টোপনি মাৰিব, উঠিব, খাব আৰু মোবাইল চলাব ; আকৌ শুব আকৌ উঠিব , আকৌ পেট ভৰাই খাব আৰু আকৌ মোবাইল চলাই পুনঃ শুই যাব। যদি পঢ়াৰ কথা মনত পৰে বা কোনোবাই কয় তেতিয়া কান্দিবা আৰু কব, ” মোৰ দ্বাৰা নহ’ব , মোৰ পঢ়াত মন নবহে “! আৰু পুনৰ শুই যাব। যদি এইটোৱেই কাহিনী তোমাৰ সৈতে ঘটি আছে তেন্তে তোমাৰ জীৱনতকৈ এটি জন্তুৰ জীৱনে শ্ৰেষ্ঠ। কাৰণ সেই জন্তুৰ অতি কমেও সেই জ্ঞান আৰু অনুভূতি আছে তাৰ বাবে কিহৰ প্ৰয়োজন , কি সময়ত কি কৰিব লাগে !
সময় অতি তাকৰ , আজি মা দেউতাই খুৱাই আছে , কাইলৈ কোনে খুৱাব ? কালি যেতিয়া তোমাৰ লগৰ জন তোমাতকৈ আগবাঢ়ি যাব, নিজৰ সপোন সাৰ্থক কৰি স্বাৱলম্বী হৈ পৰিব তেতিয়া তুমি কিন্ত উন্মুক্ত পথত খোজকাঢ়ি খোজকাঢ়ি ভাগৰি পৰিবা , উজুটি খাই বাগৰি পৰিবা। আৰু আগৰ দৰেই কান্দিবা আৰু নানান অজুহাত দেখুৱাবা যে, ” মোৰ কপাল বেয়া আছিল”।
আৰে বাবা, তুমি কাক বুৰ্বক সজাইছা, কাক মিছা কথা কৈ আছা ! এই পৃথিৱীয়ে কাৰো ভাৱনা নুবুজে , বুজি নাপায় কাৰো দুখ ; যদি এটি সুন্দৰ জীৱন যাপন কৰিব বিচাৰিছাঁ , মা দেউতাৰ সহায়ক হ’ব বিচাৰিছাঁ তেন্তে কিবা কৰি দেখুৱাব লাগিব।
“মোৰ পঢ়াত মন নবহে, মোৰ দ্বাৰা নহ’ব, মই নোৱাৰিম ” ! আৰে কিয় নোৱাৰিবা, তুমিও এজন মানুহ, তোমাৰ দেহত কি কম আছে ? তুমি যে নোৱাৰিবা ? যি লৰা – ছোৱালীয়ে ক্লাছত প্ৰথম হয় , তেওঁ একো বেলেগ নহয়, তেওঁ তোমাৰ দৰেই এজন মানুহ, তোমাৰ দৰে তেওঁৰো দুটি চকুৱে আছে। মাত্ৰ তোমাৰ আৰু তেওঁৰ সৈতে পাৰ্থক্য আছে যি আকাশ আৰু পাতালৰ সমান, তোমাৰ পঢ়াত মন নবহে কাৰণ তুমি পঢ়িব লাগে কাৰণেহে পঢ়া আৰু তেওঁ জীৱনত কিবা কৰিবলৈ, নিজকে প্ৰতিষ্ঠা কৰিবলৈ , নিজৰ পৰিচয় দিবলৈ , ভৱিষ্যতে সমাজৰ আগত মূৰ দাঙি চলিবলৈ পঢ়ে ; তেওঁৰ পঢ়াৰ আঁৰত এক লক্ষ্য আৰু উদ্দেশ্য জড়িত আছে , যি লক্ষ্য হিমালয় পৰ্বতমালাতকৈ ওখ।
কিন্তু তুমি গমেই পোৱা নাই যে পঢ়া শুনাই হৈছে নিজক সফল কৰি গঢ়াৰ একমাত্ৰ সুগম পথ। তেঁওৰ পঢ়াত মন বহে কাৰণ তেওঁৰ কিছুমান সপোন আছে, তেওঁৰ কিছু লক্ষ্য আছে, তেওঁ সুন্দৰকৈ জীৱনটোক উপভোগ কৰিব বিচাৰে, আৰু জীৱনত কিবা পাব বিচাৰে; আৰু তেওঁ এই কথা ভালকৈ জানে যে ভালদৰে শিক্ষা গ্ৰহণ কৰিলে তেওঁৰ সপোন বোৰ সাৰ্থক কৰিব পাৰিব, আন কিছুয়ে নোৱাৰে। সেইকাৰণে তেওঁৰ পঢ়াত মনোযোগ থাকে আৰু শ্ৰেণীত তেওঁ প্ৰতিবছৰে প্ৰথম হয়।
সেয়ে পঢ়া শুনাক লক্ষ্য বুলি নাভাবিবা, লক্ষ্য আৰু উদ্দেশ্যত উপনীত হোৱাৰ পথ বুলি জ্ঞান কৰিব লাগিব, তেতিয়া পঢ়াত মন বহিব। আৰু যি ছাত্ৰই অনেক অজুহাত দেখাই যে মোবাইলৰ বাবে পঢ়াত মন নবহে তেন্তে মনত ৰাখিবা তোমাৰ লগতে অকল মোবাইল নাথাকে ; যিজন তোমাৰ ক্লাছত সদায় প্ৰথম হয় তেওঁৰো মোবাইল থাকে , মোবাইল তেখেতেও চলাই যাৰ কোটি টকাৰ উদ্যোগ আছে । পৃথিৱীৰ সকলো মানুহে মোবাইল ব্যৱহাৰ কৰে আৰু তাৰে বেছিভাগেই জানে কেতিয়া কি কৰিব লাগে, কেতিয়া মোবাইল চাব লাগে, কেতিয়া পঢ়িব লাগে আৰু কেতিয়া কাম কৰিব লাগে।
আৰে তুমি তোমাৰ জীৱনত কি কৰিব পাৰিবা , যদিহে এটি সাধাৰণ মোবাইলে তোমাক চাকৰ ( মোবাইলৰ চাকৰ) সজাইছে। তুমি মোবাইলটোৰ গোলামীৰ পৰা নিজকে পৰিত্ৰাণ দিব পৰা নাই আৰু কথা কোৱা ডাঙৰ ডাঙৰ। চকু মেলি শুনি লোৱা এতিয়াও সময় আছে, নিজক সংযত কৰা এতিয়াও সময় আছে । আৰু ইমান কথা শুনাৰ পিছতো যদি তোমাৰ শুভ দৃষ্টি উদয় হোৱা নাই তেন্তে আজিয়ে তোমাৰ মা – পিতাক কৈ দিয়া তুমি পৰাজিত বুলি, তেওলোকে তোমাৰ ওপৰত টকা আৰু সময়ৰ খৰছ কৰা বন্ধ কৰি সেই ধন সাচি ৰাখি ৰোগীয়া আৰু বৃদ্ধ অৱস্থাত খৰছ কৰিব পাৰিব !
অভিভাবকে সন্তানৰ সৈতে কি কি আচৰন কৰা অনুচিত জানিবলৈ তলত ক্লিক কৰক
বহুত ভাল কথা পঢ়িলো।