelings) বোৰক লৈ খেলে ল’ৰা ধেমালি কৰে। যেতিয়া নিজৰ মনৰ কথা শুনিবলৈ কোনো নাথাকে, আপোন জনে যেতিয়া অৱহেলা কৰে , আপোনজনে যেতিয়া অনুভৱ অনুভূতি বোৰ প্ৰত্যাখ্যান কৰিবলৈ গৈ অজুহাত দেখাই ব্যস্ততাক তেতিয়া মানুহ অকলশৰীয়া হৈ পৰে । এই অৱস্থাত মানুহৰ মন ভাগি যায় , সন্মুখত দেখে মাত্ৰ শূন্যতা। তেওঁৰ সকলো পথ ,সকলো আশা নিৰাশ হয় যেতিয়া আপোনজনে তেওঁক গুৰুত্বহীনৰ দৰে ব্যৱহাৰ কৰে মানুহ তেতিয়া পৰাজিত হৈ পৰে ফলত মানুহ অকলশৰীয়া অনুভৱ কৰে।

LOVE RELATIONSHIP STORY

যদি আপুনিও এই অৱস্থাত আছে নাইবা এই অৱস্থা ভৱিষ্যতে আপোনাৰো হোৱাৰ শংকা আছে বুলি ভাবিছে তেন্তে তলৰ গল্পটি ভালদৰে অনুধাৱন কৰক। এবাৰ এজন মানুহ এখন মৰুভূমিৰ মাজেৰে খোজকাঢ়ি গৈ আছিল যি ঠাইত দূৰ দূৰ পৰ্য্যন্ত বালি আৰু বালি আছিল, পথটোৰ কোনো ঠাইতে পানীৰ সম্ভেদ নাছিল ; মানুহজনে খোজকাঢ়ি খোজকাঢ়ি পানীৰ পিয়াঁহৰ বৰকৈ অনুভৱ কৰিছিল । মৰুভূমিৰ মাজেৰে গৈ গৈ খুব ক্লান্ত হৈ পৰিছিল তেওঁ , কিছুদূৰ গৈ তেওঁ অইন এজন বাটৰুৱা লগ পোৱাত ক্লান্ত মনে লোকজনক সুধিছিল, ” ইয়াতে পানী কত পাম, মোৰ বহুত পানীৰ পিয়াহ লাগিছে “। অইন বাটৰুৱা জনে তেওঁৰ মোনাৰ পৰা পানীৰ বটলটো উলিয়াই লোক জনক দিছিল যদিও সেই বটলটোত পানী অতি নগণ্যহে আছিল, পানীখিনি পান কৰি তেওঁৰ অলপ মুখৰ মাত আহিছিল যদিও সেই অকণমান পানীয়ে তেওঁৰ পিয়াহ দূৰ কৰিব পৰা নাছিল। তাকে দেখি অইন বাটৰুৱা জনে কৈছিল, ” যদি তুমি এই পথেৰে আগবাঢ়ি গৈ থকা তেন্তে বাটত এটি সৰু গাতৰ দৰে জলাশয় দেখিবলৈ পাবা কিন্তু তাৰ পানী তুমি পান নকৰিবা কিয়নো তাৰ পানী অতি লুণীয়া আৰু বিষাক্ত , সেই গাতৰ পানী পান কৰি আগতে বহু পশু পক্ষী আৰু মানুহৰ মৃত্যু হৈছে, সেই গাত এৰি কিছুদূৰ গৈ তুমি এটি কুৱা পাবা সেইটোৰ পানীহে তুমি পান কৰিব পাৰিবা”। লগতে বাটৰুৱা জনে তেওঁক পানীৰ বটলটো দি পঠাইছিল যাতে তেওঁ প্ৰয়োজনীয় পানী ভৰাই লৈ যাব পাৰে। কথা মতে তেওঁ আগুৱাই গৈ থাকিল আৰু পানীৰ গাঁতটি দেখিবলৈ পালে , পানী দেখিয়ে তেওঁৰ মনত অলসতা আহিছিল, আৰু কিছু আগুৱাই যোৱাৰ ধৈৰ্য্য হেৰুৱাই তেওঁ সেই গাঁতটোৰ পানী পান কৰি পেলাইছিল যি আছিল অতি বিষাক্ত । পানী পান কৰি পুনৰ কিছুদূৰ আগবাঢ়ি গৈয়ে লোকজন অসুস্থ্য হৈ পৰিছিল আৰু মৃত্যুমুখত পৰিছিল।

TRUE AND HEALTHY FAMILY BONDING BETWEEN WIFE AND HUSBAND TIPS

গল্পৰ পৰা বুজিবলৈ হলে লোকজনৰ মৃত্যুৰ ঘাই কাৰণ আছিল তেওঁৰ অলসতা , কিয়নো তেওঁ আৰু কিছু পৰিশ্ৰম কৰি সংযমী হৈ দ্বিতীয়টি পানীৰ উৎসলৈ আগবাঢ়িবলৈ ইচ্ছা কৰাৰ পৰিবৰ্তে আগতে গম পোৱাৰ পিছতো তেওঁ নিজৰ জীৱনৰ সৈতে adjustment কৰি নিজেই মৃত্যুক আঁকোৱালি লৈছিল। একেদৰে যদি আমি জানিব পাৰো যে কোনো এজন মানুহ সঠিক নহয় ; তেওঁৰ ব্যৱহাৰ, তেওঁৰ কথা বতৰা আমাৰ ভাল নালাগে তথাপিও বহু সময়ত আমি সেই ব্যক্তিৰ পৰা দূৰৈত থাকিব নোৱাৰা হৈ পৰো, আমি নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰো , ফলতে সেই ব্যক্তিৰ সৈতে নিজকে adjustment কৰি লোৱাৰ কথা ভাবি ভুল কৰি পেলাওঁ। কিন্তু বাস্তৱত সেই বুজাবুজয়ে পৰিস্থিতি আৰু বিষাক্ত কৰি পেলাই। যদিহে আপুনি আপোনাক অৱহেলা ( ignore ) কৰা জনৰ সৈতেও বুজাবুজি ( adjustment ) কৰে তেন্তে সেই বিষাক্ত গাতৰ পানী সেৱন কৰাৰ দৰেই নহব জানো ? সেয়ে তাকে নকৰি সুখত বাছি থাকিবলৈ হ’লে আপুনি আৰু কিছুদূৰ আগুৱাই গৈ সেই কুৱাৰ বিশুদ্ধ পানী সেৱন কৰিব লাগিব , যাতে আপুনি নিজে সুখত থাকিব পাৰে , বাছি থাকিব পাৰে।

Who is happy in this earth dog or human ?Ways to overcome bad days

 অৰ্থাৎ নিজকে এনেকৈ প্ৰস্তুত কৰিব লাগিব যাতে যিকোনো পৰিস্থিতিতে নহওঁক, লাগিলে গোটেই পৃথিৱী আপোনাৰ বিপৰীতে গলেও নিজক সংযমী কৰি ৰাখিব পাৰিব লাগিব । আৰু নহলে আপুনি এনে সংগী নিৰ্বাচন কৰিব লাগিব যিয়ে আপোনাক গুৰুত্ব দিব , যিয়ে আপোনক যিকোনো পৰিস্থিতিতে ভাল পাব পাৰে ; যদি আপোনজনৰ এনে কিছু দেখিছে যি আপোনাৰ ভাল লগা নাই তেন্তে দেখা মাত্ৰকে তেওঁক কওঁক যে তেওঁ সদায় একে আচৰণ কৰিলে আপুনি মনে মনে বহি নাথাকে , কৈ দিয়ক লগে লগে যে আপুনি সকলো সময়ত, সকলো ক্ষেত্ৰতে বুজাবুজি কৰিব নোৱাৰে । জানি থওঁক এই সিদ্ধান্ত লব নোৱাৰিলে আপোনাৰে ক্ষতি নিশ্চিত , ভৱিষ্যত আপুনিয়ে মূল্য ভৰিব লাগিব আৰু মনত ৰাখিব সদায় আপুনি আপোনাৰ বাবে বহু মূল্যবান । আপুনি নিজেই নিশ্চিত কৰিব লাগিব যে সন্মুখৰ জনে কৰা ভুলৰ বাবে আপুনি কষ্টৰ ভাগ লব নে নলব ! “আপুনি আপোনাৰ বাবে যিমান গুৰুত্বপূৰ্ণ সিমান গুৰুত্বপূৰ্ণ আৰু কোনো হ’ব নোৱাৰে” , এইটো বুজিবলৈ নিজৰ মনক বুজাব লাগিব, নিজক ভাল পাব লাগিব, তেতিয়া আপুনি নিজৰ মাজত এনে এজন মানুহ বিচাৰি পাব যি মানুহ জনক আপুনি ইমান দিনে বিচাৰি আছে যিয়ে আপোনাক আপোনৰ দৰে ভাল পাব, আপোনাক বুজি পাব।

কোনোবাই অপমান কৰিলে অপমানৰ উত্তৰ কেনেকৈ দিব ? তলৰ ৰঙা আখৰটো ক্লিক কৰি পঢ়ক গৌতম বুদ্ধৰ অমৃত বাণী !

কোনোবাই অপমান কৰিলে আপুনি কি কৰা উচিত ? -গৌতম বুদ্ধ

POPULAR ASSAMESE VIDEO

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *