মহিলাৰ ক্ষেত্ৰত ঘন, কলা আৰু একোচ দীঘলীয়া চুলি হৈছে সৈন্দৰ্য্যৰ প্ৰতীক । এই চুলিকোছা মহিলাৰ অলংকাৰ স্বৰূপ। আধ্যাত্মিক ভাৱে শাস্ত্ৰত মহিলাৰ এই চুলিকোচৰ বহুত কথা উল্লেখ আছে যেনে মহিলাই কিমান দীঘলীয়া চুলি ৰাখিব, চুলি কেতিয়া ধুব, চুলি কেতিয়া কটাব ইত্যাদিবোৰ ? শাস্ত্ৰ অনুসৰি মহিলাই দীঘলীয়া চুলি ৰখা দৰকাৰী বুলি কোৱা হয় যদিও সেই চুলি কঁকালৰ তললৈ যাব নালাগে। শাস্ত্ৰ অনুসৰি মহিলাই নিজৰ চুলি পৰিষ্কাৰ কৈ ধুব লাগে যদিওবা মাহেকীয়া ঋতুস্ৰাৱৰ প্ৰথম তিনিদিন চুলি ধুবলৈ বাধা কৰা হৈছে নহলে মহিলা গৰাকীৰ গাত নাকাৰাত্মক শক্তিৰ প্ৰভাৱ পৰিব পাৰে। তাৰোপৰি উল্লেখ আছে যে মহিলাই সন্ধিয়া সময়ত চুলি কটোৱা অশুভ বুলি মান্যতা দিয়া হয়।
শাস্ত্ৰ অনুসৰি যেতিয়া মহিলাই টোপনি মাৰে তেতিয়া চুলিখিনি বান্ধিহে শুব লাগে কেতিয়াও চুলি মেলি শুব নালাগে । চুলি মেলি শুলে মহিলাৰ শৰীৰত অশুভ শক্তিৰ প্ৰভাৱ পৰিব পাৰে যাৰ পৰিনীতিত মহিলাৰ সৌভাগ্য দুৰ্ভাগ্যলৈ ৰূপান্তৰ হয় আনকি ঘৰখনলৈ দৰিদ্ৰতা আহিব পাৰে। শাস্ত্ৰত আৰু উল্লেখ আছে যে মহিলাই চুলি আঁচোৰাৰ পিছত যিখিনি চুলি পৰি যায় বা ছিঙি পৰে সেয়া চুলি পেলাই নিদি এক নিৰ্দিষ্ট ঠাইত জমা কৰি ৰখা অৱশ্যেই দৰকাৰী। আনকি চুলিখিনি বিক্ৰী কৰি দিবও নালাগে । নহলে মহিলাৰ জীৱনলৈ কুপ্ৰভাব পৰিব পাৰে। কিয়নো বহু তন্ত্ৰ মন্ত্ৰ কৰা লোকে দীঘলীয়া আৰু কলা চুলি কলাযাদু বা তন্ত্ৰ মন্ত্ৰত ব্যৱহাৰ কৰিব পাৰে আৰু তেতিয়া সেই তন্ত্ৰ মন্ত্ৰৰ প্ৰভাৱ মহিলা গৰাকীৰ গাত নিশ্চিত ভাৱে পৰিব।
পিপৰাৰ পৰা মানুহে শিকিব লগীয়া বহুত আছে জানিবলৈ তলৰ ৰঙা আখৰ কেইটি ক্লিক কৰক
পিপৰাৰ জীৱনৰ পৰা শিকক এই ৭ টা কথা ! বস্তু ভাগৱতৰা কৰাৰ মানসিকতা
ইফালে লৰাৰ ক্ষেত্ৰতো চুলি কটোৱাৰ বহু নিয়ম নীতি শাস্ত্ৰত উল্লেখ আছে। শাস্ত্ৰ অনুসৰি মঙ্গলবাৰ, বৃহস্পতিবাৰ , নিজৰ জন্মবাৰ আৰু শনিবাৰে চুলি কটোৱা অশুভ। মঙ্গল বাৰ যিহেতু মঙ্গল দেৱতাক অৰ্পিত থাকে সেয়ে এই মঙ্গল বাৰে চুলি কটালে ব্যক্তিজনৰ ভাগ্য কুণ্ডলীৰ মঙ্গল গ্ৰহৰ স্থিতি সলনি হৈ ব্যক্তিজনৰ আয়ুস ৰেখা চুটি হ’বলৈ ধৰে। ইফালে বৃহস্পতি বাৰৰ সম্বন্ধ গুৰু গ্ৰহৰ লগত থাকে, এই গুৰুবাৰ হৈছে ভগৱান বিষ্ণু আৰু মা লক্ষ্মী দেৱীৰ দিন সেয়ে গুৰুবাৰত চুলি কটালে অশুভ শক্তিয়ে গ্ৰাস কৰিব পাৰে যাৰ ফলত নিজৰ লগতে নিজ গৃহৰ মান সন্মান হানি হ’ব। আৰু যদি শনিবাৰৰ কথা কোৱা হয় তেন্তে শনিবাৰে কেতিয়াও চুলি কটাব নালাগে। শনি দেৱতা আৰু শনি গ্ৰহৰ সৈতে সংযোজিত এই শনি বাৰত চুলি কটালে ব্যক্তিৰ জীৱনত শীঘ্ৰে অশুভ শক্তি বিৰাজ কৰে ।
চুলি কটোৱাৰ উত্তম দিন বুধবাৰ, ৰবিবাৰ আৰু শুক্ৰবাৰ বুলি শাস্ত্ৰত উল্লেখিত। ইফালে আমাৱশ্য, পূৰ্ণিমা আদিৰ সন্ধিয়া আৰু ৰাতি কেতিয়াও চুলি কটাব নালাগে বা ধুব নালাগে বুলিও শাস্ত্ৰ সমূহত উল্লেখ আছে। এই সময়ত আমাৰ বায়ুমণ্ডলত থকা অশুভ অদৃশ্য শক্তি সমূহ সক্ৰিয় হৈ থাকে।