ক’লা নিমখ কিয় উপকাৰী ?? মানব দেহত কি উপকাৰ সাধে এই প্ৰাকৃতিক নিমখে ??
নিমখ নামৰ খনিজ লৱন বিধ মানব দেহত অতিকৈ প্ৰয়োজন কিন্তু অতি কম মাত্ৰাত। এজন লোকৰ বাবে দৈনিক মাত্ৰ ৫ গ্ৰাম নিমখ ৰ প্ৰয়োজন আৰু তেতিয়া দেহে প্ৰায় ২ গ্ৰাম চদিয়াম আয়ন লাভ কৰিব।
এই নিমখ মানব দেহৰ বহু বিপাকীয় কাৰ্যত ব্যৱহাৰ হয়। কিন্তু এজন লোকে যদিহে বহুদিন ধৰি নিমখ নোখোৱাকৈ থাকে তেওৰ বমি হোৱা নিশ্চিত। সেয়ে চিকিৎসকে নিমখ কমাই খাবলৈ পৰামৰ্শ দিলে নিমখ খোৱা বন্ধ কৰিব নোৱাৰে, মাত্ৰ কমাই হে খাব লাগে। অৰ্থাৎ নিমখ দেহৰ জৈৱিক প্ৰক্ৰিয়া সমুহৰ বাবে অতিশয় প্ৰয়োজনীয় দ্ৰব্য। আয়ুৰ্বেদ শাস্ত্ৰত এই নিমখৰ বহু গুৰুত্ব আছে। এই নিমখত প্ৰায় ৮০ বিধৰোঁ অধিক খনিজ লৱন আছে বুলি আয়ুৰ্বেদ শাস্ত্ৰ সমূহত উল্লেখ আছে আৰু বহু কেইবিধ ঔষধ প্ৰস্তুত কৰিবলৈ এই লৱন যুগ যুগ ধৰি ব্যৱহাৰ কৰা হৈ আহিছে ।
গলগণ্ড ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ বজাৰত যেতিয়াৰ পৰা আয়দিন যুক্ত নিমখৰ প্ৰচলন হৈছে তেতিয়াৰ পৰা এই ক’লা নিমখৰ প্ৰচলন নাইকিয়া হৈ পৰিছে। কিন্তু স্বাস্থ্য সচেতন লোকে তাৰ মাজতো এই কলা নিমখৰ ব্যৱহাৰ কৰা দেখা যায়। কিয়নো আইদিন যুক্ত নিমখ ব্যৱহাৰৰ লগতে যদিহে মাজে প্ৰায়ে এই নিমখো ব্যৱহাৰ কৰে তেন্তে স্বাস্থ্যৰ যথেষ্ট উপকাৰ পোৱা যায়।
ক’লা নিমখ ঘাইকৈ হিমালয়ত পোৱা যায়। ইয়াৰ গোন্ধ, ৰঙ আৰু সোৱাদ সাধাৰণ নিমখতকৈ পৃথক। এই নিমখ বজাৰত সহজতে উপলব্ধ। বিভিন্ন ব্যঞ্জন সুস্বাদু কৰিবলৈ এই নিমখ বহু ৰেষ্টুৰেণ্ট আদিত বহুলভাৱে ব্যৱহৃত। অকল সোৱাদৰ বাবেই নহয় বহু ৰোগৰ পৰা বাচি থাকিব পাৰি উচিত মাত্ৰাত ব্যৱহাৰ কৰিলে।
১) শৰীৰৰ চৰ্বী বিনাশ কৰে এই ক’লা নিমখে :- দেহৰ অতিৰিক্ত মেদবহুলতা কমাবলৈ এই নিমখৰ ০.৫ গ্ৰাম এগিলাচ গৰম পানীত মিহলাই দৈনিক সেৱন কৰিলে কিছু দিনৰ ভিতৰতে সুফল পোৱা যায়।
২) পাচন ক্ৰিয়া ভালে ৰাখিবলৈ এই নিমখ উপকাৰী। এই নিমখে পাকস্থলীৰ হাইদ্ৰক্লৰিক এচিড আৰু প্ৰটিন বিশ্লেষি উৎসেচক সমূহক সক্ৰিয় কৰে। ফলত খোৱা প্ৰটিনৰ ভালদৰে আৰু কম সময়তে বিপাক হয়। ফলত গেছ, কোষ্ঠ্য কাঠিন্য, বদহজম আদিৰ পৰা পৰিত্ৰাণ হয়।
৩) দেহক অত্যাধিক চডিয়ামৰ কুপ্রভাবৰ পৰা ৰক্ষা কৰে। সাধাৰণ নিমখৰ পৰিবৰ্তে এই নিমখ মাজে প্ৰায়ে খালে বা ৰন্ধনত ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰত চডিয়ামৰ লোড বেছি নহয়।
কিয়নো এই নিমখত চডিয়ামৰ মাত্ৰা কম সেয়ে হৃদযন্ত্ৰৰ লোড কমে আৰু দেহৰ কলেষ্টেৰল বিয়োজন কৰাৰ প্ৰৱণতা আছে এই নিমখৰ।
৪) চৰ্দি কাঁহৰ বাবে উপিকাৰী :- এই নিমখ গৰম পানীত মিহলাই ভাপ ললে চৰ্দি কাহ বহুখিনি উপশম হয়। গৰম পানীত হালধি আৰু এই নিমখ মিহলাই দুবাৰকৈ খালে চৰ্দি জ্বৰ উপশম হয়।
৫) গাঁঠিৰ বিষ উপশম হয় এই নিমখ খালে। আহাৰ গ্ৰহণ কৰাৰ পিছত ক’লা নিমখ এচিকুট ( যাতে পানীখিনি সামান্যহে নিমখ নিমখ লাগে) এগিলাচ গৰম পানীৰ সৈতে মিহলাই খালে গাঁঠিৰ বিষ নিয়ন্ত্ৰণ হয়।
৬) মূৰৰ উফি নাশ কৰিবলৈ এই নিমখ উপযোগী:- বিলাহীৰ ৰস প্ৰয়োজন অনুসৰি চেপি লৈ এই নিমখ ১ গ্ৰাম মিহলাই চুলিত ঘঁহি আধা ঘণ্টাৰ পিছত মূৰ ধুই দিলে উফিৰ সমস্যা দূৰ হয়। মাত্ৰ এই কাম সপ্তাহত দুবাৰকৈ কৰিব লাগে।
লগতে কলা নিমখ মিহলোৱা পানী সেৱন কৰিলে চুলি ঘন আৰু চুলি সৰা সমস্যা বাৰুকৈয়ে দূৰ হব। মাত্ৰ এগিলাচ পানীত ইমান খিনি নিমখ দিব যিখিনি দিলে পানীখিনি সামান্যহে নিমখ নিমখ লাগে।
৭) ক’লা নিমখ মাজে মাজে সেৱন কৰিলে দেহৰ ছাল ধুনীয়া হয় আৰু বহু ছালৰ ৰোগ দূৰৈত থাকে। কিয়নো এই নিমখত নিহিত থাকে ছালফাৰ, জিংক আদিৰ দৰে খনিজ লৱন যিয়ে শুকান আৰু ক্ষয় হোৱা ছালৰ কোষবোৰৰ ক্ষতিপূৰণ কৰিব।
৮) হাড়ৰ গঠন মজবুত কৰি ৰাখিব এই লৱন সেৱনে :- এই নিমখত থকা ছালফাৰ, জিংক মেনগানিছ, কেলচিয়াম আদিয়ে হাড় আৰু মাংসপেশীক পৰিপুষ্টি প্ৰদান কৰি ৰাখিব পাৰে।
৯) চকুৰ দৃষ্টিশক্তিৰ বাবে এই নিমখ লাভজনক:- বয়সৰ লগত ক্ৰমে দুৰ্বল হৈ পৰা দৃষ্টি শক্তি ধৰি ৰাখিবলৈ এই নিমখ বৰ উপকাৰী।