MALE AND FEMALE INFERTILITY SOLUTION

  অনেক দম্পত্তিয়ে বিয়াৰ পিছত এটি অতি মৰমলগা , ফুটফুটীয়া সন্তানৰ অপেক্ষা কৰে। আৰু বহুতৰে গৰ্ভধাৰণ বহু সোনকালে হৈ যায় , আন বহুতৰে বহু চেষ্টা কৰিলেও গৰ্ভধাৰণ সফল হৈ নুঠে। আন বহু দম্পত্তিয়ে এবছৰ দুবছৰ চেষ্টা কৰি হতাশাত ভুগিবলৈ আৰম্ভ কৰে। এনে সমস্যাৰ পৰা দূৰৈত থাকিবলৈ আৰু সমস্যাটি সমাধান কৰিবলৈ পুৰুষ মহিলা উভয়ে কিছু গুৰুত্বপূৰ্ণ কথা জানি থোৱা বাঞ্ছনীয়।

১) বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ অনুসৰি যিসকল দম্পত্তিয়ে এবছৰ বা দুবছৰ চেষ্টা কৰিও সফল হ’ব পৰা নাই , তেনে দম্পত্তিয়ে সোনকালে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰী। কাৰণ সমস্যা যদি মহিলা গৰাকীৰ আছে তেন্তে আৰু কঠিন হৈ পৰিব গৰ্ভধাৰণ কৰাত যদিহে ৰৈ থাকোতে গৰ্ভধাৰণ বয়স উকলি যায়।

MALE AND FEMALE INFERTILITY SOLUTIONS

  আজিকালি দেখা যায় যে ব্যস্ত জীৱনৰ ব্যস্ত জীৱন শৈলী আৰু নিজৰ কেৰিয়াৰ প্ৰতিষ্ঠা কৰাৰ বাবে বহু স্বামী স্ত্ৰী উভয়ে চাকৰি কৰে। নিজকে প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত তেওঁলোকে সন্তান জন্মৰ কথা পাহৰি থাকে আৰু যেতিয়া সন্তানৰ কথা পৰিকল্পনা কৰে তেতিয়া বহু দেৰি হৈ যায় কাৰণ বয়স ৰৈ নাথাকে, গৰ্ভধাৰণৰ সমস্যাৰ সৃষ্টি হয়। সেয়ে সন্তান জন্মৰ কথা সময়ত ভবা উচিত। প্ৰথম সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বয়স নাৰীৰ বয়স ১৮ বছৰৰ বেছি আৰু ৩০ বছৰৰ কম হোৱা বাঞ্ছনীয়। আৰু স্বামীও তেওঁৰ বয়সৰ প্ৰতি লক্ষ্য ৰখা উচিত।

২) স্বামী আৰু স্ত্ৰীৰ সুস্থ্য আৰু স্বাভাৱিক জীৱন যাপন অতি প্ৰয়োজন গৰ্ভধাৰণ কৰিবলৈ । অযথা মানসিক দুশ্চিন্তাৰ পৰা দূৰৈত থকা উচিত।

৩) ধূম্ৰপান, মদ্যপান আৰু চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো দৰব সেৱনে গৰ্ভধাৰণ বিলম্ব কৰিব পাৰে। এই অভ্যাসে ডিম্ব নিষেচনত বাধা দিয়ে। আনকি অত্যাধিক কেফেইন যুক্ত খাদ্য গ্রহণ কৰিলে গৰ্ভধাৰণ বিলম্ব হয়। কেফেইন বেছিকৈ থাকে চাহ আৰু কফিত , যিয়ে ঋতুস্ৰাৱ অনিয়মীয়া কৰে ফলত গৰ্ভধাৰণ হোৱাত ব্যাঘাত কৰে।

৪) দেহৰ ওজন নিয়ন্ত্ৰণ কৰা দৰকাৰী। স্বামী স্ত্ৰী উভয়ৰে দেহৰ ওজন বেছি থাকিলে প্ৰথমে তাক নিয়ন্ত্ৰণ কৰিহে গৰ্ভধাৰণৰ কথা ভাবিব লাগে। অত্যাধিক মেদবহুলতাৰ বাবে স্ত্ৰীৰ মাহেকীয়া ঋতুস্ৰাৱ অনিয়মীয়া হয়, অত্যাধিক মেদবহুলতাই পুৰুষৰ শুক্ৰাণুৰ ভাৰসাম্যতা নাইকিয়া কৰে যাৰ ফলত গৰ্ভধাৰণ নহ’ব পাৰে। আৰু কাৰোবাৰ ওজন কম থাকিলেও তাক সম্যক কৰিবলৈ যত্ন কৰিব লাগে।

৫) যেনেদৰে সু স্বাস্থ্যৰ বাবে সুষম আহাৰ ঠিক তেনেদৰে গৰ্ভধাৰণ সফল কৰিবলৈ কিছু আহাৰ বেছিকৈ সেৱন আৰু কিছুমান আহাৰ পৰিহাৰ কৰা বাঞ্চনীয়। ফাষ্ট ফুড, জা‍ংক ফুড, চৰ্বি জাতীয় খাদ্য , অতি মছলা দিয়া খাদ্য খোৱা পৰিহাৰ কৰিব লাগে। লগতে সেউজীয়া শাক পাচলি, অহিয়া খাদ্য গ্ৰহণৰ অভ্যাস ভাল। নিয়মীয়া পানী সেৱন , ব্রকলি, কণী, গাখীৰ, মৌচুমী ফল আদি নিয়মীয়া সেৱন উপকাৰী।

MALE AND FEMALE INFERTILITY CAUSES

৬) গৰ্ভধাৰণ সফল হ’বলৈ সপ্তাহত কমেও তিনিদিন স্ত্ৰী পুৰুষৰ যৌন মিলন হোৱা আৱশ্যক। অভুলেচন কেতিয়া হ’ব তাক অনুমান কৰি বহু স্ত্ৰী পুৰুষে যৌন মিলন কৰে কিন্তু এই অভুলেচন সময় যদি সঠিক ভাৱে নিৰূপণ কৰিব পৰা নাযায় তেতিয়া কিন্তু গৰ্ভধাৰণ সফল ন’হব।

৭) গৰ্ভধাৰণ নিশ্চিত কৰাৰ বাবে ovulation prediction kit ব্যৱহাৰ কৰিব পাৰে। এই কিটৰ দ্বাৰা মহিলাৰ শৰীৰৰ তাপমাত্ৰা আৰু পেচাবৰ luteinizing হৰমনৰ মাত্ৰা পৰীক্ষা কৰি ovulation নিশ্চিত কৰিব পাৰি। আৰু এই অভুলেচনৰ আগে পিছে যৌন মিলন হ’লে গৰ্ভধাৰণ সফল হয়। কেলেণ্ডাৰৰ হিচাপে ঋতুস্ৰাৱ হিচাপ কৰি অভুলেচন নিশ্চিত কৰা হয় ঋতুস্ৰাৱৰ ১৪ নং দিনটোক। কিন্তু সকলো মহিলাৰ এই দিনত অভুলেচন নহ’বও পাৰে সেয়ে অভুলেচন prediction kit ব্যৱহাৰ কৰা লাভজনক। অভুলেচনৰ দুই তিনিদিন আগৰ পৰাই যৌন মিলন হৈছে গৰ্ভধাৰণৰ উত্তম সময়।

৮) গৰ্ভধাৰণৰ বাবে স্বামী আৰু স্ত্ৰীৰ সু সম্পৰ্ক অতি প্ৰয়োজন। স্বামী স্ত্ৰীৰ বুজাবুজি, ভালপোৱা, মানসিক প্ৰস্তুতি আৰু সু – সম্পর্কই গৰ্ভধাৰণৰ বহু প্ৰতিবন্ধকতা দূৰ কৰে।

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কি খাদ্য উপকাৰী জানিবলৈ তলত ক্লিক কৰক 

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ১০ প্ৰকাৰৰ চুপাৰ খাদ্য !

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *