DR APJ ABDUL KALAM GREAT QUOTES

কোনোৱে যদি আঘাত দিছে প্ৰত্যুত্তৰ দিয়ক এনেদৰে !!

       যদিহে কাৰোবাৰ পৰা আঘাত পাইছে, তেওঁ কোনো আপোন মানুহে হওঁক বা পৰ হওঁক, আপুনি ইয়াৰ প্ৰত্যুত্তৰ কেনেদৰে দিব ? আপুনি প্ৰতিশোধ লব নে মনে মনে বহি থাকিব। এই সন্দৰ্ভত মিছাইল মানৱ ডঃ আব্দুল কালাম আজাদ চাৰে দি যোৱা মতামত অতি প্ৰশংসনীয়। তেখেতে কৈছিল ” যদি তোমাক কোনোবাই আঘাত দিছে তেন্তে তুমি সেইটো কৰিবলৈ চেষ্টা নকৰিবা , তুমি এইটো কৰিবলৈহে চেষ্টা কৰা ” ! তেওঁ কি কি কৰিব কৈছে সেয়া এটি সৰু উদাহৰণৰ দ্বাৰা বুজাই দিছিল।

great man quotes

   সেয়া হৈছে এদিনাখন ৰাতি এটা সাপে নিজৰ আহাৰৰ সন্ধানত গাঁতৰ পৰা বাহিৰলৈ ওলাই আহিছিল । গৈ গৈ সাপটো এজন মিস্ত্ৰীৰ কাৰখানাত সোমাই পৰিল । কাৰখানাৰ অপৰিপাতি মিস্ত্ৰীজনৰ কেইবাবিধ সা – সৰঞ্জাম সেই সময়ত মজিয়াত সিঁচৰিত হৈ পৰি আছিল । সাপটোৱে তীব্ৰ বেগত গতি কৰি গৈ থাকোঁতে হঠাৎ মজিয়াত পৰি থকা কৰত এখনৰ ওপৰেদি পাৰ হৈ গল , ফলতে সাপটোৰ ডিঙিত আঁচোৰ গৈ অলপ তেজ ওলোৱা প্ৰত্যক্ষ কৰিলে সাপটোৱে। সাপটোৱে ভাবিলে যে কৰতখনে তাক আক্ৰমণ কৰিছে, সেয়ে প্ৰচণ্ড খং উঠি সি কৰত খনৰ দাঁত কেইটাত প্ৰচণ্ডভাৱে এটি খুঁট মাৰি দিলে , লগে লগে সাপটোৰ মুখৰ পৰা তেজ নিৰ্গত হবলৈ ধৰিলে ; তেজ নিৰ্গত হোৱা দেখি সাপটোৱে নিজৰ খং ৰখাব নোৱাৰি এইবাৰ গোটেই কৰত খন প্ৰচণ্ড জোৰে মেৰিয়াই লৈ এফালৰ পৰা খুঁটি যাবলৈ ধৰিলে।

great man quotes for success in life

 শেষত সাপটো তেজেৰে ৰঙালী হৈ পৰি নিজেই মৰি থাকিল। অৰ্থাৎ সাপটো যুদ্ধত হাৰিলে আৰু মৃত্যুকো আঁকোৱালি ললে নিজৰ প্ৰচণ্ড জেদ আৰু খঙৰ অভিপ্ৰায়ৰ বাবে। তাৰ খঙে তাক ইমানেই অন্ধ কৰি তুলিছিল যে তেওঁ নিজৰ চিন্তাশক্তিকে হেৰুৱাই পেলাইছিল।

 এই সাধুৰ দ্বাৰা কালাম চাৰে এইটো বুজাব খুজিছে যে জীৱনত কিছুমান মুহূৰ্তত কেতিয়াবা হাৰি দিয়াই ভাল ; কাৰণ বহু ক্ষেত্ৰত আপোনাৰ খং বঢ়াই তুলি , আপোনাক মানসিক ভাবে আঘাত কৰি , আপোনাৰ শত্ৰুৱে আপোনাৰ মন মগজুক বিকৃত কৰি, আপোনাক ধ্বংস কৰাৰ গোপন অভিপ্ৰায় কৰে। আবেগ আৰু উত্তেজনাৰ বশৱৰ্তী হৈ জঁপিয়াই পৰা প্ৰত্যেকখন যুদ্ধ জিকিব নোৱাৰি ; এই যুদ্ধ সফল আৰু সুখী জীৱনৰ পৰিপন্থী কেতিয়াও হ’ব নোৱাৰে। কিছুমান যুদ্ধই আপোনাক দিয়াতকৈ আপোনাৰ পৰা ভালেখিনি কাঢ়ি লৈ যায় যদিও কেতিয়াবা আপুনি জয়লাভ কৰিছে। লগতে কালাম চাৰে এটি ইংৰাজী উক্তিৰে কৈছে ” Not every battle is worth fighting, you don’t have time to get involved in things, that aren’t in between you and your destiny “.  অৰ্থাৎ নিজৰ জীৱন আৰু লক্ষ্যস্থানৰ বাহিৰৰ যুদ্ধৰ অংশীদাৰ হৈ একো মূল্য নাপায়।

5 life changing things to remember in the morning

 সেয়ে কালাম চাৰে কৈছে যে কোনোবাই যদি আপোনাক আঘাত দিছে তাক অৱহেলাৰ দৃষ্টিৰে চাওঁক, প্ৰত্যুত্তৰৰ দৃষ্টিৰে নহয় আৰু তাৰ ফলশ্ৰুতিত আপুনি ৰেহাই কৰিব পাৰিব মূল্যবান সময় আৰু জমা কৰি ৰাখিব পাৰিব আপোনাৰ শক্তি। লোকক আঘাত দিয়া মূৰ্খৰহে কৰ্ম ; মূৰ্খৰ ফালে নাচাব, নিজৰ লক্ষ্যস্থান স্থিৰ কৰি নিৰ্দিষ্ট গতিৰে গৈ থাকক, মূৰ্খই আঘাত দিলে বুলিয়ে প্ৰত্যুত্তৰ দিবলৈ গৈ নিজে মূৰ্খামি কৰি সুন্দৰ জীৱন বিপদাপন্ন নকৰিব।

জীৱন সফল কৰিবলৈ কালাম চাৰৰ ৫ মহান আৰু অমৃতবাণী জানিবলৈ তলত ক্লিক কৰক

জীৱন সফল কৰাৰ ৫ টা মহত্বপূৰ্ণ কথা।

Share it with:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *