শেৱালি ফুল খাই নেকি ?? কিন্তু কেনেকৈ খাই ??

শেৱালি ফুল খাব কিন্তু কেনেকৈ  ?

শেৱালি ফুলৰ বৈজ্ঞানীক নাম হ’ল Jasminum sanbac শেৱালি ফুলত থকা ঘাই উপাদান সমূহ হ’ল -কৌমাৰিণচ, কাৰদিয়েক গ্লাইকচাইড, জৈৱ তেল, ফ্লেভোনইদ, ফেনোলিদচ, চেকনিকচ আৰু ষ্টেৰইদচ থাকে। শেৱালি ফুলত বহুতো ঔষধী গুণ সৰ্বজন বিধিত। শেৱালিৰ পাত, ফুল আৰু গছৰ বাকলি উত্তম দেহৰ ৰোগ প্ৰতিৰোধক।

 

 

১) ৬ – ৭ টা শেৱালি ফুল পিছিলৈ আধা কাপ পানীত উতলাব যাতে আধা কাপ পানী উতলি উতলি আৰু আধা হৈ যায় তাৰ পিছত ঠাণ্ডা হলে ৰাতিপুৱা খালী পেটত প্ৰতিদিনে খালে গাঁঠিৰ বিষ নিৰ্মূল হব ।

                                                       

(২) শেৱালি ফুলৰ কেচাপাত যদিহে আপুনি চাহ বনাই খাই সাধাৰণ চৰ্দি কাঁহৰ পৰা নিশ্চয় উপশম পাব।সাধাৰণ পানী জ্বৰ হলেও কেচা শেৱালি ফুলৰ পাতৰ চাহ লাভদায়ক।

 

৩) পাইলছ ৰোগৰ বাবে শেৱালিৰ গুটি বৰ লাভজনক। শেৱালি ফুলৰ গুটিৰ পেষ্ট বনাই যদি গুহ্য দাৰৰ পাইলছত সদায় লগাই উপকাৰ পাব।

 

৪) শেৱালি ফুল অথবা শেৱালিৰ পাত পিচি যদিহে মুখত লেপ লগাই আপোনাৰ মুখত ওলোৱা গুটিবোৰ লাহে লাহে নাইকিয়া হৈ যাব আৰু মুখখন দেখিৱলৈ উজ্জ্বল হব।

 

৫) যদিহে আপুনি দৈনিক ১০-১৫ তা শেৱালি ফুলৰ ৰস প্ৰতিদিনে খাই নিশ্চয়কৈ আপোনাৰ হৃদৰোগৰ সম্ভৱনা কমিব।

৬) শেৱালি গছৰ বাকলি শুকাই গুৰি কৰি প্ৰতিদিনে পাণৰ লগত খালে হাপানী ৰোগ নির্মূল হয় ।

 

৭) পেটৰ পেলুৰ অত্যাধিক বৃদ্ধিক ৰোধ কৰিব পাৰে শেৱালি ফুল সেৱনে।

 

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *