এই পৃথিৱীত মানুহ বেছি সুখী নে কুকুৰ বেছি সুখী ? – লোকনাথ বাবাৰ অমৃত বাণী।
আপুনি দেখিছে আৰু কোনো কোনো সময়ত কৰিও পাইছে যে ৰাতিৰ সময়ত যেতিয়া খোৱা লোৱা শেষ কৰাৰ পিছত আপোনাৰ যিখিনি অৱশিষ্ট খাদ্য ৰৈ গৈছে বা এৰি দিছে সেইখিনি লৈ গৈ ঘৰৰ বাহিৰৰ কুকুৰক খাবলৈ দিয়া হয় তেতিয়া সেই কুকুৰ কেইটা খাদ্যখিনি খাই উঠি খুব সন্তুষ্ট হৈ পৰে। আৰু পিছদিনা যদি খাবলৈ দিয়াও নাই তেতিয়াও কিন্তু সেই কুকৰ কেইটা সেই একে ঠাইতে আহি খুব সন্তুষ্ট মনে বহি থকা দেখিবলৈ পাব আৰু সিহঁত আশাত থাকে যে নিশ্চিত ভাবে কিবা খাবলৈ পাব । আজিকালি ডাঙৰ চহৰ সমূহৰ ফ্লেট সমূহত বসবাস কৰা ডাঙৰ আৰু ধনী লোক সকলে কিছু খাদ্য প্ৰস্তুত কৰি এক নিৰ্দিষ্ট ঠাইত লৈ গৈ কুকুৰক খাবলৈ দিয়ে আৰু প্ৰত্যেক দিনেই দিয়ে , যিখিনি তৃপ্তিৰে খাই কুকুৰ সমূহে সন্তুষ্ট হৈ শুই থাকে। কুকুৰ, মেকুৰী গৰু গাহৰি যি পশুৱে নহওঁক সিহঁতক খাবলৈ দিলে অকণমাতে সিহঁত সন্তুষ্ট হৈ পৰে। অৰ্থাৎ সিহঁত ক্ষন্তেক সুখতে তৃপ্ত হৈ পৰে। সিহঁতৰ ইদ্ৰিয়ৰ যদি কিবা ক্ষুধা থাকে তাক ক্ষন্তেক পূৰণ কৰিলেই সিহঁত সন্তুষ্ট হৈ পৰে। কোনো পশুৰ যদি কাম বাসনা আহে আৰু যদি সেই সময়তে সেই বাসনা পূৰ্ণ হৈ যায় সি তৃপ্ত হৈ পৰে অৰ্থাৎ সিহঁতে সেই ক্ষন্তেক সুখতে তৃপ্ত থাকিব পাৰে কিন্তু মানুহৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহয়।
এনে কিছু কথা আছে নেকি যে মানুহ কেতিয়াবা সুখৰ পৰা বঞ্চিত হ’ব পাৰে ! মানুহে নিজে সকলো অৰ্জন কৰাৰ ক্ষমতা ৰাখে ; মানুহে ধন, টকা, পইচা , সম্পৰ্ক আদি অৰ্জন কৰাৰ ক্ষমতা ৰাখে আৰু তাৰ পৰাই খাদ্য গ্ৰহণৰ লগতে ইন্দ্ৰীয় সুখৰ যাবতীয় ব্যৱস্থা মানুহে নিজেই কৰি লব পাৰে বিপৰীতে পশুৱে নোৱাৰে। সেই হিচাপে পশু পক্ষীৰ তুলনাত মানুহ বেছি সুখী হোৱা দৰকাৰী কিন্তু বাস্তৱত সেয়া সম্ভৱ হৈ নুঠে। বিপৰীতে পশুৱে বেছি সুখী থকাৰ কাৰণ হৈছে সিহঁতৰ সুখৰ অৱস্থা আৰু প্ৰয়োজন ক্ষন্তেক সময়ৰ বাবে নিৰ্ধাৰিত।
মানুহে ইন্দ্ৰীয় সুখ বাৰ বাৰ অনুভৱ কৰিব বিচাৰে তাৰ বাবে মানুহ গোটেই বিশ্ব পৰিভ্ৰমন কৰিবলৈও কুণ্ঠাবোধ নকৰে। বহু মানুহে বুজিও পাই যে এই ইন্দ্ৰীয় সুখৰ পৰা আচল সুখ উপলব্ধ নহয়। যিয়ে বুজি উঠিছে তেওঁলোকে ইন্দ্ৰীয় সুখ এৰি দিছে, অহংকাৰ এৰি দিছে তাৰ পিছতো তাৰে বহুজন সুখী হ’ব পৰা নাই ; তাৰ কাৰণ কি ? কাৰণ হৈছে মানুহৰ মনটো যে বৰ বিচিত্ৰ । ভগৱান শ্ৰীকৃষ্ণই কৈছে মানুহ হৈছে আটাইতকৈ শ্ৰেষ্ঠ জীৱ । তথাপিও এই শ্ৰেষ্ঠ জীৱনটোত সুখৰ মাত্ৰা বহু কম ৰৈছে। সেয়ে ভগৱানে কৈছে যে এই সুখক বুজাৰ বাবে আৰু অনুভৱ কৰাৰ বাবে সাধনাৰে আগবাঢ়িব লাগিব, কিছু বৈৰাগ্যক আকোৱালি লব লাগিব আৰু তেতিয়াই সৰ্বোত্তম সুখৰ অনুভূতি প্ৰাপ্ত হ’ব। ভগবান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল , ” মানুহৰ সাপেক্ষে যদি সুখ বুজিবলৈ হয় সৰ্বপ্ৰথম বুজিব লাগিব যে ইন্দ্ৰীয়ক এৰি দিলে নে অহংকাৰক এৰি দিলে সুখী হ’ব পাৰি , যদি উভয়ক এৰাৰ পিছতো সুখ নাই তেন্তে তেওঁ দমন কৰিব লাগিব মনৰ বিচিত্ৰতাক আৰু তেতিয়াই বুদ্ধিয়ে বুজি উঠিব আচল সুখ কি ” ? তেনেহলে এই বুদ্ধিয়ে কেতিয়া বুজিব আচল সুখ ?
আনৰ সৈতে নিজকে তুলনা কৰা লোক জীৱনত কিয় সুখী হব নোৱাৰে জানিবলৈ তলত ক্লিক কৰক
আনৰ সৈতে তুলনা কৰি নিজক হেয় প্ৰতিপন্ন কৰা লোক সদায় দুখী হয় !
সুখৰ চিধাচিধি সম্পৰ্ক থাকে পৰমাত্মাৰ সৈতে। যি সুখ আমি সদায় পাবলৈ ব্যাকুল থাকো সেই সুখ আহে সত্যৰ পৰা অৰ্থাৎ সত্যই হৈছে সুখৰ মূল কাৰক আৰু এই কথা যিদিনাই আমাৰ বুদ্ধিয়ে স্বীকাৰ কৰিব পাৰিব সিদিনাৰ পৰা আমাৰ কোনো দুখেই নাথাকিব। বুদ্ধিয়ে সুখক গ্ৰহণ কৰিব পাৰিব লাগিব , মানি লব পাৰিব লাগিব যে ইন্দ্ৰীয়ৰ সুখ ক্ষন্তেকীয়া ; সাধনাৰ মাধ্যমত ভগৱানৰ প্ৰেম ভালপোৱাক যি মানুহে বুজি উঠে সেই লোকৰ সুখ আৰু দুখৰ ওপৰত নিয়ন্ত্ৰণ থাকে ।
তেনে লোকে সকলো সময়ত , জীৱনৰ সকলো ঘাট প্ৰতিঘাটত সুখ উপলদ্ধি কৰিবলৈ সামৰ্থবান হৈ পৰে । নহলে পশু পক্ষীয়ে বেছি সুখত থাকিব মানুহ কেতিয়াও সুখত থাকিব নোৱাৰিব। কথাখিনি ভাল লাগিলে আনৰ বাবেও ভাগৱতৰা কৰি দিব।
Assamese comedy video