নৰসিংহ এবিধ অতি গুৰুত্বপূৰ্ণ আৰু ঔষধি গুণ সম্পন্ন উদ্ভিদ। ইংৰাজীত Curry leaves নামেৰে জনাজাত ইয়াৰ পাতৰ ব্যৱহাৰ যুগে যুগান্তৰে মানৱ সমাজত প্ৰচলিত হৈ আহিছে। ইয়াৰ গুৰুত্বৰ কথা এই পাতৰ অন্তৰ্নিহিত পোষক উপাদান সমূহেই প্ৰমাণ কৰে।
১০০ গ্ৰাম এই নৰসিংহৰ পাতত পোৱা পোষক উপাদান সমূহ হৈছে :- ১) কেলচিয়াম :- ৮৩০ মি গ্ৰাম; ২) ফচফৰাচ :- ৬০০ মি গ্ৰাম; ৩) আইৰন :- ০.৯৩ মি গ্ৰাম; ৪) ভিটামিন A :- ৭৫৬০ ; ৫) ভিটামিন C:- ৪ মি গ্ৰাম; ৬) প্ৰটিন:- ৬.১ গ্ৰাম; ৭) ফচফৰাছ:- ৫৭ মি গ্ৰাম; ৮) মেগনেছিয়াম:- ৪৪ মি গ্ৰাম; ৯) ৰিবফ্লেভিন:- ০.২১ মি গ্ৰাম; ১০) নিয়াচিন:- ২.৩ মি গ্ৰাম; ১১) ফলিক এচিড:- ২৩.৫ মাইক্ৰ গ্ৰাম।
আৰু এই ১০০ গ্ৰাম পাতৰ শক্তি মাত্ৰা হৈছে ১০৮ কিলোকেলৰি।
নৰসিংহ পাতৰ স্বাস্থ্য উপকাৰ :-
১) ইয়াৰ পাত সেৱন কৰিলে অৰুচি আৰু বমি ভাব আঁতৰ হয় ।
২) পেটৰ বিষ হ’লে এক কাপ পানীত নৰসিংহ গছৰ শিপা ৫ – ৬ গ্ৰাম লৈ সিজাই ৰাতিপুৱা খালে পেটৰ বিষ ভাল হয় ।
৩) পাতৰ ৰস গাত সানিলে গাৰ খজুৱতি উপশম হয় ।
৪ ) পেট কামোৰিলে ইয়াৰ পাতৰ ৰস আদাৰ লগত খালে কামোৰণি ভাল হয় ।
৫) দাঁতৰ আলু ফুলিলে অথবা আলুৰ পৰা তেজ, পূঁজ আদি বাহিৰ হ’লে নৰসিংহৰ পাতৰ আঞ্জা খালে সকাহ পোৱা যায় ।
৬) মহিলাৰ ঋতুস্ৰাৱ অনিয়মীয়া হৈ পেটৰ বিষ হ’লে নৰসিংহৰ জোল খালে সকাহ পোৱা যায় ।
৭) কীট-পতংগই কামুৰিলে বা দংশন কৰিলে আঘাতৰ স্থানত নৰসিংহৰ ৰসৰ লগত সম-পৰিমাণৰ নেমুৰস মিহলাই সঘনাই লগালে আৰাম পোৱা যায় ।
৮) নৰসিংহৰ পাত সিজাই পোৱা অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে ।
৯) ওজন হ্ৰাস কৰিবলৈ নৰসিংহৰ পাত লাভজনক। নৰসিংহ পাতত বিশেষকৈ ডাইক্লৰ’মিথেন (Dichloromethane,) ইঠাইল এচিটেত (ethyl acetate) থাকে ওজন হ্ৰাস কৰিব পাৰে কলেষ্টেৰল হ্ৰাস কৰা আৰু ট্ৰাইগ্লিচাৰাইড ( Triglyceride ) নিয়ন্ত্ৰণ কৰিব পাৰে।
১০) ৰক্তহীনতা দূৰ কৰিবলৈ নৰসিংহ পাত উপকাৰী। এই নৰসিংহ পাত কেলচিয়াম, আইৰন, জিংক আদিৰ দৰে খনিজ পদাৰ্থৰ এক ভাল উৎস যিয়ে ৰক্তহীনতা উপশম কৰিব পাৰে৷
১১) ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণৰ বাবেও উপকাৰী। নৰসিংহ পাতৰ হাইপ গ্লাইচেমিক ক্ষমতা থাকে৷ নিয়মীয়া আহাৰত নৰসিংহ পাত ব্যৱহাৰ কৰিলে ৰক্তশৰ্কৰা হ্ৰাস হৈ থকাত সহায় কৰে।
১২) লিভাৰৰ পৰিপুষ্টিৰ বাবে নৰসিংহ পাত উপকাৰী। নৰসিংহ পাতত টেনিন আৰু কাৰ্বাজল নামৰ এলকালয়ড থাকে যাৰ লিভাৰক সুৰক্ষা প্ৰদান কৰাৰ দক্ষতা থাকে।ফলত এই পাত সেৱন কৰিলে হেপাটাইটিছ আৰু চিৰোচিছ লিভাৰৰ আশংকা হ্ৰাস হয়।
১৩) ডায়েৰিয়া ৰোগ প্ৰতিৰোধ কৰিবলৈ এই পাত সেৱন উপকাৰী। নৰসিংহ পাতত থকা কাৰ্বাজল নামৰ এলকালইদে এই কাৰ্য্য সম্পন্ন কৰে।
১৪) হৃদযন্ত্ৰৰ বাবে উপকাৰী এই পাত সেৱন। ভিটামিন, এন্টী অক্সিডেণ্ট আৰু এন্টী ইনফ্লেমেটৰী গুণেৰে সমৃদ্ধ এই পাতে পাতে শৰীৰৰ বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে যি হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰখাৰ বাবে অতি গুৰুত্বপূৰ্ণ।
১৫) বীজাণু সংক্ৰমন প্ৰতিৰোধৰ বাবেও উপকাৰী এই নৰসিংহ। এই পাতৰ প্ৰতিজৈৱিক আৰু ভেঁকুৰ নাশ কৰিব পৰা গুণ থাকে। ফলত এই পাত সেৱনৰ ফলত বেক্টেৰিয়া আৰু ভেঁকুৰৰ প্ৰভাৱ হ্ৰাস হয়।
১৬) নৰসিংহ পাত ছালৰ বাবেও যথেষ্ট উপকাৰী। ফলেট, ভিটামিন C, ভিটামিন A সমৰ্দ্ধ এই পাত সেৱনে ছাল সতেজ কৰি ৰাখে, ছালৰ এলাৰ্জী ৰোগ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ ফেচপেক লগালে শালমইনা, দাগ, wrinkles, fine lines আদি দুৰ হয়।
সেয়ে আজিকালি বজাৰত এই পাতৰ গুড়িৰ ফেচপেক কিনিবলৈ পোৱা যায়।
১৭) চুলিৰ বাবে উপকাৰী এই নৰসিংহ পাত। এই পাত সেৱনৰ উপৰিও এই পাতৰ পৰা প্ৰস্তুত কৰা চুলিৰ গুৰিত ঘঁহিলে চুলিয়ে পৰিপুষ্টি লাভ কৰে। চুলিত নৰসিংহ পাতৰ তেল প্ৰয়োগ কৰিলে চুলিৰ গুৰি শক্তিশালী হয় আৰু নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে চুলি দীঘলীয়া হয় আৰু চুলি সৰা বন্ধ হয়। এই পাতৰ পেষ্ট তৈয়াৰ কৰি মূৰত লগাই এঘণ্টা পিছত মূৰ ধুই দিলে সুফল পাব ।
আনকি নৰসিংহৰ পাত সিজাই পোৱা অৱশেষৰ লগত নাৰিকল তেল মিহলাই চুলিত ঘঁহিলে পকা চুলিৰ প্ৰাকৃতিক ৰং ঘূৰি অহাৰ অৱকাশ থাকে।
এই পাতৰ তেল বজাৰত সহজতে উপলব্ধ।
১৮) মুৰৰ বিষৰ নৰসিংহ পাতৰ ব্যৱহাৰ উপকাৰী। নৰসিংহ পাত আৰু ফুল পিচি লৈ ইয়াক মূৰত প্ৰয়োগ কৰিলে মুৰৰ বিষ নিৰাময় হয় বুলি আয়ুৰ্বেদ শাস্ত্ৰত উল্লেখ আছে।
১৯) উশাহৰ দুৰ্গন্ধত নৰসিংহ পাত উপকাৰী। উশাহৰ দুৰ্গন্ধৰ সমস্যা হলে কেইটামান এই পাত চোৱাই দিলে মুখৰ গোন্ধ দূৰ কৰে।
২০) কফৰ বিকাৰত নৰসিংহ পাত উপকাৰী। কফৰ বিকাৰ আঁতৰাবলৈ ৫-১০ মি. লি. এই পাতৰ ৰস সমান পৰিমাণৰ মৌৰ লগত খালে কফৰ বিকাৰ নিৰাময় হয়।
২১) চকুৰ বাবে উপকাৰী নৰসিংহ পাত। চকুৰ দৃষ্টি উজ্জ্বল কৰে আৰু ছানি হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। নৰসিংহৰ পাত ভিটামিন A ৰে সমৃদ্ধ। এই পাত সেৱন কৰিলে চকুৰ কৰ্ণিয়া আৰু চকুৰ সংবেদনশীল স্তৰ সুৰক্ষিত হয়।
নৰসিংহ পাতৰ পাৰ্শ্বক্ৰিয়া:-
নৰসিংহ পাতৰ ক্ষতিকাৰক গুণৰ কথাৰ বিষয়ে জানা নাযায়। কিছুমান লোকৰ এই পাতৰ প্ৰতি এলাৰ্জি দেখা যায়। গৰ্ভৱতী আৰু স্তন্যপান কৰোৱা মহিলাই ইয়াক ব্যৱহাৰ কৰিলে পাৰ্শ্বক্ৰিয়া হ’ব পাৰে ।