ভাৰতৰ ৰাষ্ট্ৰপতি প্ৰখ্যাত মিছাইল মানৱ ডঃ এ পি জে আব্দুল কালামৰ নাম যেতিয়াই আমি শুনিবলৈ পাওঁ ; যেতিয়াই আমাৰ মনত তেওঁৰ ছবিখন ভাঁহি উঠে তেতিয়াই তেওঁৰ প্ৰতি সন্মান আৰু আদৰৰ পৰিমাণ পুনঃ বৃদ্ধি হ’বলৈ ধৰে, যদিওবা তেওঁ এই সংসাৰত এতিয়া বিৰাজমান নহয়। তেওঁৰ মহানতা আৰু অনুভৱ – অনুভূতি বোৰৰ কথা মনত পৰিলে চকু সেমেকি উঠে যে কোনো মানুহ এনে ধৰণৰ ও হ’ব পাৰে। এওঁৰ জীৱন কালত এনে বহু ঘটনা আৰু মহানুভৱতা জড়িত হৈ আছে যি সমূহ জানি – শুনি তাৰ পৰা অনুপ্ৰাণিত হৈ মানুহে নিজৰ ব্যক্তিত্ব আৰু আচৰণক নতুন আৰু সুন্দৰ ৰূপত গঢ় দিব পাৰে , জীৱন সাৰ্থক কৰি তুলিব পাৰে ।
এবাৰ যেতিয়া ডঃ এ পি জে আব্দুল কালাম ছাৰ ISRO ৰ এটি অতি গুৰুত্বপূৰ্ণ প্রজেক্টত নিয়োজিত হৈ আছিল তেতিয়া তেখেতৰ কাৰ্যালয় কোঠাত এজন কণিষ্ঠ বৈজ্ঞানিক আহি অনুৰোধ কৰিছিল ,” ছাৰ মই আজি সন্ধিয়া ৫ বজাত কাম শেষ কৰি ঘৰলৈ যাব পাৰিমনে , মোৰ সন্তান দুটিক আজি সন্ধিয়া প্ৰদৰ্শনী চাবলৈ নিম বুলি কৈ আহিছোঁ”? ডঃ এ পি জে আব্দুল কালাম ছাৰে সহজতে অনুমতি দিছিল। বৈজ্ঞানিক জন সন্তুষ্ট হৈ পুনঃ কামত ব্যস্ত হৈ পৰিছিল। বৈজ্ঞানিক জন নিজৰ কামত ইমানেই ব্যস্ত হৈ পৰিছিল যে তেওঁ নিজৰ সন্তানক দিয়া প্ৰতিশ্ৰুতিৰ কথা পাহৰি পেলাইছিল, তেওঁ সেই কথা তেতিয়াহে গম পাইছিল যেতিয়া তেওঁ ঘড়ী চাইছিল আৰু সময় ইতিমধ্যে ৮.৩০ পাৰ হৈ গৈছে। দীঘলীয়া উশাহ লৈ বৈজ্ঞানিক জন ডঃ এ পি জে আব্দুল কালামৰ কোঠালিলৈ দৌৰাদৌৰি কৈ গৈছিল কিন্তু তেখেত সেই সময়ত কাৰ্যালয়ত অনুপস্থিত আছিল। বৈজ্ঞানিক জনৰ মনত বৰ দুখ লাগিছিল আৰু উদাস মনেৰে ঘৰলৈ উভতি গৈছিল সিদিনা। ঘৰ সোমাই তেওঁ তেওঁৰ সন্তান দুটি নেদেখি তেওঁৰ সহধৰ্মিনীক সুধিছিল যে সন্তান দুটি কত গৈছে বুলি। তেওঁৰ পত্নীয়ে উত্তৰ দিছিল যে কালাম ছাৰ তেওঁলোকৰ ঘৰলৈ গৈছিল আৰু সন্তান দুটিক প্ৰদৰ্শনী চাবলৈ লৈ গৈছে। আচলতে যেতিয়া কালাম ছাৰে বৈজ্ঞানিক জনক অতি ব্যস্ততা আৰু মনোযোগ দি কামত নিয়োজিত হৈ থকা দেখিছিল তেতিয়া কালাম ছাৰে সতীৰ্থ বৈজ্ঞানিক জনৰ মনোযোগ আঁতৰাবলৈ চেষ্টা কৰা নাছিল আৰু কালাম ছাৰে জানিছিল যে উক্ত বৈজ্ঞানিক জনে কামত থাকিলে সময় পাহৰি যায়। সেয়ে কালাম ছাৰে প্ৰদৰ্শনী আৰম্ভ হোৱাৰ আগতে সতীৰ্থ বৈজ্ঞানিক জনক ইতিমধ্যে লক্ষ্য কৰি আহিছিল। আৰু প্ৰদৰ্শনী চাবলৈ নাপালে শিশু দুটিৰ মনে কষ্ট পাব বুলি তেওঁ নিজেই গৈ শিশু দুটিক প্ৰদৰ্শনী চাবলৈ লৈ গৈছিল। নিজৰ পত্নীৰ মুখত কথাটো শুনি সেই বৈজ্ঞানিক জনৰ চকুলো নিগৰি পৰিছিল। তেওঁৰ অন্তৰত কালাম ছাৰৰ প্ৰতি যিখিনি সন্মান আৰু আদৰ আছিল সেইদিনাৰ পৰা তাতোকৈ বহুগুণে বৃদ্ধি পাইছিল।
এবাৰ কালাম ছাৰক BHU ৰ শিক্ষা সমাৰোহলৈ আমন্ত্ৰণ জনোৱা হৈছিল । উপস্থিত হৈ তেখেতে দেখিছিল যে মঞ্চত বহু কেইখন চকী পাৰি থোৱা আছিল যদিও আগৰ শাৰীৰ মাজৰ চকীখন অইন কেইখনত কৈ ডাঙৰ আৰু পৃথক আছিল। আৰু যেতিয়া আয়োজক সকলে তেওঁক সেই ডাঙৰ আৰু পৃথক চকীখনত বহিবলৈ অনুৰোধ কৰিছিল কালাম ছাৰে সেই চকীত বহিবলৈ অমান্তি হৈছিল আৰু কৈছিল, ” ময়ো আপোনালোকৰ দৰে সমান আৰু একে মানুহ, আৰু সন্মান কৰিব যদি লাগে তেনেহলে এই চকীত উপাচাৰ্যক বহিবলৈ দিয়ক”। আৰু লগে লগে মঞ্চৰ উক্ত চকীখন আঁতৰাই দিয়া হৈছিল। তাৰ পিছতে কালাম ছাৰে সকলোৰে সৈতে একে নিচিনা চকীত বহি পৰিছিল। কালাম ছাৰে নিজৰ জীৱন কালত কেতিয়াও নিজকে ডাঙৰ মানুহ জ্ঞান নকৰিছিল, তেওঁ সদায় নিজকে এজন সৰ্বসাধাৰণ লোক বুলি স্বীকাৰ কৰিছিল। এই সমান মনোভাৱৰ বাবেই কিজানি তেওঁ ধৰ্মগ্ৰন্থ কোৰান আৰু গীতা সমানে পঢ়িছিল। তেওঁৰ মতে কিতাপ ডাঙৰ বা সৰু যিয়ে নহওঁক মাত্ৰ জ্ঞান যতে পোৱা যায় তাৰ পৰাই আহৰণ কৰিব লাগে। এয়াই এইজনা মহান ব্যক্তিৰ ভাৱনা আৰু চিন্তাধাৰা আছিল।
যেতিয়া কালাম ছাৰ ৰাষ্ট্ৰপতি হৈছিল সেই সময়ত তেওঁ যেতিয়া তিৰবন্দপুৰ ভ্ৰমণ কৰিছিল, তেওঁ কেৰেলাৰ ৰাজভৱনত বিশ্ৰাম কৰিছিল। আৰু ৰাজকীয় নীতি অনুসৰি ৰাষ্ট্ৰপতিয়ে যেতিয়া ৰাজভৱনত থাকে তেওঁ তেওঁৰ সৈতে তেওঁৰ পছন্দৰ দুজন ব্যক্তিক আমন্ত্ৰণ জনাব পাৰে। নিয়ম অনুসৰি সেইদিনা কালাম ছাৰে দুজন আলহী আমন্ত্ৰণ কৰিছিল , তাৰে প্ৰথমজন আছিল ৰাস্তাৰ দাঁতিত জোতা চিলাই কৰা এজন মুচি আৰু আনজন আছিল এখন পথৰ দাঁতিত থকা সৰু হোটেলৰ মালিক।
হিট কমেদি ভিডীঅ’ ??
Continue reading main post…
ডঃ এ পি জে আব্দুল কালাম ছাৰৰ সম্পূৰ্ণ জীৱন জ্ঞান আৰু অনুপ্ৰেৰণাৰ এনে এটি ভঁৰাল যাক জীৱন শক্তিৰ ভঁৰাল ( Life powerhouse ) বুলি কব পাৰি । এওঁৰ জীৱনৰ প্ৰত্যেক এটি মুহূৰ্তৰ পৰা মানুহে জীৱনৰ বাবে প্ৰকৃত জ্ঞান, মানৱতাবোধ, ব্যক্তিত্ব আৰু মহানুভৱতাৰ সকলো কথা আহৰণ কৰি নিজৰ জীৱন সুমধুৰ কৰি নিজকে মানুহ হিচাপে গঢ় দিব পাৰে।
মানুহ বিপদত কিয় পৰে জানিবলৈ তলত ক্লিক কৰি পঢ়ক
মানুহৰ বিপদ কিহৰ বাবে হয় জানেনে ? – মিছাইল মানৱ এ পি জে আব্দুল কালাম