সকলোৰে প্ৰিয়ভাজন হবলৈ দৰকাৰী ৬ টি কথা ( way to attract people towards you) :-
যদিহে তুমি আশা কৰা তোমাক সকলোৱে ভাল পাওঁক , সকলোৱে তোমাৰ সৈতে বন্ধুত্ব কৰক , সকলোৱে তোমাৰৰ গুণ গৰিমা গাওঁক বা প্ৰশংসা কৰক; যদি সকলোৰে মাজত জনপ্ৰিয় হৈ পৰিব বিচাৰিছা তুমি তেন্তে সদায় কেইটা কথাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা অত্যন্ত প্ৰয়োজনীয়।
ইংৰাজীত কথা এষাৰ আছে যে “Beauty attracts the eye but personality attracts the heart” , অৰ্থাৎ তোমাৰ সুন্দৰ চেহেৰাই আনৰ চকু আকৰ্ষণ কৰে কিন্তু তোমাৰ সুন্দৰ ব্যক্তিত্বই আনৰ হৃদয় জয় কৰিব। সেইবাবে নিজৰ ব্যক্তিত্বৰ উন্নতি কৰা অতি প্ৰয়োজনীয় আৰু তাৰ সৈতে কিছুমান সৰু সৰু কথাক গুৰুত্ব দিলে তুমি এদিন সকলোৰে মন আৰু হৃদয় জয় কৰিবলৈ সক্ষম হৈ পৰিবা। এই কথা সমূহ হৈছে :-
১) তুমি এজন ভাল শ্ৰোতা হ’ব লাগিব ( A good listener ) :- মানুহে সদায় নিজৰ কথাখিনি কবলৈ গুৰুত্ব দিয়ে কিন্তু তেওঁৰ সন্মুখত থকাজনৰ খিনিও যে ভালকৈ শুনাৰ প্ৰয়োজন সেয়া পাহৰি পেলাই। যদিহে তুমি আনৰ হৃদয় জয় কৰিব বিচৰা তেন্তে আজিৰ পৰা এই ভুল কৰা নকৰিবা কাৰণ এই স্বভাৱে পৰোক্ষভাৱে তোমাৰ ব্যক্তিত্বক প্ৰভাৱিত কৰিব অৰ্থাৎ তোমাৰ ব্যক্তিত্বক আঘাট হানিব। যিয়ে নিজৰ খিনি কোৱাৰ উপৰিও সন্মুখৰ জনৰো কথা ভালদৰে গুৰুত্ব দি শুনে তেওঁ মানুহৰ সৈতে সহজতে যোগাযোগ আৰু বন্ধুত্ব স্থাপন কৰিব পাৰে। কাৰণ প্ৰত্যেক মানুহৰ এক সহজাত প্ৰবৃত্তি আছে যে কোনোবাই তেওঁক বুজক, কোনোবাই তেওঁক শুনক আৰু তেওঁৰ সৈতে বন্ধুত্ব কৰক ; আৰু তোমাৰ মনেও সেইটোৱে বিচাৰে।
২) ক্ষমাভিক্ষা কৰা (Making excuses ) :- বহু মানুহৰ এটি অভ্যাস যে কিবা এটি ভুল কৰি উঠি বুজি পোৱাৰ পিছতো তাক মানি লবলৈ অমান্তি হয় আৰু ভুলটোকে শুদ্ধ প্ৰমাণিত কৰিবলৈ গৈ আৰু কিছু ভুল আৰু মিছাৰ আশ্ৰয় লবলৈ কুণ্ঠাবোধ নকৰে। মনত ৰাখিবা এই বেয়া অভ্যাসে কিন্তু মানুহৰ ব্যক্তিত্বক বহু নিম্নগামী কৰে। সেয়ে যদি ভুল ইতিমধ্যে হৈ গ’ল তেন্তে তাক ঢাকিবলৈ যত্ন নকৰিবা আৰু বহু বেছি অজুহাত নেদেখুৱাই সহজতে স্বীকাৰ কৰাৰ অভ্যাস নিজৰ মাজত গঢ় দিয়া উত্তম কাৰণ ভুল মানুহৰে হয় আৰু ভুলৰ ফলত মানুহে শিকে। এনে কৰিলে তোমাৰ একো ক্ষতি নহয়, নহয় অৰ্থৰ লোকচান, বৰং তোমাৰ সন্মান বাঢ়িব।
৩) মানুহক উচ্চ আসন দিবলৈ শিকা ( learn to appreciate other) :- কোনো উদাস লোকক যদি তুমি বিন্দু মাত্ৰাও প্ৰশংসা কৰি দিয়া তেওঁৰ মুখত হাঁহি বিৰিঙিব। কিয়নো তুমি নিজেও কামনা কৰা যে তোমাক কোনোবাই প্ৰশংসা কৰক। সেয়ে কোনোবাই কৰা ভালখিনিক প্ৰশংসা কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিবা। কোনোবাই যদিহে তোমাক বিন্দুমাত্ৰাও সহায় কৰি দিছে তেওঁক ধন্যবাদ জনাবলৈ নাপাহৰিবা, কাৰোবাৰ যদিহে সহায় বিচাৰি গৈছা তেওঁক অনুগ্ৰহ কৰিহে সহায় ভিক্ষা কৰা ভাল গুণ। এই খিনিতে মন দিয়া দৰকাৰ মিছাকৈ আৰু ভাল জহাবলৈ কৰা প্ৰশংসাৰ কিন্তু আদৰ নাই; সেয়াই তোমাৰ ব্যক্তিত্ব লাঘৱ কৰিব অৰ্থাৎ মিছা প্ৰশংসা কৰিব নালাগে।
৪) আত্মবিশ্বাস সদায় ৰাখিবা ( Confidence ) :-
কেতিয়াও তুমি নিজক আনৰ সৈতে তুলনা কৰি সৰু জ্ঞান নকৰিবা; মাত্ৰ অনুভৱ কৰিবা যে তুমি ভালে আছা, ঈশ্বৰে তোমাক সকলো দিছে । নিজৰ ভিতৰৰ হয় আৰু কিন্তু বোৰক সদায় দূৰৈত ৰাখা , সকলো সময়তে সকলো অৱস্থাত নিজৰ আত্মবিশ্বাস ধৰি ৰখাৰ চেষ্টা কৰা। যদিহে তুমি আত্মবিশ্বাস ৰাখিব নোৱাৰা তোমাৰ প্ৰতি কোনোৱে আকৰ্ষিত নহ’ব। এজন হতাশ মানুহতকৈ এজন আত্মবিশ্বাসী লোকক সকলোৱে বহু বেছি প্ৰাধান্য দিয়ে।
৫) নিজে লোৱাৰ আগতে আনক দিবলৈ শিকা ( Give other first before you take) :- জীৱনত সকলো সময়তে আনক দিবলৈ শিকা ; নিজে লোৱাটো নহয়। কাৰণ আনৰ ওচৰত তুমি যেতিয়া ভিক্ষা কৰিবা তেতিয়া তুমি আন দহজনৰ চকুত সৰু হৈ যাবা । ইয়াত অকল টকা পইচা দিয়াৰ কথাকে কোৱা হোৱা নাই; সকলো ক্ষেত্ৰতে যেনে তুমি আনক সন্মান দিয়া , মৰম ভালপোৱা দিয়া , সঠিক উপদেশ দিব পাৰা, সঠিক পথ দেখুৱাব পাৰা। কাৰণ টকা পইছাতকৈ এইবোৰ বেছি মূল্যবান সম্পত্তি। এনে অভ্যাসে তোমাক এদিন বহু ওপৰলৈ লৈ যাব ।
৬) সদায় মুখত হাঁহি ( Smiling face ) :-
তুমি যদি সদায় উদাস হৈ থাকা তোমাক সকলোয়ে এৰি চলিব । উদাস আৰু হতাশাই সদায় তোমাক ব্যতিব্যস্ত কৰি ৰাখিব ; তোমাৰ আত্মবিশ্বাস আৰু ব্যক্তিত্বক ধূলিকণাৰ সৈতে মিহলি কৰি পেলাব। যিজন মানুহ হাঁহি মুখে থাকে তেওঁ আনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে।
Bohut val lagil porhi khene..
Bhut val lgil
Hsakoi ak adrkho bani
Very nice lines