তিয়ঁহ খোৱাৰ পিছত এই তিনিবিধ খাদ্য ভুলটো নাখাব!!
তিয়ঁহ এবিধ অতি পুষ্টিকৰ খাদ্য। কিয়নো এই কথা প্ৰমাণ কৰে ইয়াত অন্তৰ্ভুক্ত হৈ থকা বিভিন্ন স্বাস্থ্যগুণ সম্পন্ন পোষক দ্ৰব্য সমূহে। প্ৰায় ৯৫% পানীৰে ভৰপূৰ এটা মধ্যম আকাৰৰ তিয়ঁহত থকা অইন পোষক দ্ৰব্য সমূহ হৈছে কাৰ্বহ্যড্ৰেট :- ৬ গ্ৰাম ; প্ৰটিন- ৩ গ্ৰাম; ভিটামিন C – এজন লোকক দৈনিক প্ৰয়োজন হোৱা ভিটামিন C ৰ ১০% ; ভিতামিন K- দৈনিক প্ৰয়োজনৰ ৫৭% ; আৰু ভিটামিন B – দৈনিক প্ৰয়োজনৰ ১২%
পতাশিয়াম- দৈনিক প্ৰয়োজনৰ ১২% ; মেনগানিছ -দৈনিক প্ৰয়োজনৰ ৯°% ; কঁপাৰ আইৰন; জিংক; টেনিন; ৰিবফ্লেভিন; ফ্লেভনৈদছ আৰু যথেষ্ট এন্টী অক্সিডেণ্ট।
আৰু এই এটা তিয়ঁহৰ শক্তি ভাগ হৈছে ৩০ কেলৰি।
কিন্ত এই তিয়ঁহ খোৱাৰ পিছত এঘণ্টা সময়লৈকে কিছুমান খাদ্য খাব নালাগে। অন্যথা হব পাৰে কিছু ৰোগ।বহু লোকে ভাবে যে তিয়ঁহ মন গলেই খাব পাৰি কিন্তু এই তিয়ঁহ খোৱাৰ কিছু নিয়ম অনুসৰণ কৰা ভাল। যেনে ধৰক ভাতৰ সৈতে তিয়ঁহৰ চালাড নাখায় ভাত খোৱাৰ আগত যদি চালাড খিনি খাই লয় বা ভাত খোৱাৰ আধা ঘন্টামান আগতে ৭০- ১০০ গ্ৰাম তিয়ঁহ ৰ চালাড খাই লব পাৰে অথবা ভাত বা ৰুটি খাই উঠি লগে লগে যদি এই চালাড খাব পাৰে তেতিয়া পেটৰ গেছৰ সমস্যা, এচিডিটি আদি দূৰ হয় আৰু খাদ্য খিনি ভালদৰে হজম হয়। লগতে ভাত বা খাদ্য খাই থকা সময়ত ডিঙিত লাগি যোৱা আদি সমস্যা দূৰ হয়।
iএনেদৰে তিয়ঁহ খালে দেহৰ অতিৰিক্ত মেদবহুলতা বা চৰ্বী কমি ওজন হ্ৰাস হব। কিয়নো এই তিয়ঁহত পানীৰ পৰিমাণ আৰু ফাইবাৰৰ পৰিমাণ যথেষ্ট বেছি থাকে। ইয়াৰ উপৰিও এনেদৰে তিয়ঁহ খালে উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ নিয়ন্ত্ৰণলৈ আহে লগতে তেজৰ বেয়া কলেষ্টৰল হ্ৰাস হয়। তাৰোপৰি পেচাবৰ বীজাণু সংক্ৰমণৰ ফলত হোৱা ৰোগ দূৰ হয়।
ইয়াৰ উপৰিও দেহৰ কোষত জমা হৈ পৰা বিষাক্ত ফ্ৰি ৰেদিকেল সমূহ আঁতৰাবলৈ হলে এই তিয়ঁহ জুইছ উত্তম। এই জুইছ এগিলাচ ৰাতিপুৱা গুৰু আহাৰ সেৱনৰ আধাঘণ্টা আগত সেৱন কৰিলে দৈনন্দিন জীৱনৰ বিপাকীয় ক্ৰিয়া সমূহৰ ফলশ্ৰুতিত কোষ সমূহত জমা হোৱা বিষাক্ত দ্ৰব্য ফ্ৰি ৰেদিকেল সহজতে নিষ্কাশন হয়। এনেদৰে তিয়ঁহৰ চৰবত খালে কিডনী, পিত্তাশয়ৰ পাথৰ প্ৰতিৰোধ হয়, লিভাৰ আৰু যোগ অগ্নাশয়ৰ চৰ্বী দূৰ হব। ইউৰিক এচিড বা gout কমাবলৈ হলেও এনেদৰে তিয়ঁহৰ জুইছ খাব পাৰে। কম্পিউটাৰ, অত্যাধিক মোবাইল ফোন আৰু ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ লোকৰ চকুৰ অৱসাদ দূৰ কৰিবলৈ তিয়ঁহ এনেদৰে খালে লাভ পাব। এনেদৰে তিয়ঁহ খালে মগজুৰ অৱসাদ দূৰ হয়, স্মৰণ শক্তি সমৃদ্ধিশালী হয়।
যিসকল লোকৰ তিয়ঁহ চোৱাই খালে হজম নহয় বা বমি বমি ভাব হয় অথবা বমি হয় তেওঁলোকে তিয়ঁহৰ জুইছ খালে এই সমস্যাটো দূৰ হ’ব ।
আয়ুৰ্বেদ শাস্ত্ৰৰ অষ্টাংগ হৃদয়ত উল্লেখিত যে কিছুমান আহাৰ তিয়ঁহ খোৱাৰ পিছত খালে বিৰূদ্ধ আহাৰ হিচাপে মান্যতা দিয়া হয়। এনেকুৱা তিনিবিধ আহাৰ আছে যি খাদ্য তিয়ঁহ খোৱাৰ পিছত খালে স্বাস্থ্যৰ ক্ষতি হয়। এই খাদ্যৰ ভিতৰত এবিধ হৈছে নেমুটেঙা। তিয়ঁহৰ সৈতে নেমুটেঙা খালে পাকস্থলীত আম ( খাদ্য ভালদৰে পাচন নোহোৱাৰ ফলত জমা হৈ পৰা দ্ৰব্য বিশেষ) জমা হব যাৰ ফলত ডায়েৰীয়া, ছালৰ এলাৰ্জি, এচিডিটি হোৱাৰ উপৰিও তেজত আম্লিক মাত্ৰা বৃদ্ধি হ’ব। কিন্ত এই দুবিধ আহাৰ পৃথকে পৃথক সময়ত খালে পাব বহু উপকাৰ। দ্বিতীয়তে তিয়ঁহ সৈতে বিলাহী কেতিয়াও নাখাব। কিয়নো বিলাহীৰ অক্সালিক এচিড আৰু তিয়ঁহৰ পেন্থ’ঠেনিক এচিডৰ সৈতে শীঘ্ৰে বিক্ৰিয়া কৰিব । ফলত পেটৰ বিষ, পেট ফুলা, বমি আৰু বদহজম আদি হোৱাৰ সম্ভাৱনা থাকে। সেয়ে এই দুবিধ পৃথকে পৃথক সময়ত খোৱা উপকাৰী। তৃতীয়তে হৈছে পানী। তিয়ঁহ খোৱাৰ পিছতে বা লগে লগে পানী খাব নালাগে কিয়নো এই তিয়ঁহতে থাকে যথেষ্ট পানী। আৰু যদি লগে লগে পানী সেৱন কৰে তেতিয়া খাদনলীত হজমৰ বাবে ক্ষৰণ হোৱা এনজাইমৰ ভাৰসাম্যতা নাইকিয়া হব ফলত পেটৰ অইন কিছু সমস্যাৰ সৃষ্টি হব। লগতে কিডনীৰ সমস্যাও সৃষ্টি হব।