BENEFITS OF QUITING DRINKING WINE

কিয় মদ্যপান আজিয়ে এৰা ভাল !! মদ্যপান এৰিলে কি লাভ পাব ?

 

Health benefits leaving drinking wine

 

Why should avoid alcohol and its bad health impacts

মদ্যপান এৰাৰ আগতে জানিব লাগিব যে মদ্যপান কৰিলে স্বাস্থ্যৰ কি কি ক্ষতি হব পাৰে। এলকহল সেৱনৰ প্ৰথম দিনটোৰ পৰাই দেহত কিছুমান কুপ্রভাব আৰম্ভ হয়। বেছি নালাগে এগিলাচ মদ প্ৰতিদিনে সেৱন কৰাৰ ফলটো স্বাস্থ্যৰ ক্ষতি হয় আৰু ই যেতিয়াই অভ্যাসত পৰিণত হয় তেতিয়াই এক গিলাচ বা এক পেকতে শান্ত থাকিব নোৱাৰি ইয়াৰ মাত্ৰা বৃদ্ধি কৰিবলৈ বাধ্য হৈ পৰে ব্যক্তিবিশেষ আৰু লগে লগে দেহৰ অংগবিশেষত কুপ্রভাব পৰাটো নিশ্চিত হৈ পৰে।

 

Reasons not to drink wine

১) পাচন তন্ত্ৰ আৰু অগ্নাশয় গ্ৰন্থিত হব পৰা ক্ষতি :- অতি মাত্ৰা মদ্যপান কৰিলে অগ্নাশয় গ্ৰন্থিয়ে অধিক মাত্ৰাত ইয়াৰ এনজাইম ( লাইপেজ, এমাইলেজ) ক্ষৰণ কৰিবলৈ বাধ্য হয় । কিয়নো খাদনলীত এলকহল পাচন কৰিবলৈ এই এনজাইমৰ প্ৰয়োজন। নিয়মীয়াকৈ এনেদৰে নিয়ন্ত্ৰণহীন ভাবে এনজাইম ক্ষৰণ কৰি কৰি অগ্নাশয় গ্ৰন্থি ফুলি যায় যাক পেনক্ৰীয়েটাইটিছ ( pancreatitis ) বুলি কোৱা হয়।

 

Health hazard of alcohol

লগতে অগ্নাশয় গ্ৰন্থীৰ অইন এটা কাম হৈছে ইনচুলিন হৰমন ক্ষৰণ কৰা যি ইনচুলিনে শৰীৰৰ শৰ্কৰাভাগক শক্তিলৈ ৰূপান্তৰ কৰে। আৰু যেতিয়াই পেনক্ৰিয়াছ আৰু লিভাৰ গ্ৰন্থিয়ে ফুলি গৈ নিয়ন্ত্ৰিত কাম কৰিব নোৱাৰা হয় তেতিয়া তেজৰ শৰ্কৰাৰ পৰিমাণ হ্ৰাস হোৱা পৰিঘটনা *hypoglycemia সংঘটিত হব। আকৌ যেতিয়া পেনক্ৰিয়াছ একেবাৰে অকাৰ্য্যক্ষম হৈ পৰে তেতিয়া ইনচুলিন হৰমনৰ অভাৱ ঘটিব আৰু তেজত শৰ্কৰাৰ পৰিমান বেছি দেখাব যাক *hyperglycemia কোৱা হয়। এই পৰিঘটনাই হৈছে ডায়েবেটিচ।

লগতে নৈমিত্তিক মদ্যপান কৰিলে বদহজম, গেছৰ সমস্যা প্ৰথমে আৰম্ভ হয় আৰু লাহে লাহে খাদ্যনলীত ঘাঁ লগা ( gastric ulcer and duadenal ulcer ) , শৌচদাৰৰ অৰ্শ আৰু ভগণ্ডৰ ( piles and fistula) আদি হব যিয়ে ব্যক্তি বিশেষক যিকোনো সময়ত বিপদত পেলাব পাৰে।

 

Bad health impact of drinking wine

আৰু দৈনিক এলকহল সেৱন কৰিলে খাদ্য নলী আৰু এই পাচন তন্ত্ৰৰ লগত যোগাযোগ ৰক্ষাকাৰী অংগ প্ৰতঙ্গৰ কেঞ্চাৰ ৰোগ হোৱাৰ আশংকা বাঢ়ে । ডিঙিৰ কেঞ্চাৰ, যকৃত কেঞ্চাৰ, মুখমণ্ডলৰ কেঞ্চাৰ, কলন কেঞ্চাৰ আৰু পাকস্থলীৰ কেঞ্চাৰ এলকহল সেৱনকৰা লোকৰ মাজত প্ৰধান।

২) যকৃতৰ ওপৰত হব পৰা ক্ষতি :- লিভাৰ বা যকৃত হৈছে মানৱ দেহৰ এবিধ অতি দৰকাৰী অংগ যিয়ে দেহত জমা হৈ পৰা সকলো বিষাক্ত দ্ৰব্য আনকি এলকহলো নিষ্কাশন কৰে। কিন্তু দীৰ্ঘদিন এই এলকহল সেৱনৰ বাবে লিভাৰে এটা সময়ত এই এলকহল নিষ্কাশন কৰিব নোৱাৰা হৈ পৰে আৰু লিভাৰৰ কোষসমূহ নিজে নিজেই ফুলিবলৈ বাধ্য হয় যাক চিৰৰহসিচ লিভাৰ *cirrhosis liver বুলি কোৱা হয়। আৰু লিভাৰে দেহৰ বিষাক্ত দ্ৰব্য নিষ্কাশন কৰিব নোৱাৰা হৈ পৰে আৰু সেই বিষাক্ত দ্ৰব্য দেহত জমা হৈ থাকিবলৈ বাধ্য হয়।

 

Why should stop drinking wine

৩) কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ ওপৰত কুপ্রভাব :- এই তন্ত্ৰৰ ওপৰত এলকহলৰ কুপ্রভাব সহজতে বুজিব পাৰি। এজন লোকে যিদিনা অতি মাত্ৰা মদ্যপান কৰে সিদিনা তেওঁৰ কোৱা কথাবোৰ থৰক বৰক *Slurred speech হয় খোজ থৰক বৰক হয়। এই কথাই এইটো প্ৰমাণ কৰে যে মদ্যপান কৰাৰ পাছত মগজু আৰু শৰীৰৰ অইন অংগৰ মাজত যোগাযোগ হ্ৰাস হয়। যাৰ ফলত ভুল শুদ্ধ বিবেচনা কৰিবলৈ টান হয় দেহৰ অংগ প্ৰতঙ্গৰ ভাৰসাম্যতা কমে। দীৰ্ঘদিন মদ্যপান কৰিলে খুব কম সময়ৰ বাবে কথা পাহৰা আৰু খুব বেছি সময়ৰ বাবে কথা পাহৰা * (short term memory loss আৰু long term memory loss) উভয় লক্ষণ দেখা দিয়ে ব্যক্তি বিশেষৰ গাত। আৰু অৱশেষত সম্পূৰ্ণ মগজু বিকল হব যাক W K syndrome বুলি কোৱা হয়।

 

Drinking alcohol is injurious to heart health

৪) ৰক্তপৰিবহন তন্ত্ৰৰ ওপৰত কুপ্রভাব :- অত্যাধিক মদ্যপান কৰিলে হৃদযন্ত্ৰ আৰু হাওঁফাওঁৰ ওপৰত ও কুপ্রভাব পেলাৱ পাৰে। উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ অনিমিয়া স্পন্দন, ষ্ট্ৰক, হৃদযন্ত্ৰ বিকল আদি মদ্যপান কৰা লোকৰ মাজত প্ৰধান।

ইয়াৰ উপৰিও অত্যাধিক মদ্যপান কৰিলে খোৱা খাদ্যৰ পোষক দ্ৰব্য সমূহ খাদ্য নলীয়ে শোষণ কৰিবলৈ অসমৰ্থ হয় যাৰ ফলত ৰক্তহীনতা, দেহৰ ওজন হ্ৰাস হোৱা আদি সমস্যা ৰ সৃষ্টি হব।

৫) যৌনশক্তি হ্ৰাস পায় :- অত্যাধিক মদ্যপান কৰিলে পুৰুষৰ যৌন শক্তি লোপ পাই যাক erectile dysfunction বুলি কোৱা হয়। মহিলাৰ অতিমাত্ৰা এলকহল সেৱনৰ ফলত অনিয়মীয়া মাহেকীয়া সমস্যা বা একেবাৰে মাহেকীয়া বন্ধ হৈ যোৱা আদি প্ৰধান। গৰ্ভৱতী অৱস্থাত মদ্যপান কৰিলে গৰ্ভপাত হোৱা সময়ৰ আগতে প্ৰসৱ হোৱা আদি সমস্যা হয়।

৬) অস্থিৰ আৰু মাংসপেশীৰ সমস্যা :- হাড়ৰ দুৰ্বলতা, মাংসপেশীৰ দুৰ্বলতা আৰু ক্ষিণাই যোৱাৰ ফলত সহজতে হাড় ভগা আদি নানান সমস্যা সৃষ্টি হয়।

৭) ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে ।

৮) উত্তেজনা বৃদ্ধি হয় আৰু সামাজিক জীৱন বিনষ্ট কৰে।

১০) মুখ আৰু দাঁতৰ দূৰ্গন্ধ ওলোৱাৰ উপৰিও দাঁত দুর্বল হৈ পৰি টান খাদ্য চোৱাই দিলে দাঁত টুকুৰা টুকুৰকৈ ভাঙি যোৱা সমস্যাৰ সৃষ্টি হয়।

১১) এলকহলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰা :- যিসকল লোকে প্ৰতিদিনে অত্যাধিক মদ্যপান কৰে কিছুদিনৰ পিছত তেওঁ মানসিক আৰু আবেগিক ভাবে এলকহলৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। আৰু যদিহে কিছু বাধা হওক আৰ্থিক কাৰণতে হওঁক এই দ্ৰব্য সেৱন কৰাৰ পৰা বিৰত থাকে তেওঁৰ শৰীৰত উদ্ভৱ হয় নানান সমস্যাৰ যাক alcohol withdrawl syndrome কোৱা হয়। সমস্যা সমূহ যেনে :- ভয় লগা, ভাগৰি পৰা, বমি ভাব হোৱা, মৃগী ৰোগৰ দৰেে আচৰন কৰা  আদি।

 

সেয়েহে মদ্যপান ভালনে বেয়া আপোনাৰ বিবেচনা ৰ বিষয় বস্তু, কিন্তু এয়া নিশ্চিত যে মদ্যপান কেতিয়াও হিতকৰ নহয়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *