জীৱনৰ লক্ষ্য এটাই মাত্ৰ !! এজন মানুহ, এটা সিদ্ধান্ত আৰু এটা লক্ষ্য !!
এলাহ ( hesitation) , দ্ন্দ্ব (struggle), যুদ্ধ ( fight ), ঋণাত্মক উক্তি ( negative comments ) , ঘৃণা বা অৱজ্ঞা কৰোঁতা ( haters) , অ – অনুপ্ৰেৰণা ( demotivation) , কুন্ঠা (frustration ) , শেষ নিশা, ৰাতিপুৱা সোনকালে, চিন্তা, সপোন, হিম্মত, তাকাট, কঠোৰ পৰিশ্ৰম, প্ৰেৰণা, স্থিৰতা (consistency) আৰু তাৰ পিছত ধৈৰ্য্য ( patience) আৰু প্রচণ্ড ধৈৰ্য্যৰ পিছতহে লাহে লাহেকৈ আহে বহুদিন ধৰি ভাবি থকা, মনতে সংকল্প লোৱা, বহু ৰাতি জাগি সপোন দেখা সেই সোণালী দিনবোৰ আৰু তাৰ বাবে মনত জেদ লাগিব জেদ ; জেদ থাকিলেহে সেয়া সম্ভৱ হৈ পৰিব। জুইত জাপ দি যদি মাত্ৰ পুৰিলে পুৰিলে বুলি চিঞৰিহে থাকে জুই নুমাবলৈ একো ব্যৱস্থা নলয় , তেন্তে তাতেই জ্বলি ভস্ম হ’ব লাগিব। যি হয় হ’ব , উঠি দৌৰক, যুঁজি যাওঁক, আগুৱাই যাওঁক ।
এজন ব্যক্তিয়ে এটা ঘড়ীক প্ৰশ্ন কৰিছিল যে ঘড়ী তুমি কিয় ইমানেই লৰালৰিকৈ ঘূৰি থাকা ? তেতিয়া ঘড়ীটোৱে ওলোটাই মানুহজনক প্ৰশ্ন কৰিছিল যে মই যদি এতিয়া অচল হৈ চলিব নোৱাৰা হৈ যাও তেতিয়া তুমি মোক কি কৰিবা ? তেতিয়া মানুহজনে উত্তৰত কৈছিল যে বেৰৰ পৰা নমাই আনি বাহিৰত জাবৰৰ দামত পেলাই দিম। তেতিয়া ঘড়ীয়ে হাঁহি হাঁহি মানুহ জনক কৈছিল যে চলি থকা বস্তু অচল হৈ পৰিলে তাৰ মূল্য নাথাকে। ঠিক একেদৰে আমাৰ জীৱনো একেই যিদিনাৰ পৰা চলা বন্ধ হ’ব সিদিনাৰ পৰা পৃথিৱীয়ে আমাক পাহৰি যাব। বন্ধু বান্ধৱৰ সৈতে আড্ডা দিয়া বাইকত উঠি দীঘল পথ পৰিভ্ৰমণ কৰা, ছোৱালীৰ পিছত সময় কটোৱা, প্ৰেম ভালপোৱাত সময় কটোৱা ইত্যাদি সকলো ঠিকে আছে একো কথা নাই , কিন্তু কলেজ শেষ নোহোৱাৰ আগতে নিজৰ বাবে এটি ধুনীয়া ভৱিষ্যত গঠন কৰা নিত্যান্ত প্ৰয়োজন। কাৰণ পঢ়া শুনা শেষ কৰি যেতিয়া ওভতি চাবা সেইদিনা তোমাৰ সৈতে কোনো নাথাকিব। তোমাৰ জীৱন তুমি নিজেই সজাব লাগিব , তোমাৰ বাবে সমস্তখিনি তুমিয়ে কৰিব লাগিব।
কোনোৱে ভাবে যে তেওঁ এইটো কৰিব নোৱাৰিব, ভাবে তেওঁ এইটো বেছিদিন কৰিব নোৱাৰিব, নিজেকে কয় আৰু নিজেই অনুভৱ কৰে তেওঁৰ হেনো টেলেণ্ট (talent) নাই আৰু কৈ পেলাই যে এইটো কৰা অসম্ভৱ। আৰু শেষত বিশ্বাস কৰি পেলাই যে এইটো কৰা সচাঁই অসম্ভৱ। কিন্তু মনত ৰাখক আৰু নিজকে প্ৰস্তুত কৰক যে এয়া তেওঁলোকৰ বাবেহে অসম্ভৱ আপোনাৰ, মোৰ বাবে নহয়।
কাৰণ তেওঁলোকে আপোনাৰ মোৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে ; তেওঁলোকে আমাৰ জীৱনৰ মূল্য নিৰ্ধাৰণ কৰিব নোৱাৰে ; অন্য কোনেও আমাক নিয়ন্ত্ৰণ কৰিব নোৱাৰে; আমি আমাৰ কাম নিজে পছন্দ কৰি লব লাগিব, আমি নিজেই সিদ্ধান্ত লব লাগিব আমাৰ জীৱন কেনে হোৱা উচিত, আমি সিদ্ধান্ত লব লাগিব নিজেকে কোন পথে পৰিচালনা কৰা উচিত । প্ৰতিটো দিন, প্ৰতি মুহূৰ্ত, প্ৰতিটো কাম, প্ৰতিটো প্ৰত্যাহ্বান আৰু প্ৰতিটো যুঁজত আমি নিজেই যুঁজিব লাগিব কাৰণ আমি নিজে জানো আমি কি কৰিব পাৰো আৰু আমাৰ কি কৰিবলৈ সামৰ্থ আছে। তাকে কোৱা হয় এজন মানুহ, এটা সিদ্ধান্ত আৰু এটা লক্ষ্য আমি বান্ধিব লাগিব। আমি কৰি যোৱা কামক কোনোবাই বিচাৰ কৰি সমালোচনা কৰিব পাৰে, তেওঁলোকৰ আমি কৰা কাম পছন্দ নহ’লে আমাক পাগল বুলি কব পাৰে ; আমাক সমালোচনা কৰিব পাৰে আৰু কোনোবাই আমাক অইন দিহা দি আন পথেৰে যাবলৈ কব পাৰে, কিন্তু আমি সেই দিহা পৰামৰ্শক প্ৰত্যাখান কৰিব লাগিব। কাৰণ আমাৰ সন্মুখত আমি এটাই পথ লক্ষ কৰি লৈছোঁ সেয়া হৈছে এভাৰেষ্ট শৃংগৰ শীষৰ ; অৰ্থাৎ নিজৰ জীৱনৰ সৰ্বোত্তম উন্নতি ।
সেয়ে আমি কেতিয়াও আনৰ মতামতৰ ওপৰত গুৰুত্ব নিদিওঁ, গুৰুত্ব দিম আৰু ফকাচ (focus) কৰিম আমাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্যৰ ওপৰত। আমাৰ ফকাচ আমি কি কৰি আছো, কি কৰিব পাৰো আৰু আমি কেনেকৈ আৰু আগলৈ যাব পাৰো তাতেই থাকিব ; আমাক আৰু কোনোৱে ৰখাব নোৱাৰিব, বাধা দিব নোৱাৰিব কাৰণ আমি অপ্ৰতিৰোধ্য। আমাৰ লক্ষ্যত উপনীত হবলৈ গৈ থাকোঁতে কোনো শক্তিয়ে আমাক ঠাণ্ডা কৰিব নোৱাৰিব কাৰণ আমি হৈ পৰিছোঁ জলন্ত একুৰা জুই।
অমিয়ে সিদ্ধান্ত লব লাগিব কাইলৈ আমাৰ পৰিচয় কি হ’ব । আমাৰ কষ্টৰ অতীতে মাজে মাজে আমাক ভয় খুৱাব পাৰে কিন্তু তাক প্ৰত্যাহ্বান জনাই নিজকে সাহসী কৰি পেলাম কাৰণ লক্ষ্য হৈছে আমাৰ এভাৰেষ্ট শৃংগ। আমাৰ আশে পাশে বহু শক্তিয়ে আমাক প্ৰত্যাহ্বান দিব আমাক পিছলৈ টানিব , কিন্তু এইবোৰক আমিও উচিত প্ৰত্যুত্তৰ দি পৰাভূত কৰিম। পৃথিৱীৰ কোনোৱে আমাক আমাক আমাৰ লক্ষ্যৰ পৰা বিচলিত কৰিব নোৱাৰিব , আমাক ভুল পথে চালিত কৰিব নোৱাৰিব আনকি আমাৰ গতি, আমাৰ বেগ কোনোৱে হ্ৰাস কৰিব নোৱাৰিব।
আমি কৰা প্ৰতিটো কাম, প্ৰতিটো ভুলৰ পৰা আমি শিক্ষা লম আৰু তাৰ পৰা আগুৱাই যাম। কাৰণ আমি বিশ্বাস কৰোঁ যে আজি আমি যি অৱস্থাত আছোঁ তাতোকৈ আগবাঢ়ি যোৱাৰ বাবে আমাৰ শক্তি আছে, দম আছে আৰু সামৰ্থ্য আছে, আমাৰ সকলো শক্তি লুকাই আছে আমাৰ ভিতৰত, কাইলৈ আমি কি কৰিম কি হবলৈ গৈ আছোঁ সেয়াও অন্তৰ্নিহিত হৈ আছে আমাৰ মাজতে। আমাৰ প্ৰতিটো কামৰ সিদ্ধান্ত লওঁ আমি নিজে, আমাৰ জীৱনৰ মানদণ্ড নিৰ্ধাৰণ হয় আমাৰ কৰ্মৰ দ্বাৰা, আমাৰ প্ৰচেষ্টা, আমাৰ উদ্দামৰ দ্বাৰা, আমাৰ ত্যাগ আৰু আমাৰ বলিদানৰ মাজতে । আমাৰ জীৱনত যি ঘটিব গৈ আছে সেই সকলোবোৰৰ দায়িত্ব আমাৰ নিজৰ , আন কোনোৱে আমাৰ জীৱনত নিৰ্দেশনা জাৰি কৰিলে ফলপ্ৰসূ নহয়, যদিহে আমি নিবিচাৰোঁ।
আজি আপুনিয়ে নিৰ্ধাৰণ কৰক কাইলৈ কি হ’ব তাৰ সম্পূৰ্ণ স্বাধীনতা আপোনাৰ হাতত আছে আৰু তাক ব্যৱহাৰ কৰিবলৈ যত্নপৰ হওঁক।
পঢ়াত মন নবহা ছাত্ৰ ছাত্ৰীয়ে তলত ক্লিক কৰি পঢ়ক
ভালকৈ পঢ়াত মন নবহে যদি কৰক এই কাম !! পঢ়িবই এই কথা বুজিলে –
পঢ়ি বৰ ভাল পালো আগলৈ এনেকৈ পাম বুলি আশা থাকিল
Bohut vl lagil…agoloiu anedhoronr lekhoni porhiboloi pam buli akha thakil
Thanks for your motivational writing to students who are preparing for examp.
❤️❤️❤️❤️❤️