মানসিক অৱসাদ দূৰ কৰক পাছ মিনিটত এই উপায়েৰে !!

মানসিক অৱসাদ দূৰ কৰক পাছ মিনিটত এই সহজ উপায়েৰে – JAPANESE TECHNIQUE

দৈনন্দিন জীৱনত সকলোৱে মানসিক অশান্তি, মানসিক অৱসাদত ভুগিব লগীয়া হয়। কামৰ বোজা, কাৰ্যালয়ত কামৰ হেঁচা, পাৰিবাৰিক অশান্তি, প্ৰেমৰ সংঘাত আদি নানান ধৰণৰ সমস্যাই এৰা নিদিয়া এই পৃথিৱীত মানসিক অশান্তিয়ে মানুহক জুৰুলা কৰি আহিছে।

JAPANESE TECHNIQUE TO AVOID STRESSEXCELLANT JAPANESE TECHNIQUE TO AVOID MENTAL STRESS

  আৰু এই অৱসাদ বা অশান্তিৰ ফলত মগজুৰ হিতাহিত জ্ঞান শূন্য হৈ পৰাৰ ফলত মানুহে অনাৱশ্যক ভাবে কৰি পেলাই জঘন্য কাণ্ড। কিছুমানৰ টোপনি নাহে, পেটৰ ভোক কমি যায়, কামত মন নৱহে, সকলো সময়তে খং উঠি থাকে। এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ খাব লগীয়া হয় টোপনিৰ দৰৱ।

  কিন্তু এই অৱসাদ খুব সহজতে দূৰ কৰিবলৈ জাপানী লোক সকলে অৱলম্বন কৰে এক সহজ পন্থা। এই উপায় লুকাই আছে মানুহ এজনৰ হাতৰ তলুৱা আৰু আঙুলিত।

  জাপানীচ সকলৰ বিশ্বাস অনুসৰি এখন হাতৰ পাঁচ আঙুলিৰ প্ৰত্যেক আঙুলিয়ে এক বিশেষ বিশেষ অনুভৱ, অনুভূতি, আচৰণ আৰু ভংগী বহন কৰে। আৰু এই আঙুলিয়ে বহন কৰে এক বিশেষ বিশেষ শক্তি।

 

TRICKS AND TIPS TO AVOID MENTAL STRESS

বুঢ়া আঙুলিত শোক আৰু মানসিক সংকীৰ্ণতা আৰু ভয় দূৰ কৰাৰ শক্তি থাকে।

গৰ্জনী আঙুলিয়ে ভয় দূৰ কৰাৰ শক্তি বহন কৰে।

মধ্যমা আঙুলিয়ে খং নিয়ন্ত্ৰণ কৰি সহণশীলতা ৰক্ষা কৰাৰ শক্তি ৰাখে।

অনামিকা আঙুলিত মানসিক চাপ আৰু দুখ দূৰ কৰাৰ শক্তি থাকে। লগতে আত্মবিশ্বাস বৃদ্ধিৰ শক্তি থাকে এই আঙুলিত।

কনিষ্ঠ/কেৱা আঙুলিয়ে বেদনা, মানসিক উন্মাদনা বাধা দিয়াৰ শক্তি ৰাখে। এই আঙুলিয়ে আত্মসন্মান ধৰি ৰাখে।

   এই তত্বৰ পৰা উদ্ভাবন হোৱা পদ্ধতি মৰ্মে যেতিয়াই মানসিক অৱস্থা নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেতিয়াই এই আঙুলি কেইটাক ব্যৱহাৰ কৰি স্থিতাবস্থালৈ ঘূৰি আহি আহিব পাৰি বুলি জাপানীচ সকলে বিশ্বাস কৰে আৰু যুগ যুগ ধৰি এই পদ্ধতি অবলম্বন কৰি আহিছে।

এই পদ্ধতিত দেহৰ জীৱন শক্তিৰ বিকেন্দ্ৰিকৰণ কৰি মানসিক স্থিতাবস্থা অটুট ৰাখিবলৈ এখন হাতৰ প্ৰত্যেক এটি আঙুলিক আন খন হাতৰ প্ৰত্যেকটি আঙুলিৰে জোৰকৈ প্ৰায় এক দুই মিনিট মুঠি মাৰি ধৰি ৰাখিব লাগে ।

 

JAPANESE TIPS TO AVOID MENTAL STRESS

SOLE PINCHING BY THUMB TO AVOID STRESS ,A JAPANESE TECHNIQUE

 এই সময়ত হাতৰ মুঠিত নাড়ী স্পন্দন অনুভৱ হব। তাৰ পিছত এখন হাতৰ তলুৱাৰ কেন্দ্ৰবিন্দুত আনখন হাতৰ বুঢ়া আঙুলিৰে এক মিনিট জোৰকৈ হেঁচি ধৰক।  এনেদৰে দুয়োখন হাতৰ তলুৱাত এনে কাৰ্য কৰক।

JAPANESE TECHNIQUE TO AVOID MENTAL STRESS WITHOUT MEDICINE

শেষত বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মূৰ দুটা চেপি ধৰক এক মিনিটৰ বাবে। এই কামো দুয়োখন হাততে কৰক।

ওপৰৰ কাৰ্যই মানসিক চাপৰ বোজা (stress), ঋণাত্মক চিন্তা আৰু ভাৱধাৰা হ্ৰাস কৰি মনলৈ শান্তি আনিব। আৰু লগে লগে নতুন কামত মনোনিবেশ কৰিবলৈ দেহ মন সজিব হৈ পৰিব।

ইয়াৰ উপৰিও এই মানসিক অৱসাদ দূৰ কৰিবলৈ আৰু বহু উপায় আছে যেনে শাৰীৰিক ব্যায়াম কৰা, যোগ প্ৰণায়ম, বন্ধুৰ সৈতে সময় কটোৱা, ধ্যান কৰা, ধুনীয়া গীত শুনা আদি। কিন্তু এই জাপানীচ পৰামৰ্শ ও মানসিক চাপ কমাবলৈ এটি অতি উত্তম উপায়।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *