পিয়াজ কিয় নাখাব কিয় খাব ??

পিয়াজ কিয় নাখাব কিয় খাব ??

 

  পিয়াজ সকলোৰে ঘৰে ঘৰে পাচলি হিচাপে, চালাড হিচাপে বা চানাৰ লগত কেঁচাই খোৱা  নাইবা দুফাল কৰি ঘৰৰ চুকত থৈ দিয়া আদি যুগে যুগে প্ৰচলিত। কিয়নো এই পিয়াঁজৰ আছে বহুত স্বাস্থ্য গুণ । কিন্তু পিয়াঁজৰ সামান্যহে আছে স্বাস্থ্যৰ ওপৰত কুপ্ৰভাব।

স্বাস্থ্য উপকাৰ সমূহ :-

  ১) ‘এলিয়াম’ আৰু ‘এলাইল দাইছালফাইট’ নামৰ প্ৰাকৃতিক উপাদান থকা হেতুকে পিয়াজে বিভিন্ন প্ৰকাৰৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰে, ডায়েবেটিচ নিয়ন্ত্ৰণ কৰাৰ উপৰিও ডায়েবেটিচ ৰোগীৰ ভৰিত হব পৰা বিজানু সংক্ৰমণ প্ৰতিৰোধ কৰে।

 

  ২)ইনুলিন’ নামৰ প্ৰাকৃতিক দ্ৰব্য বিধ থকা হেতুকে পিয়াজ খালে পাচন ক্ৰিয়া সক্ৰিয় হৈ থাকে। লগতে এই ইনুলিন খাদ্য নলীত থকা জৈৱ বেক্টেৰিয়াৰ বাবে উপকাৰী। পিয়াঁজৰ ‘ঠাইওছালফিনাট’ নামৰ দ্ৰব্য বিধ এন্টী-বেক্টেৰিয়া গুণ সমৃদ্ধ।

 

 ৩) পিয়াঁজত থকা প্ৰাকৃতিক ‘অলিগুফ্ৰুক্টোছ’  নামৰ উপাদান এ গ্ৰহণী ৰোগ নিৰাময় কৰিব পাৰে।

 ৪) পিয়াঁজৰ ফাইটোকেমিকেল সমূহে গেষ্ট্ৰিক আলছাৰ নিৰ্মূল কৰিব আৰু আৰু পেটৰ বিষ কমাব পাৰে।

 

 ৫) হাড়ৰ গঠন মজবুত হবলৈ পিয়াজ উপকাৰী। পিয়াঁজত প্ৰাকৃতিক ভাবে থকা ‘GPCS’ নামৰ ৰাসয়নিক দ্ৰব্য বিধে হাড়ৰ অষ্টিওপৰছিছ ৰোধ কৰিব পাৰে ।

 

 ৬) আৰথ্ৰাইটিছ ৰোগীৰ বাবে পিয়াজ উপকাৰী। পিয়াঁজৰ সক্ৰিয় উপাদান সমূহে প্ৰস্তাগ্লেণ্ডিন, লিওকেত্ৰিন আৰু হিষ্টামিন আদিক ৰুদ্ধ কৰি আৰথ্ৰাইটিছ ৰ বিষ কমাই

 

 ৭) পিয়াঁজত  প্ৰাকৃতিক ভাবে অন্তৰ্নিহিত হৈ থকা ‘কুৱেৰছেটিন’ আৰু ‘ফ্লেভূনৈদ’ সমূহে এলাৰ্জি ৰোধ কৰে । চৰ্দি, হাঁপানী, একজমা আদি প্ৰতিৰোধ হয় পিয়াজ খালে। পিয়াজত থকা ‘ছালফাইদ’ মিশ্ৰনে কফ নিষ্কাষণত সহায়ক ।

 

 ৮) দাঁতৰ বাবে পিয়াজ ভাল। দাঁতৰ সংক্ৰমণ হব পৰা বেক্টেৰিয়া ‘স্ত্ৰীপ্তককাছ মেওটান’ আৰু ‘স্ত্ৰীপ্তককাছ চবঋণাচ’ ক প্ৰতিৰোধ কৰে।

 

   ৯) এন্টী- বাইটিক গুণ সমৃদ্ধিশালী বাবে পিয়াজ খালে ঘাঁ সোনকালে শুকাই।

 

  ১০) পিয়াঁজত থকা ‘চেলেনীয়াম’ আৰু মিনাৰেল সমূহে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

 

  ১১) পিয়াঁজৰ চাহ খালে সাধাৰণ চৰ্দি কাহ নিৰ্মূল হয়। ইয়াৰ বাবে এটা পিয়াজ বাকলাই সৰুকৈ কাতক আৰু একাপ পানীত উটলাই গৰমে গৰমে খাই দিয়ক।

 

পিয়াঁজৰ অপকাৰ :-

১) কিছুমান লোকৰ মাইগ্ৰেইনৰ বিষ সোনকালে অহা দেখা যায় পিয়াজ খালে।

২) শৌচদ্বাৰেৰে বেছিকৈ গেছ বাহিৰ হোৱা পৰিলক্ষিত হয় কিছুমান লোকে পিয়াজ খালে।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *