মানুহে মৰি গলেও পাঁচ প্রকাৰৰ মানুহক কেতিয়াও সহায়ৰ হাত আগবঢ়াব নালাগে নহ’লে সহায়কাৰীৰ জীৱন আৰু সন্মান বিপদাপন্ন হৈ পৰে !!
ভাৰতবৰ্ষৰ ইতিহাসত লিপিবদ্ধ যি সমূহ জ্ঞানী ব্যক্তিৰ নাম পোৱা যায় তেখেতলোকৰ ভিতৰত এজন অন্যতম আৰু বুধিয়ক ব্যক্তিত্ব হৈছে আচৰ্য চাণক্য। তেওঁ তেওঁৰ ৰাজনৈতিক বুদ্ধিৰ দ্বাৰা খুব কম বয়সতে চন্দ্ৰগুপ্ত মৌৰ্যক ৰাজ সিংহাসনত বহুৱাই মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিব পাৰিছিল। তেওঁ ৰাজনীতিবিদ আৰু কূটনীতিবিদ হোৱাৰ উপৰিও আছিল উদাৰ আৰু মহান, আৰু তেওঁ আনৰ বাবে উপকাৰী আছিল। এই আচৰ্যই দি যোৱা নীতি নিয়মবোৰ আজি এই বিজ্ঞান প্ৰযুক্তিৰ দিনটো কোনোৱে খণ্ডন কৰিব নোৱাৰে। তেওঁৰ নীতি সমূহ পালন কৰি মানুষ্য জাতিয়ে সুন্দৰ জীৱন যাপন কৰিব পাৰে ; কৰিব পাৰে সমাজ সংস্কাৰ। তেখেতে কৈ যোৱা বহু বচনৰ ভিতৰত এটা আছিল যে মানুহে মৰি গলেও পাঁচ প্রকাৰৰ মানুহক কেতিয়াও সহায়ৰ হাত আগবঢ়াব নালাগে নহ’লে সহায়কাৰীৰ জীৱন আৰু সন্মান বিপদাপন্ন হৈ পৰে অৰ্থাৎ উপকাৰীক অজগৰে খোৱাৰ দৰে হৈ পৰে। এই পাছ প্ৰকাৰৰ মানুহ হৈছে :-
১) যি মানুহৰ চৰিত্ৰ আৰু আচৰণ হাঁহৰ দৰে তেওঁক কেতিয়াও সহায় কৰিব নালাগে।
লক্ষ্য কৰিব যিটো পুখুৰীত পানী বেছি থাকে সেই পুখুৰীতে হাঁহে বিচৰণ কৰি ভাল পাই আৰু সেই পুখুৰীত দৈনিক অহা যোৱা কৰে। যেতিয়াই সেই পুখুৰীৰ পানী কম হৈ যাব তেতিয়া তেওঁলোকে অন্য নদী বা বেছি পানী থকা পুখুৰীৰ সন্ধানত থাকে। আৰু সন্ধান পালেই সেই ঠাইলৈ গমন কৰে আৰু যেতিয়া সেই ঠাইত পানী কমে তেতিয়া আকৌ সেই প্ৰথম পুখুৰীটোৰ ফালেই গমন কৰিব যদি তাতে পানী থকাৰ আকৌ সন্দেহ পাই। হাঁহৰ অইন এটি বিশেষত্ব হৈছে হাঁহে যি পানীত বিচৰণ কৰি নাথাকক সেই পানীত নিজৰ বিষ্ঠা নিঃসৰণ কৰে ;পাৰলৈ কেতিয়াও উঠি নাহে। ঠিক একে ধৰণৰ মানুহ প্ৰকৃততে স্বাৰ্থপৰ আৰু সুবিধাবাদী। চাণক্যই কৈছে যে এনে ধৰণৰ ব্যক্তি আপোনাৰ সৈতে সদায় থাকিব কিন্তু যেতিয়াই আপোনাৰ পানী শুকাই যাব তেতিয়া আপুনি তেঁওক কেতিয়াও লগ নাপাব। এওঁলোকৰ সৈতে বন্ধুত্ব স্থাপন কৰিব নালাগে আৰু এওঁলোকক ভুলতে সহায় কৰিব নালাগে। নহ’লে এওঁলোকৰ চৰিত্ৰ সলনি নহব , আনক ঠগি নিজে উপভোগ কৰি গৈ থাকিব। গতিকে সকলোৱে যদি এনে লোকক প্ৰশ্ৰয় দিয়া বন্ধ কৰে তেতিয়া এই লোক নিজেই শুদ্ধ হবলৈ বাধ্য হ’ব।
২) দুষ্ট আৰু ব্যভিচাৰ মহিলাৰ কেতিয়াও উপকাৰ কৰিব নালাগে।
দুষ্ট আৰু ব্যভিচাৰ মহিলাই নিজৰ স্বাৰ্থৰ কাৰণে যি কোনো অঘটন ঘটাব পাৰে; যি আপোনাৰ বিপদজনক হৈ পৰিব পাৰে। এজন নিচাত মাতাল লোকে যেনেকৈ চাৰিফালে অন্ধকাৰ দেখা পাই, ঠিক তেনেদৰে দুষ্ট আৰু চৰিত্ৰহীন মহিলাই টকা আৰু কাম আসক্তিৰ নিচাত অন্ধ হৈ যায়। এওঁলোকে কাম আসক্তি, যৌৱন আৰু ঐশ্বৰ্যৰ দ্বাৰা যিকোনো লোকক মোহিত কৰাৰ সামৰ্থ ৰাখে আৰু বশ কৰিব পাৰে, লগতে এওঁলোকৰ সৈতে বহু দুষ্ট লোকৰ সম্বন্ধও থাকে। এনে মহিলাই এজন এজন পুৰুষৰ টকাৰে মনোৰঞ্জন কৰিব খোজে আৰু সেই পুৰুষৰ গৃহক নিজৰ বাসস্থান কৰি সেই গৃহ অপবিত্ৰ কৰে। সেয়ে আচৰ্যই কোৱা অনুসৰি এনে মহিলাৰ সৈতে সম্বন্ধ কৰা আৰু উপকাৰ কৰাৰ ফলত পুৰুষৰ জীৱন বহু ডাঙৰ বিপদত পৰিব পাৰে।
৩) যি মানুহ সদায় দুখী আৰু উদাস হৈ থাকে তেনে লোকক কেতিয়াও উপকাৰ কৰিব নালাগে।
এনে কিছুমান মানুহ সমাজত পোৱা যায় যিয়ে সদায় দুখত থাকে, মুখ বেজাৰ কৰি বহি থাকে ; এনে লোক সুখটো দুখী থাকে, হাজাৰ থাকিলেও নাতে, নিজৰ খিনিত কেতিয়াওঁ সন্তুষ্ট নাথাকে ; এনে লোকৰ মুখখন যদি হঠাতে প্ৰত্যক্ষ কৰে আপুনি পৌৰ নিগমৰ আৱৰ্জনাৰ ভাণ্ডাৰ টিৰ নিচিনা দেখিব। আচৰ্যই প্ৰকাশ কৰা অনুসৰি এনে লোকক যদি আপুনি উপকাৰ কৰে তেওঁলোক ক্ষন্তেক সময় সুখী হ’ব যদিওবা কিছু মুহূৰ্ততে আকৌ দুখ প্ৰকাশ কৰিব আৰু আকৌ উদাস মনে বহি থাকিব । তেতিয়াই আপুনি অনুভৱ কৰিব যে আপোনাৰ উপকাৰ কোনো কামতে নাহিল আৰু সেই কথাই আপোনাক দুখ দিব। আৰু এনে লোকৰ লগত যদি বেছিদিন সঙ্গত কৰে তেওঁৰ এই বিষাদ ভৰা গুণবোৰ আপোনাৰ গালৈ ভাইৰাছৰ দৰে বিয়পিব। সেয়ে এনে লোকৰ সংগ সোনকালে এৰিব লাগে আৰু এওঁলোকক কোনো সহায় কৰা অনুচিত।
৪) ধূৰ্ত আৰু দুষ্ট লোকক চিনি লওঁক আৰু তেওঁলোকক কেতিয়াও সহায় নকৰিব।
এনে লোকৰ মুখত বহু মিঠা মিঠা কথা থাকে, এই ব্যক্তিৰ প্ৰলোভন আৰু চতুৰালীত বহু জ্ঞানী ব্যক্তি বশ হৈ যায়; এওঁলোকক দেখিলে এনে মনোভাব হব যে তেওঁ আপোনাৰ বহু মিত্ৰ আৰু তেওঁ সদায় পৰৰ উপকাৰী। কিন্তু বুজিব, বাস্তৱত তেওঁ নিজৰ মনত কু – অভিসন্ধি ৰচনা কৰি থৈ দিছে। এনে লোকে সকলোৰে আনকি আত্মীয় স্বজনৰো ক্ষতি কৰি নিজৰ উন্নতি কামনা কৰে। আৰু প্ৰকৃততে যদি এনে ব্যক্তিয়ে আপোনাৰ উপকাৰ সাধিছে তেন্তে এদিন আপোনাক টান আৰু কটু কথাও শুনিবলৈ প্ৰস্তুত থাকিব লাগিব। সেয়ে এনে লোকক সহায় নকৰিব আৰু তেওঁলোকৰ সৈতে উঠা বহা নকৰিব।
৫) মূৰ্খ ব্যক্তিক উপকাৰ নকৰিব ; নকৰিব বন্ধুত্ব তেওঁলোকৰ সৈতে।
আচৰ্য চাণক্যই তেওঁলোকক মূৰ্খ বুলি কৈছে যাৰ ভাল আৰু বেয়াৰ পাৰ্থক্য বুজাৰ জ্ঞান নাথাকে ; নাথাকে ভাল উপদেশ দিয়াৰ সামৰ্থ্য। তেওঁলোকে সকলো বিষয়ক আনকি কি ভালখিনিকো সন্দেহৰ চকুৰে চাই। এনে লোকক যদি আপুনি সঁচাকৈ আৰু স্বাৰ্থহীন ভাৱে উপকাৰো কৰিছে সেই উপকাৰটো তেওঁ সন্দেহৰ আঙুলি উঠাব। এই উপকাৰতে তেওঁ স্বাৰ্থৰ গোন্ধ পাব। সেয়ে কোৱা হয় মুৰ্খৰ উপকাৰ কৰিলে আপুনি অসন্মান পাব। প্ৰবাদ আছে মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰু ভাল।
মানুহ দুখীয়া হোৱাৰ তিনিটা কাৰণ জানিবলৈ ক্লিক কৰি পঢ়ক