মধুৰীআম আৰু আপেল কোনবিধ বেছি স্বাস্থ্য উপকাৰী ??
মধুৰীআম আৰু আপেল দুয়োবিধ স্বাস্থ্যসন্মত ফল । কিন্তু আপেলৰ তুলনাত মধুৰীআমত বহুতেই বেছিকৈ প্ৰটিন, কাৰ্বোহাইড্ৰেট, চৰ্বী থাকে।
তাৰোপৰি মধুৰীআমত বেছিকৈ খনিজ দ্ৰব্য আৰু ভিটামিন উপলদ্ধ। প্ৰবাদ আছে এক কেজি আপেলেহে এটি মধ্যবৰ্গৰ মধুৰীক ফেৰ মাৰিব পাৰে। তুলনা মূলক ভাবে কোনবিধ ফল বেছি স্বাস্থ্যহিতকৰ তাক বুজিবলৈ প্ৰথমতে জানিব লাগিব এই ফল দুয়োবিধত অন্তৰ্নিহিত পোষক দ্ৰব্যসমূহৰ বিষয়ে।
মধুৰীআম :-
বৰ্ষা কালত পোৱা ফল সমূহৰ এবিধ উত্তম ফল হৈছে মধুৰীআম। ১০০ গ্ৰাম এই ফলত পোৱা যাব
কেলৰি :- ৫১
ফাইবাৰ :- ৩ গ্ৰাম।
ভিটামিন C :- ১২০ মি. গ্ৰাম।
প্ৰটিন :- ১ গ্ৰাম।
কলেষ্টৰল :- ০.০ গ্ৰাম।
চেনী :- ৫ গ্ৰাম।
চডিয়াম :- ১ মি. গ্ৰাম।
ইয়াৰ উপৰিও ভিটামিন A, ভিটামিন B3, B6, E, K, জিংক, কেলচিয়াম, আইৰন, মেগনেচিয়াম, ফচফৰাচ, পটাছিয়াম, কপাৰ, চেলেনিয়াম, মেংগেনিজ, যথেষ্ট পৰিমানৰ লাইকোপেন নামৰ এন্টী অক্সিডেণ্ট, ফলেট, কলিন, আৰু পানী থাকে।
স্বাস্থ্য উপকাৰ সমূহ :-
১) তেজৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰে। বেছিকৈ ফাইবাৰ, কম চৰ্বী থাকে বাবেই মধুৰীআম মধুমেহ ৰোগীৰ বাবে লাভজনক।
২) হৃদযন্ত্ৰৰ বাবে উপকাৰী এই মধুৰীআম।
কিয়নো ইয়াত পোৱা ফাইবাৰ সমূহে তেজৰ বেয়া কলেষ্টৰল সমূহ ৰোধ কৰে ফলত ৰক্তচাপ নিয়ন্ত্ৰণ হব আৰু কৰ’ণাৰী হৃদৰোগ প্ৰতিৰোধ হ’ব।
৩) মহিলাৰ মাহেকীয়া সময়ৰ পেটৰ বিষ নিয়ন্ত্ৰণ কৰে।
৪) পাচন ক্ৰিয়া সক্ৰিয় কৰে। কিয়নো এই মধুৰীআমৰ এন্টী মাইক্ৰবিয়েল গুণ আছে। কোষ্ঠ কাঠিন্য সমস্যা দুৰ হয় কিয়নো ই অহীয়া ফল।
৫) যথেষ্ট লাইক’পেন , এন্টী-অক্সিডেণ্ট থকা মধুৰীআমৰ কেঞ্চাৰ প্ৰতিৰোধ কৰিব পৰা গুণ আছে।
৬) ভিটামিন C, ভিটামিন A, এন্টী-অক্সিডেণ্ট আৰু খনিজ লৱন ভৰপূৰ হোৱা বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বেছি মধুৰীআমৰ।
৭) ভিটামিন A, ভিটামিন C , লাইক’পেন সমৃদ্ধিশালী এই মধুৰীআম। সেয়ে দেহৰ ছালৰ সৌন্দৰ্য্য বৰ্ধন কৰে, মুখৰ খালমইনা ৰোধ কৰে মধুৰীআমত পোৱা পোষক দ্ৰব্যই।
৮) গৰ্ভৱতী মাতৃৰ বাবে মধুৰীআম উপকাৰী। ইয়াৰ পোষক দ্ৰব্য ফলেট এ গৰ্ভৱস্থাত শিশুৰ হ’ব খোজা বিজুটিক ৰোধ কৰিব পাৰে।
৯) ভিটামিন B3, B6 সমৃদ্ধ এই মধুৰী খালে নিউৰ’ডিজেনেৰেচন ( স্নায়ু ক্ষয় ) ৰোধ হয়। সেয়ে মগজুৰ ডিমেনচিয়া, কগ’ণিটিভ ৰোগ প্ৰতিৰোধ হয়।
সেয়েহে বতৰত বাৰীতে পোৱা মধুৰী আম পচি সৰি গলে কি লাভ নাপাব বৰং খালে হব উপকাৰ।
কিন্তু খালি পেটত মধুৰীআম খালে গেছৰ সমস্যা আৰু হজমৰ সমস্যাৰ সন্মুখীন হব পাৰে।
আগলৈ আপেলৰ বিষয়ে ….