আপুনি যদিহে এই কথাখিনি জানে দেখিব আপোনাৰ সম্বন্ধবোৰত চলি থকা সমস্যাবোৰ সম্পূৰ্ণৰূপে ১০০% ই সমাধান হৈ যাব। মিছাইল মানৱ ডঃ এ পি জে আব্দুল কালাম চাৰে মানুহৰ সম্বন্ধবোৰত ঘটি থকা সমস্যা সমূহৰ সমাধানৰ বাবে যি উপদেশ দি থৈ গৈছে সেয়া যদিহে ব্যক্তি বিশেষে মানি চলে তেন্তে সমস্যা কোনো দিনে নাথাকে লগতে সম্বন্ধবোৰ অমৃতৰ দৰে হৈ পৰিব।
তেওঁ এটি সৰু উদাহৰণৰে বুজাই দিছিল যে এসময়ত এহাল দম্পত্তি আছিল আৰু দুয়ো গভীৰ প্ৰেম ভালপোৱাৰে ইজনে সিজনক আপোন কৰি লৈছিল; লাহে লাহে সময় পাৰ হোৱাৰ লগে লগে ইজনে সিজনৰ সৈতে তৰ্ক আৰু কাজিয়াত লিপ্ত হবলৈ ধৰিছিল। পিছত তৰ্ক বিতৰ্ক মাৰপিট লৈকে গতি কৰিব ধৰিছিল যদিও তেওঁলোকে সম্পৰ্ক বিচ্ছেদ কৰা নাছিল কাৰণ তেওঁলোকৰ ভালপোৱাৰ গভীৰতা বেছি আছিল। এনেতে এদিনাখন তেওঁলোকে পিকনিক খাবলৈ বুলি এখন ওখ শিলাময় পৰ্বতলৈ ৰাওনা হৈছিল আৰু তাতেই তেওঁলোকে এটি দুৰ্ঘটনাত সন্মুখীন হব লগীয়া হৈছিল। এই দুৰ্ঘটনাৰ ফলশ্ৰুতিত ছোৱালী জনী পৰ্বতৰ এটি শিলৰ দাঁতিত ওলমি ৰৈছিল ; লৰা জনে তাইক সহায় কৰিব পৰা নাছিল কাৰণ তেওঁকো এটা শিলে চেপি ধৰি আছিল। লৰাজনে দেখা নাছিল যে ছোৱালী জনীৰ হাতৰ ওচৰতে এটা সাপ আছিল আৰু ছোৱালী জনীয়েও দেখা নাছিল যে লৰাজনক এটি শিলে চেপি ধৰি আছিল। ছোৱালী জনীয়ে সাপটোৰ ভয়ত শিলটো বগাই উঠি আহিবলৈ ভয় খাইছিল আৰু চিঞৰি মাতিব নোৱাৰিছিল সাপৰ ভয়ত, ভিতৰি ভিতৰি লৰাজনৰ ওপৰত খং কৰিছিল যে লৰা মানুহ হৈ তেওঁ তাইক সহায় কৰিবলৈ আগবাঢ়ি অহা নাই বুলি।
তাই ভাবিছিল যে লৰাজনে ইচ্ছাকৃতভাৱে তাইক সহায় কৰিবলৈ অহা নাই। সমান্তৰাল ভাৱে লৰাজনেও ভাবিছিল যে তাই কিয় শিলটো গুচাবলৈ আগবাঢ়ি অহা নাই। সেই বিপদৰ মুহূৰ্তটো তেওঁলোকে ইজনে সিজনক ভুল বুজিব ললে ; আৰু সেই ভুল অনুমানৰ বাবে ছোৱালীজনীয়ে হঠাতে এটি ভুল সিদ্ধান্ত লৈ পেলালে যে তাই শিলটোৰ পৰা হাত এৰি দি মৰি যোৱাই ভাল যিহেতু বিপদটো লৰা জনে অৰ্থাত তেওৰ প্ৰেমিকে তাইক সহায় কৰিবৰ বাবে আগবাঢ়ি নাহিল, শেষত সেয়াই কৰিলে আৰু তাই মৃত্যুক আঁকোৱালি ললে। আৰু লৰাজনো শিলৰ চেপাৰ পৰা ওলাব নোৱাৰি মৃত্যু মুখত পৰিল।
এই গল্পৰ পৰা কালাম চাৰে কব বিচাৰিছে যে মানুহে সদায় নিজৰটো বুজে কিন্তু আনজন যে কিমান চাপ আৰু কষ্টত থাকিব পাৰে তাক অনুমান নকৰে আৰু বুজিবলৈ চেষ্টাও নকৰে। সেইটোৱেই আচল জীৱন যত পৰিয়াল হওঁক বা বন্ধুবৰ্গ নাইবা নিজৰ ভালপোৱা জনৰ অনুভৱ, সুখ, দুখ, কষ্ট আদিক যদিহে বুজিবলৈ চেষ্টা কৰা যায়। সদায় শিকা উচিত আৰু বুজা উচিত লাগিলে অন্য বিকল্পৰে পুংখানুপুংখ ভাৱে চিন্তা কৰা উচিত আৰু সমস্যাক ভালদৰে আলোচনা কৰা উচিত। অকণমান ধৈৰ্য্য , অকণমান ধনাত্মক ভাৱনা আৰু অকণমান শুভ চিন্তাই সম্বন্ধবোৰ চিৰযুগমীয়া কৰে। কেতিয়াবা শুদ্ধতকৈ বুজাবুজিক প্ৰাধান্য দিয়া বৰ দৰকাৰী। এই বুজাবুজি হৈছে প্ৰেমৰ , ভালপোৱাৰ , আন্তৰিকতাৰ অন্য এটি নাম। ভুল বুজাবুজিৰ এটি মুহূৰ্ত বিষাক্ত হৈ ভাললগা হাজাৰ মুহূৰ্ত , লাখ লাখ প্ৰেমাস্পদ মুহূৰ্ত পাহৰাই দিব পাৰে এক চেকেণ্ডতে। সেয়ে ইজনে সিজনক বুজি পোৱাটো এটা সম্পৰ্কত খুব দৰকাৰী উপাদান। ওচৰে পাজৰে থকা সকলোকে বুজি পোৱা সকলোৰে সৈতে দয়ালু হোৱাটো বাঞ্ছনীয় কাৰণ সকলোৱে নিজ নিজ জীৱন যুদ্ধত ভাৰাক্ৰান্ত।
বুধিয়ক লোকে কি কি চাৰিটা কাম নকৰে জানিবলৈ তলত ক্লিক কৰক