* দৰং জিলাৰ ঐতিহাসিক খটৰা সত্ৰত আজি উদযাপন কৰা হয় নন্দোৎসৱ।
৪৫০ বছৰ আগৰে পৰা পৰম্পৰাগত ভাবে কৃষ্ণ জন্মাষ্টমীৰ পিছদিনা উদযাপন কৰা হয় এই উৎসৱ । নিয়ম অনুসৰি সত্ৰৰ বোকাত কীৰ্তন পাঠ কৰে ভকত সকলে ।
সত্ৰৰ সভাপতি যাদৱ চন্দ্ৰ মহন্তই জনোৱা মতে “ধৰ্মীয় বিশ্বাস অনুসৰি কীৰ্তন পাঠ কৰা সময়ত ভকত সকলে বোকা ৰ ফোট ললে ভিন্ন ধৰণৰ চৰ্মৰোগ নাশ হয় বুলি লৌকিক বিশ্বাস আছে । ”