লক্ষ্মী ছোৱালীৰ ৫ টি গুণ !! নাৰীৰ সন্মান কি পুৰুষে তেতিয়াই বুজি পাই যেতিয়া তেওঁ এজনী কণ্যা সন্তানৰ পিতৃ হয়।
এজনী নাৰী সকলো সময়ত অসহায় কেতিয়াবা নিজৰ পৰিয়ালক লৈ, কেতিয়াবা নিজৰ সপোন বোৰক লৈ, কেতিয়াবা নিজৰ ইচ্ছাৰ বিপৰীতে আৰু কেতিয়াবা নিজৰ প্ৰেম ভালপোৱাক লৈ। নাৰীয়ে অধিক জীৱন কাল বুজাবুজিৰ মাজতে কটাবলৈ বাধ্য হয় সেয়া নিজৰ পিতৃগৃহ হওঁক বা স্বামীৰ ঘৰ। নিজৰ পৰিয়ালৰ ফালে মুখ কৰি নিজৰ আশা , ইচ্ছা জলাঞ্জলি দিয়াৰ নামে হৈছে নাৰী।
ছোৱালী সন্তান নিজৰ পিতৃৰ বাবে বহুত বিশেষ ( special) হয় সেই বাবে বহু পিতৃয়ে এজনী কন্যা সন্তানক বহু কষ্ট কৰি হলেও মানুহ হিচাপে গঢ় দিবলৈ চেষ্টা কৰে আৰু কৰা উচিত। সন্তানৰ কিবা সমস্যা হ’লে প্ৰথমে মাতৃয়ে বুজি পাই কাৰণ মাতৃয়ে সন্তানক জন্ম হোৱাৰ ১০ মাহ ১০ দিন আগৰ পৰাই লগ পায়।
স্ত্ৰীক ধমকি দি ভয় খুৱাই দমন কৰাটোক পুৰুষত্ব নকয় ; স্ত্ৰীৰ মুখত হাঁহি বিৰিঙাই উৎসাহ দিয়াটোহে পুৰুষত্ব। এজনী নাৰী নিজৰ জীৱনৰ বেছি সময় আনৰ বাবেই জীৱন জীয়াই; জন্মৰ পিছত মা দেউতাৰ বাবে, বিবাহৰ পিছত স্বামীৰ বাবে আৰু পিছত সন্তানৰ বাবে আচলতে তেওঁলোকে নিজৰ বাবে একোৱে নিবিচাৰে। নাৰীৰ সন্মান কেনে হ’ব লাগে পুৰুষে তেতিয়াই বুজি পাই যেতিয়া তেওঁ এজনী কণ্যা সন্তানৰ পিতৃ হয়।
কোনো জ্ঞানী লোকে নাৰীক উদ্দেশ্য কৰি কৈছে ” হে নাৰী, তুমি কিছু সময় উলিয়াই নিজৰ বাবে জীৱলৈ শিকা কাৰণ তুমি হাজাৰ গুণ পৰিশ্ৰম কৰি আজি ক্লান্ত হৈ গৈছা, তুমি যিমান কষ্ট কৰিলেও তোমাৰ নাম নহয় সেয়ে অকণমান জিৰণি লোৱা”। আৰু কৈছিল ” তুমি নাৰী, সেইবাবেই তুমি বহুৰূপী ; তুমি নাৰী, সেইবাবেই তুমি সমাজৰ মৰ্য্যদা ৰক্ষাকাৰী “। আৰু কোনোৱে কৈছিল ” তুমি যি ভালপোৱা সেইটো কৰা, আনে কি কব বা কি কৈছে সেয়া গুৰুত্বপূৰ্ণ নহয় ; কাৰণ তুমি যিদিনা জন্ম হৈছিলা সেইদিনাও মানুহে কৈছিল ইচ্ ছোৱালী জন্ম হৈছে “।
নাৰীয়ে শাসন পছন্দ কৰে কিন্তু খং ৰাগেৰে নহয় ; আদৰ আৰু মৰমৰে বান্ধি দিয়া শাসন ভাল পায়। নাৰীক দিবৰ বাবে বহু উপহাৰ আছে কিন্তু সন্মানতকৈ ডাঙৰ উপহাৰ আৰু এই পৃথিৱীত নাই নাৰীক দিবলৈ। সকলো নাৰীয়ে টকা , ধন সম্পদ নিবিচাৰে তেওঁলোকে বিচাৰে সময়, সন্মান আৰু মৰম আদৰ।
আঠা নোহোৱা হৈ গৈ এৰা খাই পৰিব খোজা কপালৰ কলা ফোঁটটিকো বাৰে বাৰে ধৰি ৰাখিব যত্নপৰ হয় নাৰী, এযোৰ কানফুলৰ এপাট হেৰুৱালেও আনপাট পেলাই নিদিয়ে, ছিঙি যোৱা চাদৰ খন, ফাটি যোৱা গামোচাখন, বেয়া হোৱা মোবাইল ফোনটো আৰু কোনো কামত নালাগে বুলি বুজিও ধুনীয়াকৈ সজাই ৰাখে নাৰীয়ে আৰু সেয়া হৈছে মায়া।
নাৰীয়ে ঘৰত থাকি নিজৰ সংসাৰৰ বাবে যিমান কষ্ট নকৰক, যিমান তেজ পানী নকৰক, নাৰীৰ সন্মুখত পুৰুষৰ এটা প্ৰশ্ন কেতিয়াও শেষ নহয় যে দিনটো ঘৰত থাকি কি কৰি থাকা ।
ছোৱালীক দায়িত্ব লবলৈ শিকাব নালাগে; নিজৰ বাবে কণীটো সিজাব নজনা ছোৱালী জনীয়ে যিদিনা মাৰ বেমাৰ হয় ঘৰখনৰ সমস্ত কাম কৰিবলৈ সক্ষম হয়।
দুখ লগা কথা এটি হৈছে ছোৱালীয়ে সদায় সত্য কথা পচন্দ কৰে কিন্ত বিশ্বাস কৰি পেলাই মিথ্যাচাৰিক। তেওঁলোকৰ এটি ভুল হৈছে পুৰুষে সাজি কাঁচি ৰহণ লগাই কোৱা মিছা কথাত পতিয়ন যায়। তেওঁলোকে ভাল অভিনয় কৰিব জানে ; কিহৰ অভিনয় জানে হাজাৰ কষ্টত থাকিলেও হাঁহি মুখে থকাৰ অভিনয়।
লক্ষ্মী নাৰীৰ পাঁচটা গুণ :- ১) খং বেছি ২) অলপতে মূৰ গৰম হয় ৩) মুখে মুখে তৰ্ক কৰিব জানে ৪) খং উঠিলে ৰুদ্ৰমূৰ্তি ধৰে আৰু ৫) পিছত নিজেই কষ্ট পায়।
এজনী নাৰীৰ বাবে আটাইতকৈ ডাঙৰ স্কুল হৈছে তেওঁৰ শহুৰৰ ঘৰ ; যত শিক্ষকৰ অভাৱ নাই আৰু শিকাৰো শেষ নহয়। অসংখ্য কষ্ট, যন্ত্ৰণা পালেও মায়াত বন্দী হৈ নাৰীয়ে এটা সম্পৰ্ক আৰু এখন সংসাৰ ধৰি ৰাখিব খোজে আৰু সেইবাবেই কোনোবাই নাৰীক মায়াবতী বুলি কৈছিল আৰু এই মায়াবতীৰ সমাৰ্থক শব্দ আছে, কিন্ত বিপৰীত শব্দ নাথাকে।
মা হৈছে পৃথিৱীৰ একমাত্ৰ বেংক যত সকলোৱে দুখ, বেজাৰ, কষ্ট জমা কৰিব পাৰে যত কোনো বিনিময় নাই, নাই কোনো সুদ মাত্ৰ থাকে অসংখ্য ভালপোৱা।
আৰু পঢ়িবলৈ তলত ক্লিক কৰক