ঘৰৰ দাগ লাগি লেতেৰা দেখা প্লাস্টিকৰ বাল্টি মগ এনেদৰে চকচকীয়া কৰক :-
গৃহিনী সকলে এনে সমস্যাৰ সন্মুখীন নিশ্চিত ভাবে হৈছে যে প্লাষ্টিকৰ বাল্টি টো ভালে আছে বা ব্যৱহাৰৰ উপযোগী হৈ আছে কিন্তু ইয়াৰ বাহিৰ ভাগত ইমানেই বেয়াকৈ দাগ পৰিছে যে মানুহে দেখিলে অলপ লাজ অনুভৱ হয়।
বহু বাৰ ইয়াক বিভিন্ন দিটাৰজেন্ট ঘঁহি মাজি ধুই এই দাগ নাইকিয়া কৰিব পৰা নাই অৰ্থত বাল্টিটো পৰিষ্কাৰ দেখা কৰি লব পৰা নাই। এই সমস্যাৰ বাবে আপুনি এই সহজ আৰু অতি সাধাৰণ দিহা অৱলম্বন কৰি বাল্টিটো চক চকীয়া হোৱাকৈ পৰিষ্কাৰ কৰি লব পাৰিব।
ইয়াৰ বাবে আপোনাক প্ৰয়োজন হ’ব এটি মিশ্ৰণ। এই মিশ্ৰণটো আপুনি ঘৰতে তৈয়াৰ কৰি লব পাৰিব।
1) এটা বাটিত লওক দুই চামুচ চাৰ্ফ, দুচামুচ লৱন, আধা চামুচ দাত ঘহা টুথপেস্ট। টুথপেস্ট যিকোনো কোম্পানীৰ হলেও হ’ব ।
এতিয়া এই মিশ্ৰণটোত অকণমান পানী দি চামুচ খনেৰে বা হাতৰ আঙুলিৰে ভালদৰে মিহলাই এটা পেষ্ট বনাই লওক।
নাইবা,
2) বেকিং চদা আধা কাপ আৰু সম পৰিমাণৰ ভিনেগাৰৰ এটা মিশ্ৰণ তৈয়াৰ কৰি লওক।
ইয়াৰ পিছত আপোনাৰ ঘৰত থকা সেই কলা দাগ বা লেতেৰা দাগ পৰা প্লাষ্টিকৰ বাল্টি বা মগ যি আছে আৰু যিটোক চাফা কৰিম বুলি ভাবিছে সেইটো এখন বাচন মজা ষ্টীলৰ সেই ব্ৰাছ দালেৰে এফালৰ পৰা সহজে ঘঁহি যাব ।
আৰু জানক ?
ক্লিক কৰক??
বাল্টিটোৰ ভিতৰৰ ভাগটো যদি লেতেৰা জমিছে ভিতৰৰ ভাগ ও একেদৰে ঘঁহি দিয়ক। তাৰ পিছত এই বাল্টিটো চাৰি পাছ মিনিট তেনেদৰে এৰি দি পিছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই দিয়ক দেখিব বাল্টিটোত কোনো ধৰণৰ দাগ বা লেতেৰা নাথাকিব আৰু ই চক চকীয়া হৈ পৰিব।