পানীলাও কিয় খাব লাগে // Dr. Azimuddin Ahmed

পানীলাও কিয় খাব লাগে:-

এবিধ উত্তম পাচলি পানীলাও। ইয়াক যদিহে আমি চুপাৰ ফুডৰ তালিকাত নাৰাখো ভুল কৰা হব।
পানীলাওত আমাৰ দেহত প্ৰয়োজন হোৱা প্ৰচুৰ পৰিমাণৰ ভিটামিন C, ভিটামিন B আৰু ভিটামিন D লগতে প্ৰচুৰ মাত্ৰাত খনিজ লৱন চদিয়াম, ফলেট, মেগনেচিয়াম, পটাচিয়াম, ফচফৰাছ আৰু কেলচিয়াম থাকে। আৰু এই উপাদান সমুহে দেহত বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায়ক হয়। তলত পানীলাও ৰ গুনাগুন সমুহ বৰ্ণনা কৰা হৈছে:-

 ১) লাউত থাকে প্ৰচুৰ পৰিমাণে অহিয়া ফাইবাৰ আৰু পানী  থাকে যাৰ ফলত কোষ্ঠ কাঠিন্য, বদ হজম, পেটফুলা আদি পেটৰ সমস্যা দুৰ হয়।

২) লাউত ফাইবাৰ থাকে বাবে দেহৰ মেদবহুলতা কমে।

৩) লাউত এবিধ নিউৰো-ট্ৰেন্সমিতাৰ থাকে যিয়ে আপোনাৰ মানসিক অৱসাদ দূৰ কিৰিব পাৰে আৰু মগজুৰ কাৰ্যাসমতা বৃদ্ধি কৰিব পাৰে।

৪) শৰীৰত পানীৰ অভাৱ দুৰ কৰে ।

৫) ৰক্তচাপ নিয়ন্ত্ৰণ আৰু হৃদক্ৰিয়া স্বাভাৱিক ৰক্ষাত সহায়ক লাউ।

৬) অনিদ্ৰা দূৰ কৰাত লাউ সাহায়ক হয়।

৭) শৰীৰ ঠাণ্ডা ৰখাৰ উপৰিও ঘাঁ-ফোৰ আদি দুৰ কৰে।

৮) পেচাবৰ বেক্টেৰিয়াৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে।

৯) দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়।

১০) দেহৰ চাল সজীৱ কৰি ৰাখে।

লাউ অকল পাচলি হিচাপে ই নহয় লাউৰ ৰস (juise) নেমু আৰু নিমখ মিহলায় খাব পাৰে।

যদিহে আপুনি আমাৰ ৰিপোৰ্ট ভাল পাইছে তেনেহলে এই বাৰ্তা ফেচবুক আৰু হোৱাতএপট এই বাৰ্তা বিলাই দিবলৈ নাহৰিব।

Share it with:

Leave a Reply

Your email address will not be published. Required fields are marked *